জাতিসংঘ
From Wikipedia, the free encyclopedia
জাতিসংঘ (ইংৰাজী: League of Nations; লিগ অফ নেশ্বনছ) আছিল বিশ্বৰ প্ৰথম আন্তঃচৰকাৰী সংস্থা, যাৰ মূল লক্ষ্য আছিল বিশ্ব শান্তি বজায় ৰখা।[1] প্ৰথম বিশ্বযুদ্ধৰ অৱসানৰ পাছত ১৯১৯ চনৰ আৰম্ভণিতে বহা 'পেৰিচ শান্তি সম্মিলন'-ত এই সংস্থাৰ গঠনৰ চিন্তা-চৰ্চা কৰা হয়। পাছত ১৯২০ চনৰ ১০ জানুৱাৰীত জাতিসংঘ প্ৰতিষ্ঠিত হয়। ইয়াৰ তিনিটা প্ৰধান অংগ আছিল: সভা (the Assembly), পৰিষদ (the Council), আৰু সচিবালয় (the Permanent Secretariat)। ইয়াৰ লগতে আন দুটা গুৰুত্বপূৰ্ণ বিভাগ আছিল আন্তঃৰাষ্ট্ৰীয় ন্যায়ৰ স্থায়ী ন্যায়ালয় (Permanent Court of International Justice) আৰু আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা (International Labour Organization)।
জাতিসংঘ |
||||
---|---|---|---|---|
জাতিসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ
|
||||
সচিবালয় | জেনেভা | |||
ভাষা |
|
|||
ধৰণ | আন্তঃচৰকাৰী সংস্থা | |||
প্ৰতিষ্ঠাকাল | যুদ্ধকালীন সময় | |||
- | ভাৰ্চাই সন্ধি | ১০ জানুৱাৰী ১৯২০ | ||
- | প্ৰথম সভা | ১৬ জানুৱাৰী ১৯২০ | ||
- | ভংগ | ২০ এপ্ৰিল ১৯৪৬ |
জাতিসংঘৰ মূল উদ্দেশ্য আছিল: (১) বিধি আৰু ন্যায়ৰ মাজেদি আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰা, (২) যুদ্ধৰ অৱসান ঘটাৱাৰ বাবে প্ৰচেষ্টা চলোৱা আৰু আলাপ-আলোচনাৰ মাধ্যমেৰে বিবাদ নিষ্পত্তি কৰা, (৩) ৰাষ্ট্ৰসমূহৰ মাজত ন্যায়সংগত সম্পৰ্ক ৰক্ষা কৰা, আদি। জাতিসংঘই আন্তঃৰাষ্ট্ৰীয় শান্তি-সম্প্ৰীতিৰ বাবে কাম আৰম্ভ কৰিছিল। কিন্তু জাতিসংঘৰ চুক্তিপত্ৰত ভালেমান আঁসোৱাহ থকাৰ বাবে বিশেষ ফলৱতী নহ'ল। ১৯৩৯ চনৰ ১ ছেপ্টেম্বৰ তাৰিখে দ্বিতীয়খন বিশ্বযুদ্ধ আৰম্ভ হয় আৰু লগে লগে জাতিসংঘৰ পতন হয়। ১৯৪৫ চনত ইয়াৰ উত্তৰসূৰী ৰূপে ৰাষ্ট্ৰসংঘ (United Nations)-ৰ স্থাপন হয়।