দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন (ইংৰাজী: Association of Southeast Asian Nations) বা চমুলৈ এচিয়েন (ASEAN)[4] (ASEAN /ˈɑːsi.ɑːn/ ah-see-ahn,[5] /ˈɑːzi.ɑːn/ ah-zee-ahn)[6][7] ১০খন দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰৰ এক ৰাজনৈতিক তথা অৰ্থনৈতিক সংগঠন বা সংস্থা। ১৯৬৭ চনৰ ৮ আগষ্টত ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ, ছিংগাপুৰ আৰু থাইলেণ্ডে এই সংগঠনটোৰ প্ৰতিষ্ঠা কৰে। ক[8] পিছলৈ ব্ৰুনেই, কম্বোডিয়া, লাওছ, বাৰ্মা আৰু ভিয়েটনামকো সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়। এচিয়েনৰ মূল লক্ষ্য হৈছে সদস্য ৰাষ্ট্ৰকেইখনৰ অৰ্থনৈতিক উন্নয়ন, সামাজিক অগ্ৰগতি তথা সমাজ-সাংস্কৃতিক বিৱৰ্ত্তন, আঞ্চলিক শান্তি আৰু স্থিৰতা আৰু সদস্য ৰাষ্ট্ৰসমূহৰ ভিন্নতা সম্পৰ্কে আলোচনা কৰাৰ শান্তিপূৰ্ণ সুযোগ।[9][10]

ক্ষিপ্ৰ তথ্য দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠনAssociation of Southeast Asian Nations, কাৰ্যকৰী ভাষা ...
দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন
Association of Southeast Asian Nations
নীতিবাক্য

"One Vision, One Identity, One Community"[1]
সঙ্গীত
The ASEAN Way
Thumb
the Association of Southeast Asian Nations-ৰ অৱস্থান
মুখ্য কাৰ্যালয়ইণ্ডোনেছিয়া জাকাৰ্টা, ইণ্ডোনেছিয়াa
কাৰ্যকৰী ভাষা
  • বাৰ্মিজ
  • মেণ্ডেৰিন
  • ফিলিপিন’
  • ইণ্ডোনেচিয়ান
  • ক্ষ্মেৰ
  • লাও
  • মালয়
  • তামিল
  • থাই
  • ভিয়েটনামিজ
সদস্য
২খন নীৰিক্ষক দেশ
ৰাষ্ট্ৰনেতা (বৃন্দ)
 -  সাধাৰণ সম্পাদক ভিয়েটনাম Lê Lương Minh[2]
 -  সাম্প্ৰতিক এচিয়েন আসন  মালয়েছিয়া
প্ৰতিষ্ঠাকাল
 -  বেংকক ঘোষণা ৮ আগষ্ট ১৯৬৭ 
 -  এচিয়েন চাৰ্টাৰ ১৬ ডিচেম্বৰ ২০০৮ 
মাটিকালি
 -  মুঠ ৪৪,৭৯,২১০.৫ বৰ্গ কিমি 
২৭,৭৮,১২৪.৭ বৰ্গ মাইল 
জনসংখ্যা
 -  ২০১১ আনুমানিক ৬০,২৬,৫৮,০০০ 
জিডিপি (পিপিপি) ২০১১ আনুমানিক
 -  মুঠ ৩৫,৭৪০ কোটি আমেৰিকান ডলাৰ[3] 
 -  জনমুৰি ৫,৯৩০ আমেৰিকান ডলাৰ 
জিডিপি (নামমাত্ৰ) ২০১৩ আনুমানিক
 -  মুঠ ২৪,০৩০ কোটি আমেৰিকান ডলাৰ 
 -  জনমুৰি ৩,৯০৯ আমেৰিকান ডলাৰ 
মানৱ উন্নয়ন সূচক (২০১৩) 0.669 
মুদ্ৰা
১০ বিধ মুদ্ৰা
  • ব্ৰুণেই  (BND)  ব্ৰুনেই ডলাৰ
  • কম্বোডিয়া  (KHR)  কম্বোডিয়ান ৰিয়েল
  • ইণ্ডোনেছিয়া  (IDR)  ইণ্ডোনেচিয়ান ৰূপিয়া
  • লাউচ  (LAK)  লাও কিপ
  • মালয়েছিয়া  (MYR)  মালয়েচিয়ান ৰেংগিট
  • বাৰ্মা  (MMK)  বাৰ্মিজ ক্যাট
  • ফিলিপাইন  (PHP)  ফিলিপাইন পেচ’
  • ছিংগাপুৰ  (SGD)  চিংগাপুৰিয়ান ডলাৰ
  • থাইলেণ্ড  (THB)  থাই বাট
  • ভিয়েটনাম  (VND)  ভিয়েটনামিজ ডং
সময় অঞ্চল এচিয়ান উমৈহতীয়া সময়মান (ইউটিচি+9 to +6:30)
ইণ্টাৰনেট টিএলডি
10+1 TLDs
  • ব্ৰুণেই  .bn
  • ইণ্ডোনেছিয়া  .id
  • কম্বোডিয়া  .kh
  • লাউচ  .la
  • বাৰ্মা  .mm
  • মালয়েছিয়া  .my
  • ফিলিপাইন  .ph
  • ছিংগাপুৰ  .sg
  • থাইলেণ্ড  .th
  • ভিয়েটনাম  .vn
  • দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন  .asia
ৱেবচাইট
কলিং ক'ড +
10 codes
  • মালয়েছিয়া  +60
  • ইণ্ডোনেছিয়া  +62
  • ফিলিপাইন  +63
  • ছিংগাপুৰ  +65
  • থাইলেণ্ড  +66
  • ভিয়েটনাম  +84
  • বাৰ্মা  +95
  • লাউচ  +856
  • ব্ৰুণেই  +673
  • কম্বোডিয়া  +855
বন্ধ কৰক

