ৰেই টম্লিনছন
From Wikipedia, the free encyclopedia
ৰেইমণ্ড ছেমুৱেল টম্লিনছন (ইংৰাজী: Raymond Samuel Tomlinson; ২০ এপ্ৰিল, ১৯৪১ – ৫ মাৰ্চ, ২০১৬) আছিল এগৰাকী অগ্ৰণী কম্পিউটাৰ প্ৰগ্ৰামাৰ। তেখেতে ইলেকট্ৰনিক মেইল (email) পঠিওৱাৰ প্ৰথমটো পদ্ধতি উদ্ভাৱন কৰিছিল।[1][2][3][4] তেখেতে ১৯৭১ চনত আৰপানেট (ARPANET) ছিষ্টেমত প্ৰথমটো ইমেইল প্ৰগ্ৰাম কাৰ্যকৰী কৰিছিল। উল্লেখনীয় যে, আৰপানেটক ইণ্টাৰনেটৰ পূৰ্বসুৰী বুলি বিবেচিত কৰা হয়। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেখেতক 'ইমেইলৰ উদ্ভাৱক' বুলি আখ্যায়িত কৰা হয়।[5][6][7][8] এইটো পদ্ধতিত আৰপানেটৰ লগত সংযুক্ত হৈ থকা ব্যৱহাৰকাৰীসকলে পোনপ্ৰথমবাৰৰ বাবে ইজনে আনজনলৈ "বাৰ্তা" প্ৰেৰণ কৰিব পাৰিছিল। ইয়াৰ পূৰ্বতে সেই "বাৰ্তা"টো কেৱল একেটা কম্পিউটাৰ ব্যৱহাৰ কৰা ব্যক্তিসকললৈহে পঠিয়াব পৰা গৈছিল। এই নতুন ব্যৱস্থাটো ৰূপায়ণ কৰিবলৈ ৰেই টমলিনছনে ব্যৱহাৰকাৰীৰ নাম আৰু মেছিনৰ নামৰ মাজত "@" চিনটো ব্যৱহাৰ কৰিছিল। মেইল পঠিওৱাৰ এইটো ব্যৱস্থা আজিৰ তাৰিখতো প্ৰচলিত।[9]
ৰেইমণ্ড ছেমুৱেল টম্লিনছন | |
---|---|
২০০৪ চনত টম্লিনছন | |
জন্ম | ৰেইমণ্ড ছেমুৱেল টম্লিনছন ২৩ এপ্ৰিল, ১৯৪১ আমষ্টাৰডাম, নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ |
মৃত্যু | ৫ মাৰ্চ, ২০১৬ (৭৪ বছৰ) লিংকন, মাছাছুছেটছ্, আমেৰিকা যুক্তৰাষ্ট্ৰ |
ৰাষ্ট্ৰীয়তা | আমেৰিকান |
শিক্ষানুষ্ঠান | ৰেনচেলিয়েৰ পলিটেকনিক প্ৰতিষ্ঠান, মাছাছুছেটছ্ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান |
পেচা | কম্পিউটাৰ প্ৰগ্ৰামাৰ, উদ্ভাৱক, বৈদ্যুতিক অভিযন্তা, হোমিঅ'পেথি চিকিৎসক |
জনা যায় | প্ৰথমটো ইমেইল পদ্ধতিৰ উদ্ভাৱক |
দাম্পত্যসঙ্গী | এন টম্লিনছন (?-২০১৬) |
"ইণ্টাৰনেট হল অৱ ফেম"-এ টমলিনছনৰ এই অতুলনীয় অৱদানলৈ স্বীকৃতি জনাই কৈছে যে- "টমলিনছনৰ ইমেইল প্ৰগ্ৰামে এটা নতুন বিপ্লৱৰ সৃষ্টি কৰিলে, যিটো পদ্ধতিয়ে যোগাযোগৰ ব্যৱস্থাটোকেই সলাই পেলালে" (Tomlinson's email program brought about a complete revolution, fundamentally changing the way people communicate.)। [10][11]