ৱিকিপত্ৰিকা, জুন-২০২১
From Wikipedia, the free encyclopedia
দশম বৰ্ষ | জুন | ২০২১ | ষষ্ঠ সংখ্যা
প্ৰজ্ঞাৰ সাধনাৰে আত্মানুসন্ধানৰ বাট কাটি অসমীয়া সমাজত যিজন সাহিত্যিকে নিজস্ব গদ্যশৈলীৰে এক সুকীয়া ধাৰাৰে সমাজলৈ কিতাপ পঢ়াৰ আনন্দ বোৱাই আনিলে, অসমীয়াক মানুহ হোৱাৰ গৌৰৱ ন কৈ শিকালে, কেৱল কলম-কিতাপতে সীমাবদ্ধ নাথাকি কৰুণাধাৰাৰে সিঁচি দিলে মানৱতাৰ বীজ, যি শিপাই গ'ল অসম, ভাৰত পাৰ হৈ সুদূৰ বিদেশলৈ, নৱসৃষ্টিৰ জোৱাৰত নতুন প্ৰজন্মক উৎসাহ-পৰামৰ্শেৰে নিৰন্তৰ দেখুৱালে প্ৰগতিৰ বাট, মুখামুখি অথবা কথা-বাৰ্তাৰে চিনাকি কৰালে সমাজৰ বহু সত্তাক, দিলে মঞ্চ, দিলে পৰিচয়, দিলে সাহস, দিলে সময়, সেইজনেই অসমৰ অন্যতম যুগদ্ৰষ্টা হোমেন বৰগোহাঞি। এইজনা মহীৰূহলৈ অসমীয়া ৱিকিমিডিয়া সমাজে আগবঢ়াইছে সশ্ৰদ্ধ প্ৰণিপাত। তাৰেই এক প্ৰতিফলনৰূপে এই মাহৰ ৱিকিপত্ৰিকা।
| |||||||||
|
|
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।