এচিয়েন দেশসমূহে মুঠ ৪ কোটি ৪০ লাখ বৰ্গ কি:মি: মাটিকালি অৰ্থাৎ বিশ্বৰ ভূমিভাগৰ ৩% আগুৰি আছে। এই দেশসমূহৰ অধ্যুষিত পানীভাগ এই মাটিকালিৰ প্ৰায় তিনিগুণ। দেশকেইখনৰ সৰ্বমুঠ জনসংখ্যা প্ৰায় ৬১ কোটি ৭০ লাখ আৰু এয়া পৃথিৱীৰ সৰ্বমুঠ জনসংখ্যাৰ ৮.৮%। ২০১২ চনৰ হিচাপমতে এচিয়েনৰ সন্মিলিত মুঠ ঘৰুৱা উৎপাদন ২৩ হাজাৰ কোটি আমেৰিকান ডলাৰতকৈয়ো অধিক বৃদ্ধি পাইছে। এচিয়েন দেশসমূহক একেখন ৰাষ্ট্ৰ বুলি ধৰিলে এচিয়েনৰ অৰ্থনীতিৰ স্থান হ’ব বিশ্বৰ ভিতৰত সপ্তম।[11]

এচিয়েন তিনিটা মূল স্তম্ভৰ ওপৰত ভিত্তি কৰি গঠন কৰা হৈছে:[4] এচিয়েন পলিটিকেল-চিকিউৰিটী কমিউনিটি বা চমুকৈ এ.পি.এচ.চি.,[12] এচিয়েন ইক’নমিক কমিউনিটী বা চমুকৈ এ.ই.চি.,[13] আৰু এচিয়েন চছিঅ’-কালচাৰেল কমিউনিটী বা চমুকৈ এ.এচ.চি.চি.।[14]

২০৩০ চনৰ ফিফা বিশ্বকাপ আয়োজনৰ আবেদন

জানুৱাৰী ২০১১: লম্বক সভাত এচিয়েন বৈদেশিক মন্ত্ৰীসকল মিলিত হৈ একক ৰাষ্ট্ৰ হিচাপে ২০৩০ চনৰ বিশ্বকাপ ফুটবলৰ আয়োজন কৰিবলৈ প্ৰস্তাৱ দিবৰ বাবে সিন্ধান্ত গ্ৰহণ কৰে।[15]

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.