ৰিচাৰ্ড ফাইনমেন
From Wikipedia, the free encyclopedia
ৰিচাৰ্ড ফিলিপছ ফাইনমেন (১১ মে’,১৯১৮ – ১৫ ফেব্ৰুৱাৰী,১৯৮৮) এজন সুবিখ্যাত আৰু প্ৰতিভাধৰ আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী আছিল। পদাৰ্থ বিজ্ঞানৰ সমাজত তেওঁ কোৱাণ্টাম বলবিদ্যাৰ path integral formulation, অতিমাত্ৰা শীতল তৰল হিলিয়ামৰ superfluidity ৰ সম্পৰ্কিত অধ্যয়নৰ বাবে জনাজাত। কণা পদাৰ্থবিজ্ঞানত parton model ৰ সংযোজন তেওঁৰ আন এক কৃতিত্ব। কোৱাণ্টাম গতিবিদ্যুত নামৰ পদাৰ্থ বিজ্ঞানৰ শাখাটোৰ বাটকটীয়া আৰু সম্প্ৰ্সাৰক হিচাপে বিখ্যাত ফাইনমেনলৈ এইক্ষেত্ৰত আগবঢ়োৱা অসামান্য অৱদানৰ বাবে জুলিয়ান ছিৱিংগাৰ আৰু ছান-ইতিৰো তোমাংগাৰ সৈতে একেলগে ১৯৬৫ চনৰ ন’বেল বঁটা আগবঢ়োৱা হয়। ফাইনমেনৰ আন এক উল্লেখনীয় অৱদান হৈছে “ফাইনমেন নক্সা”। পাৰমাণৱিক কণিকাসমূহৰ আচৰণ ব্যাখ্যা কৰা গাণিতীয় বিন্যাসৰ সচিত্ৰ প্ৰ্দৰ্শনৰ কাৰণে তেওঁ সূচনা কৰা এই ফাইনমেন নক্সা পদাৰ্থ বিজ্ঞানত বহুলভাৱে প্ৰচলিত। নিজৰ জীৱনকালতে ফাইনমেন পৃথিৱীৰ বিখ্যাত বিজ্ঞানীসকলৰ মাজৰ এজন হিচাপে পৰিগণিত হৈছিল। ১৯৯৯ চনত Physics World নামৰ আলোচনীখনে প্ৰকাশ কৰা এক সমীক্ষাত সৰ্বকালৰ মুঠ ১৩০ জন আগৰণুৱা পদাৰ্থবিজ্ঞানীৰ তালিকাত ফাইনমেনে প্ৰথম দহজনৰ এজন হিচাপে স্থান পাইছিল[1]।
ৰিচাৰ্ড ফাইনমেন | |
---|---|
ৰিচাৰ্ড ফাইনমেন | |
জন্ম | ৰিচাৰ্ড ফিলিপছ ফাইনমেন ১১ মে' ১৯১৮ কুইনছ, নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যু | ৫ ফেব্ৰুৱাৰী ১৯৮৮ লছ এঞ্জলছ, কেলিফ'ৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
বাসস্থান | আমেৰিকা যুক্তৰাষ্ট্ৰ |
জাতীয়তা | আমেৰিকান |
ক্ষেত্ৰ | তাত্ত্বিক পদাৰ্থবিজ্ঞান |
কৰ্মস্থান | কৰ্ণেল বিশ্ববিদ্যালয় কেলিফ'ৰ্ণিয়া প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান |
শিক্ষানুষ্ঠান | মাছাছুছেটছ ইনষ্টিটিউট অৱ টেকন'লজী (বিজ্ঞানৰ স্নাতক), প্ৰিন্সটন বিশ্ববিদ্যালয় (পি এইচ ডি) |
ডক্তৰেল পৰামৰ্শদাতা | জন আৰ্চিবেল হুইলৰ |
আন শৈক্ষিক পৰামৰ্শদাতা | মেনুৱেল ছেনড'ৱেল ভাল্লাৰ্তা |
প্ৰভাৱ |
|
প্ৰভাৱান্বিত কৰিছে |
|
উল্লেখনীয় বঁটা |
|
সতি-সন্ততি | কাৰ্ল ফাইনমেন মিছিলি ফাইনমেন |
স্বাক্ষৰ |
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণৱিক বোমাৰ প্ৰস্তুতকৰণ দলৰ তেওঁ সদস্য আছিল। আমেৰিকাৰ মহাকাশযান চেলেঞ্জাৰ দুৰ্ঘটনাৰ তদন্ত সমিতিৰ এজন সদস্য হিচাপে ফাইনমেন এক বৃহৎ সংখ্যক জনসাধাৰণৰ চিনাকি হৈ পৰিছিল। তাত্বিক পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনত কৰা তেওঁৰ কৰ্মৰাজিৰ উপৰিও কোৱাণ্টাম গণনাৰ ক্ষেত্ৰখনৰ বাটকটীয়া হিচাপে আৰু নেনো-প্ৰযুক্তিৰ মূলধাৰণাৰ সূচক হিচাপে ফাইনমেন জনাজাত[2]। ফাইনমেনে নিজৰ গ্ৰন্থ আৰু বক্তৃতা দুয়োটাৰ জৰিয়তে পদাৰ্থ বিজ্ঞানৰ জনপ্ৰিয়কৰণৰ বাবে প্ৰচেষ্টা চলাইছিল। তাৰ ভিতৰত ১৯৫৯ চনত নেনো-প্ৰযুক্তিৰ ওপৰত দিয়া “There’s Plenty of Room at the Bottom” শীৰ্ষক বক্তৃতা আৰু স্নাতকোত্তৰ মহলাত দিয়া শ্ৰেণীকোঠাৰ বক্তৃতা সমৃদ্ধ “The Feynman Lectures on Physics” উল্লেখযোগ্য। ফাইনমেনৰ জীৱন সম্পৰ্কে তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ “Surely You’re joking, Mr. Feynman!” আৰু “What Do You Care What Other People Think?” আৰু জীৱনীমূলক গ্ৰন্থ যেনে “Tuva or Bust!” আৰু “Genius: The Life and Science of Richard Feynman” (জেমছ গ্লীকৰ দ্বাৰা ৰচিত) ৰ পৰা জনা যায়।