![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/2/28/Rani_Mukerji_promoting_Hichki_in_2018_%2528cropped%2529.jpg/640px-Rani_Mukerji_promoting_Hichki_in_2018_%2528cropped%2529.jpg&w=640&q=50)
ৰাণী মুখাৰ্জী
From Wikipedia, the free encyclopedia
ৰাণী মুখাৰ্জী (ইংৰাজী: Rani Mukerji ; জন্ম ২১ মাৰ্চ ১৯৭৮) এগৰাকী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী। উচ্চ প্ৰশংসিত এইগৰাকী অভিনেত্ৰীয়ে সাতটা ফিল্মফেয়াৰ বঁটাকে ধৰি অসংখ্য বঁটা-বাহন লাভ কৰিছে। তেওঁ অভিনয় কৰা ভূমিকাবোৰক ভাৰতীয় চলচ্চিত্ৰত পূৰ্বে কৰা নাৰী চৰিত্ৰৰ চিত্ৰায়ণৰ এক গুৰুত্বপূৰ্ণ প্ৰস্থান হিচাপে প্ৰচাৰমাধ্যমত উল্লেখ কৰা হয়। মুখাৰ্জীয়ে একবিংশ শতিকাৰ প্ৰথমটো দশকৰ আটাইতকৈ জনপ্ৰিয় আৰু সৰ্বাধিক উপাৰ্জন কৰা অভিনেত্ৰীৰ তালিকাত স্থান পাইছে।[1][2]
ক্ষিপ্ৰ তথ্য ৰাণী মুখাৰ্জী, জন্ম ...
ৰাণী মুখাৰ্জী | |
---|---|
![]() হিচকিৰ প্ৰচাৰত ৰাণী মুখাৰ্জী (২০১৮) | |
জন্ম | ২১ মাৰ্চ, ১৯৭৮ (৪৫ বছৰ) কলকাতা, পশ্চিমবংগ, ভাৰত |
শিক্ষানুষ্ঠান | এচ.এন.ডি.টি. মহিলা বিশ্ববিদ্যালয় |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ১৯৯৬-বৰ্তমানলৈ |
দাম্পত্যসঙ্গী | আদিত্য চোপ্ৰা বি. ২০১৪ |
সন্তান | ১ |
আত্মীয়-স্বজন | মুখাৰ্জী-সমৰ্থ পৰিয়াল চাওক |
বঁটা, সন্মান, পুৰস্কাৰ আদি | ৰাণী মুখাৰ্জীয়ে লাভ কৰা বঁটা আৰু মনোনয়ন |
বন্ধ কৰক