১৯৭০ ভোজপুৰ বিদ্ৰোহ
From Wikipedia, the free encyclopedia
ভোজপুৰ বিদ্ৰোহ (ইংৰাজী: 1970 Bhojpur uprising) বুলিলে ১৯৭০ চনত বিহাৰৰ ভোজপুৰ জিলাৰ বহু কেইখন গাঁৱত সংঘটিত শ্ৰেণী সংঘাত সূচক সশস্ত্ৰ বিদ্ৰোহক বুজোৱা হয়। এই সংঘৰ্ষসমূহ ৰাজ্যখনৰ নক্সাল-মাওবাদী বিদ্ৰোহৰ অংশ আছিল, যি বিদ্ৰোহ মূলতঃ কৃষি শ্ৰমিক আৰু দৰিদ্ৰ কৃষকসকলে উচ্চবৰ্ণৰ মালিকৰ বিৰুদ্ধে সংগঠিত কৰিছিল। এই বিদ্ৰোহবোৰৰ এটা বৈশিষ্ট্য আছিল এইবোৰ গাঁৱৰ ভিতৰতে আৱদ্ধ হৈ আছিল আৰু সশস্ত্ৰ গোটসমূহৰ দ্বাৰা সময়ে সময়ে হোৱা সংঘৰ্ষৰ পৰা ভোজপুৰ জিলাৰ নখন চহৰত কোনো প্ৰভাৱ পৰা নাছিল। জিলাখনত আধুনিক উদ্যোগৰ অনুপস্থিতি, এই অদ্ভুত বৈশিষ্ট্যৰ এটা কাৰণ আছিল। জিলাখনৰ অৰ্থনীতি মূলতঃ কৃষিভিত্তিক আছিল, আৰু স্বাভাৱিকতে ইয়াত কোনো ঔদ্যোগিক সৰ্বহাৰা শ্ৰেণী নাছিল।
Bhojpur uprising | |||||
---|---|---|---|---|---|
Naxalite-Maoist insurgencyৰ অংশ | |||||
|
|||||
যুজাৰু | |||||
Communist Party of India (Marxist–Leninist) Liberation | Government of Bihar Bhojpur landlords[2] |
||||
কমাণ্ডাৰ আৰু দলপতিসকল | |||||
Jagdish Mahto †[3] Rameswar Ahir. †[4] Ram Naresh Dusadh[5][6] Dr. Nirmal Mahato †[5] | |||||
জড়িত গোট | |||||
Bihar Police Force[7] Indian paramilitary units[8] Armed gangs of the landlords[9] |
আৰক্ষীৰ তথ্য অনুসৰি ভোজপুৰত নক্সালবাদী আন্দোলন, জিলাখনৰ ষোল্লটা ব্লকৰ ভিতৰত নটা ব্লকত বিয়পি পৰিছিল আৰু মুঠ ১৫০খন গাঁও সশস্ত্ৰ বিদ্ৰোহৰ দ্বাৰা প্ৰভাৱিত হৈছিল। ছাহাৰ ব্লকৰ সকলো দৰিদ্ৰ কৃষক সামন্তীয় ব্যৱস্থাৰ বিৰুদ্ধে সশস্ত্ৰ বিদ্ৰোহৰ অংশগ্ৰহণকাৰী বুলি বিশ্বাস কৰা হয়। লেখক অৰুণ সিনহাৰ মতে এই বিদ্ৰোহক "জাতিভিত্তিক অত্যাচাৰ"ৰ বিৰুদ্ধে হোৱা প্ৰতিক্ৰিয়া হিচাপে চিত্ৰিত কৰা হয়। বিদ্ৰোহৰ আঁৰৰ কাৰণবোৰ অৱশ্যে "জাতি চেতনা" নাছিল। [2][10]