ৰমেশবাবু প্ৰজ্ঞানন্দ
From Wikipedia, the free encyclopedia
ৰমেশবাবু প্ৰজ্ঞানন্দ (ইংৰাজী: Rameshbabu Praggnanandhaa; জন্ম: ১০ আগষ্ট ২০০৫) এজন ভাৰতীয় দবা গ্ৰেণ্ডমাষ্টাৰ। শিশু দবা মাষ্টাৰ ৰমেশবাবুয়ে ১০ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ খিতাপ অৰ্জন কৰিছিল, সেই সময়ত এই খিতাপ অৰ্জন কৰা আটাইতকৈ কম বয়সীয়া আৰু ১২ বছৰ বয়সত গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জন কৰি সেই সময়ৰ দ্বিতীয় কনিষ্ঠতম খেলুৱৈ হিচাপে পৰিগণিত হয় লগতে ২০২২ চনৰ ২২ ফেব্ৰুৱাৰীত ১৬ বছৰ বয়সত তেওঁ বৰ্তমানৰ বিশ্ব চেম্পিয়ন মেগনাছ কাৰ্লচেনক পৰাস্ত কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপেও পৰিগণিত হয়। তেওঁ এয়াৰথিংছ মাষ্টাৰছ ৰেপিড চেছ টুৰ্ণামেণ্টত কাৰ্লচেনক দ্ৰুত খেলত পৰাস্ত কৰে।[1][2]