হাতীপটি (ইংৰাজী: Milky Way) হৈছে এখন তাৰকাৰাজ্যসৌৰ জগতৰ কেন্দ্ৰ সূৰ্য এই তাৰকাৰাজ্যৰ অংশ। ই এক সৰ্পিলাকাৰ তাৰকাৰাজ্য। পৃথিৱী হাতীপটি তাৰকাৰাজ্যৰ কোনো এক অংশত অৱস্থিত। এই তাৰকাৰাজ্যখন ৰাতিৰ সময়ত পৰিষ্কাৰ আকাশৰ এক প্ৰান্তৰ পৰা অন্য প্ৰান্তলৈ বিস্তৃত পাতল শুকুলা মেঘৰ দৰে দেখা পোৱা যায়।

ক্ষিপ্ৰ তথ্য নিৰীক্ষণ কৰা তথ্য, প্ৰকাৰ ...
হাতীপটি তাৰকাৰাজ্য

পাৰানেল অৱজাৰভেটৰীৰ ৰাতিৰ আকাশত
হাতীপটিৰ গেলেক্টিক কেন্দ্ৰ
(লেজাৰডালে দূৰবীণৰ বাবে গাইড-তৰাৰ কাম কৰিছে)।
নিৰীক্ষণ কৰা তথ্য
প্ৰকাৰ Sb, Sbc, or SB(rs)bc[1] (দণ্ড সৰ্পিলাকাৰ তাৰকাৰাজ্য)
পৰিধি সাঁচ:Convert/kly[2]
লাহী ষ্টেলাৰ ডিছৰ ঘনত্ব সাঁচ:Convert/kly
নক্ষত্ৰৰ সংখ্যা ১–৪ লাখ নিযুত (২.৫ × ১০১১ ± ১.৫ × ১০১১)
সবাতোকৈ পুৰণি তৰা ≥১৩.৭ Gyr
ভৰ ০.৮–১.৫×1012 সৌৰ ভৰ
কৌণিক ভৰবেগ 1×1067 J s[3]
গেলেক্টিক কেন্দ্ৰৰ পৰা সূৰ্যৰ দূৰত্ব সাঁচ:Convert/kly
Sun's Galactic rotation period ২৪০ Myr
সৰ্পিলাকাৰ আৰ্হিৰ ঘুৰ্ণন কাল ২২০–৩৬০ Myr
দণ্ড আৰ্হিৰ ঘুৰ্ণন কাল ১০০–১২০ Myr
Speed relative to CMB rest frame ৬৩১ ± ২০ কিমি/ছে[4]
সূৰ্যৰ অৱস্থানত পলায়ন বেগ ৫৫০ কিমি/ছে
সূৰ্যৰ অৱস্থানত কৃষ্ণ পদাৰ্থৰ ঘনত্ব ০.০০৮৮সাঁচ:Sup sub সৌৰ ভৰpc-3 বা ০.৫৫সাঁচ:Sup sub GeV cm-৩
লগতে চাওক: তাৰকাৰাজ্য, তাৰকাৰাজ্যসমূহৰ তালিকা
বন্ধ কৰক

আকৃতি

হাতীপটিৰ ব্যাস আনুমানিক প্ৰায় এক লাখ আলোকবৰ্ষ বা ৯×১০১৭ কিলোমিটাৰ। ধাৰণা কৰা হয় এই তাৰকাৰাজ্যত কমপক্ষেও ২ লাখ নিযুতৰ পৰা সৰ্বোচ্চ ৪ লাখ নিযুত পৰ্যন্ত নক্ষত্ৰ আছে। সাম্প্ৰতিক পৰ্যবেক্ষণত দেখা গৈছে, আগৰ ধাৰণাতকৈ হাতীপটিৰ ভৰ অনেক বেছি, ইয়াৰ ভৰ পৃথিৱীৰ নিকটবৰ্তী সকলোতকৈ ডাঙৰ তাৰকাৰাজ্য এণ্ড্ৰোমিডাৰ প্ৰায় সমান। আগতে ধাৰণা কৰা হৈছিল যে ইয়াৰ ঘূৰ্ণন বেগ প্ৰায় ২২০ কিমি/ছেকেণ্ড, কিন্তু সাম্প্ৰতিক গবেষণা অনুযায়ী এই বেগ প্ৰায় ২৫৪ কিমি/ছেকেণ্ড পোৱা গৈছে। ইয়াৰ ফলত হাতীপটিৰ সৰ্বমুঠ ভৰ প্ৰায় ৩০ নিযুত কোটি সৌৰ ভৰ বুলি গণনা কৰা হৈছে, যি আগৰ ধাৰণাৰ প্ৰায় দুগুণ।

বয়স

তাৰকাৰাজ্যৰ বয়স নিৰ্ধাৰণ কৰা অত্যন্ত কঠিন। এই তাৰকাৰাজ্যৰ সবাতোকৈ প্ৰাচীন নক্ষত্ৰ হল HE 1523-0901, যাৰ বয়স প্ৰায় ১৩,২০০ নিযুত বছৰ, প্ৰায় বিশ্বব্ৰহ্মাণ্ডৰ বয়সেৰ সমান। ধাৰণা কৰা হয়, প্ৰায় ৬,৫০০ ৰ পৰা ১০,০০০ নিযুত বছৰ আগেয়ে হাতীপটিৰ সৃষ্টি হৈছিল।

চিত্ৰ সম্ভাৰ

তথ্য সংগ্ৰহ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.