হিপ'ক্ৰেটিছৰ শপত
From Wikipedia, the free encyclopedia
হিপ'ক্ৰেটিছৰ শপত (Hippocratic Oath) চিকিৎসকসকলে ঐতিহাসিকভাৱে গ্ৰহণ কৰা এটা শপত। বহুল পঠিত গ্ৰীক চিকিৎসা সংক্ৰান্তীয় পাঠ্যসমুহৰ ভিতৰত ই অন্যতম। মূল ৰূপ অনুসৰি নতুন চিকিৎসক এজনে কেইবাজনো দেৱতাৰ নাম লৈ শিষ্টাচাৰৰ নিৰ্দিষ্ট মান পালন কৰিবলৈ শপত লয়। ঐতিহাসিক আৰু পৰম্পৰাগত মূল্যলৈ চাই বহু দেশত শপতটোক চিকিৎসকসকলৰ প্ৰথম পদক্ষেপ হিচাপে গণ্য কৰা হয়। আজিকালি ইয়াৰ বিভিন্ন আধুনিক ৰূপো ব্যৱহাৰ কৰা হয়।
এই প্ৰবন্ধটো ৱিকিপিডিয়াৰ ৰচনাশৈলী অনুসৰি ৱিকিফাইড কৰাৰ প্ৰয়োজন আছে। অনুগ্ৰহ কৰি সম্পৰ্কীয় আন্তঃৱিকি সংযোগ অথবা প্ৰবন্ধৰ গঠনশৈলী পৰিবৰ্তন কৰি এই প্ৰবন্ধৰ বিকাশ কৰাত সহায় কৰক। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
এই প্ৰবন্ধত ৱিকিফাই কৰিব লগা সংক্ৰান্তিয় একো কাৰণ দিয়া হোৱা নাই।
|
পণ্ডিতসকলে বিশ্বাস কৰে যে পশ্চিমীয়া সংস্কৃতিত চিকিৎসা বিজ্ঞানৰ জনক বুলি কোৱা হিপ'ক্ৰেটিছ বা তেওঁৰ এজন শিষ্যই এই শপত লিখিছিল।[1] মূল শপতবাক্যটো পঞ্চম শতিকাৰ শেষৰফালে Ionic Greek ভাষাত লিখা হৈছিল।[2] ইয়াক সাধাৰণতে হিপ'ক্ৰেটিক সংগ্ৰহত অন্তৰ্ভুক্ত কৰা হয়।
দ্ৰুপদী পণ্ডিত লুড্ৱিগ এডেল্ষ্টেইনে এই মত আগবঢ়ায় যে এই শপত বাক্য পাইথাগ'ৰিয়ানসকলে লিখিছিল। পাইথাগ'ৰিয়ান চিকিৎসাৰ ধাৰাৰ অভাৱত এই মতবাদক লৈ প্ৰশ্ন উঠে।[3]