অসম বিধানসভা নিৰ্বাচন, ১৯৫৭ স্বাধীনোত্তৰ অসমৰ ২য় বিধানসভা নিৰ্বাচন। ২৫-২-১৯৫৭ তাৰিখে অসম বিধানসভাৰ ৯৪টা সমষ্টিৰ আটাইকেইটাতে মুঠ ১০৮জন বিধায়ক বাচনি কৰিবলৈ এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই ৯৪টা বিধানসভা সমষ্টিৰ ১৪টা আছিল দুজনীয়া সদস্যৰ সমষ্টি আৰু আনকেইটা আছিল এজনীয়া সদস্যৰ। ৫২.৩৫% ভোট অংশীদাৰিত্বৰে এই নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৭১জন সদস্য জয়ী হৈ আহি বিষ্ণু ৰাম মেধিৰ নেতৃত্বত চৰকাৰ গঠন কৰে। ১৯৫৭চনৰ ২৭ ডিচেম্বৰত মেধিয়ে মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ কৰে আৰু তেওঁৰ স্থলাভিষিক্ত হয় বিমলা প্ৰসাদ চলিহাই। ১২.৭৪% ভোট অংশীদাৰিত্বৰে ২য় স্থানত থাকে প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি। অৱশ্যে ভোটৰ শতাংশৰ দিশৰ পৰা ২য় স্থানত নিৰ্দলীয় সদস্যসকলহে আছিল। ১৯৫৭ চনৰ বিধানসভা নিৰ্বাচনত মাত্ৰ ৩টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত দলেহে অংশগ্ৰহণ কৰিছিল।[1]
ক্ষিপ্ৰ তথ্য দল ...
অসম বিধানসভা নিৰ্বাচন, ১৯৫৭
|
|
|
|
বন্ধ কৰক