ৱিকিপিডিয়া:নিৰ্বাচিত প্ৰবন্ধ/৩২
From Wikipedia, the free encyclopedia
কৰ্পূৰী ঠাকুৰ (ইংৰাজী: Karpoori Thakur; ২৪ জানুৱাৰী ১৯২৪ – ১৭ ফেব্ৰুৱাৰী ১৯৮৮) আছিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, শিক্ষক আৰু স্বাধীনতা সংগ্ৰামী। তেওঁ প্ৰথমে ১৯৭০ চনৰ ডিচেম্বৰৰ পৰা ১৯৭১ চনৰ জুনলৈকে আৰু তাৰ পিছত ১৯৭৭ চনৰ জুন মাহৰ পৰা ১৯৭৯ চনৰ এপ্ৰিললৈকে বিহাৰৰ একাদশ মুখ্যমন্ত্ৰী হিচাপে দুটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁক জনপ্ৰিয়ভাৱে জন নায়ক বুলি কোৱা যায়। ভাৰত চৰকাৰে ২০২৪ চনৰ ২৬ জানুৱাৰী তাৰিখে তেওঁক মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন সন্মান প্ৰদান কৰে।
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/1/15/Karpoori_Thakur_2024_stamp_of_India.jpg/320px-Karpoori_Thakur_2024_stamp_of_India.jpg)
১৯৮৮ চনত কৰ্পূৰী ঠাকুৰৰ জন্মস্থান পিতৌনঝিয়াক কৰ্পূৰী গ্ৰাম নামেৰে নামকৰণ কৰা হয়। ভাৰত চৰকাৰে ২০২৪ চনৰ ২৪ জানুৱাৰী তাৰিখে তেওঁৰ জন্মশতবাৰ্ষিকী উপলক্ষে ১০০ টকা মূল্যৰ স্মৃতি মুদ্ৰা মুকলি কৰে। বাক্সাৰত অৱস্থিতজন নায়ক কৰ্পূৰী ঠাকুৰ বিধি মহাবিদ্যালয়ৰো নাম তেওঁৰ নামেৰে ৰখা হৈছে। ২০২০ চনত বিহাৰ চৰকাৰে মধেপুৰাতজন নায়ক কৰ্পূৰী ঠাকুৰ চিকিৎসা মহাবিদ্যালয় তেওঁৰ নামেৰে স্থাপন কৰে। ভাৰতৰ ডাক বিভাগে তেওঁৰ স্মৃতিত এলানি ডাক টিকট মুকলি কৰিছে। ভাৰতীয় ৰেলৱেৰ দ্বাৰা দৰভংগা আৰু অমৃতসৰৰ মাজত চলি থকাজন নায়ক এক্সপ্ৰেছ ৰে'ল তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে। বিহাৰ চৰকাৰেজন নায়ক কৰ্পূৰী ঠাকুৰৰ নামেৰে কেইবাখনো ষ্টেডিয়ামৰ নামকৰণ, বেছিভাগ জিলাতে কেইবাখনো কলেজ আৰু প্ৰতিমূৰ্তি স্থাপন, কৰ্পূৰী ঠাকুৰ সংগ্ৰহালয়, সমষ্টিপুৰ আৰু দৰভংগাতজন নায়ক কৰ্পূৰী ঠাকুৰ চিকিৎসালয়, বিধানসভাত তেওঁৰ ভাষণসমূহৰ প্ৰকাশ আৰু তথ্যচিত্ৰ নিৰ্মাণকে আদি কৰি বিভিন্ন কাৰ্য হাতত লৈছে।