ৰিচাৰ্ড ড'কিনছ্
From Wikipedia, the free encyclopedia
ৰিচাৰ্ড ড'কিনছ্ (ইংৰাজী: Richard Dawkins; জন্মতে ক্লিণ্টন ৰিচাৰ্ড ড'কিনছ্)[6] (জন্ম-২৬ মাৰ্চ ১৯৪১) হৈছে এগৰাকী ইংৰাজ প্ৰাণীবিজ্ঞানী, এথ'ল'জিষ্ট (প্ৰাণীৰ আচৰণ সম্পৰ্কে অধ্যয়ন কৰা প্ৰাণীবিজ্ঞানী), বিৱৰ্তনবাদৰ জীৱবিজ্ঞানী, আৰু লেখক। তেওঁ অক্সফ'ৰ্ড, নিউ কলেজৰ এমিৰেটাছ সভ্য। তদুপৰি ১৯৯৫ চনৰ পৰা ২০০৮ চনলৈ অক্সফ'ৰ্ড বিশ্ববিদ্যালয়ৰ "Professor for Public Understanding of Science"ৰ আসন শুৱনি কৰিছিল।
ৰিচাৰ্ড ড'কিনছ্ | |
---|---|
২০১০ চনৰ নিউ ইয়ৰ্ক চিটিৰ কুপাৰ ইউনিয়নত ৰিচাৰ্ড ড'কিনছ্ | |
জন্ম | ক্লিণ্টন ৰিচাৰ্ড ড'কিনছ্ ২৬ মাৰ্চ, ১৯৪১ (৮৩ বছৰ) নাইৰ'বি, কেনিয়া কলনী, ব্ৰিটিছ কেনিয়া |
নাগৰিকত্ব | যুক্তৰাজ্য |
কৰ্মস্থান | কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কেলী নিউ কলেজ, অক্সফ'ৰ্ড অক্সফ'ৰ্ড বিশ্ববিদ্যালয়, নিউ কলেজ অৱ হিউমেনেটিছ |
শিক্ষানুষ্ঠান | অক্সফ'ৰ্ড বিশ্ববিদ্যালয় (স্নাতকোত্তৰ, ডক্তৰেট) |
ডক্তৰেল পৰামৰ্শদাতা | নিকোলাছ টিনবাৰজেন |
ডক্তৰেল বিদ্যাৰ্থী |
|
জনা যায় |
|
প্ৰভাৱ | চাৰ্লছ ডাৰউইন, ডব্লিউ. ডি. হেমিল্টন, নিকোলাছ টিনবাৰজেন[3][4] |
প্ৰভাৱান্বিত কৰিছে | এণ্ড্ৰিউ এফ. ৰিড, [4] হেলেনা ক্ৰনিন, , [4] জন ক্ৰেবছ, বাৰ'ন ক্ৰেবছ, [4] ডেভিড হেইগ (জীৱবিজ্ঞানী) |
উল্লেখনীয় বঁটা |
|
দাম্পত্যসঙ্গী | মাৰিয়ান ড'কিনছ্ (বি. ১৯৬৭; বিচ্ছেদিত ১৯৮৪) ইভ বাৰহাম (m. 1984; div. 19??) লালা ৱাৰ্ড (m. 1992; sep. 2016) |
সতি-সন্ততি | ১ |
স্বাক্ষৰ |
১৯৭৬ চনত প্ৰকাশিত ছেলফিছ জিন শীৰ্ষক আলোড়নকাৰী গ্ৰন্থখনৰ জৰিয়তে তেওঁ বিশ্বজোৰা পৰিচিতি লাভ কৰে। এইখন কিতাপৰ জৰিয়তেই তেওঁ বিৱৰ্তনবাদৰ জিন-কেন্দ্ৰিক ধাৰণাটোৰ জনপ্ৰিয় কৰিছিল। এইখন কিতাপতে তেওঁ পোনপ্ৰথমবাৰে মীম (meme) পৰিভাষাটোৰ ব্যৱহাৰ কৰিছিল। ১৯৮২ চনত প্ৰকাশিত হোৱা দ্য এক্সটেণ্ডেড ফেনোটাইপ শীৰ্ষক গ্ৰন্থৰ "বিৱৰ্তনীয় জীৱবিজ্ঞান"ত তেওঁ এটা নতুন চিন্তাৰ আমদানি কৰিছিল যে- জীনৰ ফেন'টাইপৰ প্ৰভাৱে কেৱল এটা জীৱিত প্ৰাণীৰ দেহলৈকে সীমিত হৈ নাথাকে, বৰঞ্চ সমগ্ৰ পৰিৱেশটোতেই বিস্তৃতি লাভ কৰে। ২০০৬ চনত তেখেতে "ৰিচাৰ্ড ড'কিনছ্ যুক্তি আৰু বিজ্ঞান সংস্থা" গঢ়ি তোলে।
ড'কিনছ্ এজন স্পষ্টবাদী নাস্তিক। তেওঁ "দ্য গড ডিলুইছন" নামৰ গ্ৰন্থত স্পষ্টতাৰে মত প্ৰকাশ কৰে যে-অতিপ্ৰাকৃতিক কোনো সৃষ্টিকৰ্তাৰেই অস্তিত্ব প্ৰায় শূন্য আৰু ধৰ্মীয় বিশ্বাস মাত্ৰ এক বিভ্ৰান্তিহে। ড'কিনছে্ শৈক্ষিক আৰু লেখক জীৱনত অনেক বঁটা-বাহন লাভ কৰিছে। তেওঁ টেলিভিছন, ৰেডিঅ', ইণ্টাৰনেটৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু নিজৰ গ্ৰন্থসমূহৰ বিষয়ে, নাস্তিকতাবাদৰ বিষয়ে আলোচনা কৰে, লগতে সমাজ-জীৱনৰ এজন বুদ্ধিজীৱী হিচাপে তেওঁৰ চিন্তাসমূহো ব্যক্ত কৰে।[7]