ডোগ্ৰী ভাষা
ভাৰতীয়-আৰ্য ভাষা / From Wikipedia, the free encyclopedia
ডোগ্ৰী ভাষা (স্থানীয় বানান অনুসৰি डोगरी বা ﮈﻭﮔﺮﻯ) ইণ্ডো-আৰ্য ভাষা। ই প্ৰায় ২০ লাখ মানুহৰ ভাষা। ভাৰত আৰু পাকিস্তানত, বিশেষকৈ জম্মু আৰু কাশ্মীৰৰ জম্মু অঞ্চলত আৰু উত্তৰ পঞ্জাব, হিমাচল প্ৰদেশ আৰু কাশ্মীৰেৰ অন্যান্য অঞ্চলত এই ভাষা প্ৰচলিত। ডোগ্ৰীভাষী মানুহক ডোগ্ৰা বোলা হয়, আৰু ডোগ্ৰীভাষী অঞ্চলক বোলা হয় ডুগ্গাৰ। ডোগ্ৰী ইণ্ডো-আৰ্য ভাষাসমূহৰ পশ্চিম পাহাৰী দলৰ এটা ভাষা। পাকিস্তানত আৰু পাকিস্তান-নিয়ন্ত্ৰিত কাশ্মীৰত ইয়াক পাহাৰী ভাষা (पहाड़ी বা ﭘﮭﺎﮌﯼ) নামেৰেও অবিহিত কৰা হয়। ডোগ্ৰী এটা সুৰপ্ৰধান ভাষা, যিটো ইণ্ডো-ইউৰোপীয় ভাষাসমূহৰ মাজত এটা ব্যতিক্ৰম। পঞ্জাবী আৰু পশ্চিম পাহাৰী ভাষাবিলাকো সুৰপ্ৰধান।
ক্ষিপ্ৰ তথ্য ডোগ্ৰী, থলুৱা অঞ্চল ...
ডোগ্ৰী | |
---|---|
डोगरी ڈوگرى ḍogrī | |
থলুৱা অঞ্চল | ভাৰত, পাকিস্তান |
অঞ্চল | জম্মু, কাশ্মীৰ, হিমাচল প্ৰদেশ, পঞ্জাব |
স্থানীয় ভাষিক |
২০ লাখ |
ভাষা পৰিয়াল |
ইণ্ডো-ইউৰোপীয়
|
লিখন প্ৰণালী | দেৱনাগৰী, তাকৰী লিপি, পাৰ্চী-আৰৱী লিপি |
ভাষা সংকেত | |
ISO 639-2 | doi |
ISO 639-3 | Variously: doi – ডোগ্ৰী (সাধাৰণ) dgo – ডোগ্ৰী (বিশেষ) xnr – কাংৰি |
বন্ধ কৰক