মুম্বাই
ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজধানী / From Wikipedia, the free encyclopedia
মুম্বাই (পূৰ্বতে বম্বে বা বোম্বাই, মাৰাঠী: मुंबई. [ˈmʊm.bəi] (সহায়·তথ্য)) ভাৰতৰ অন্তৰ্ভুক্ত মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজধানী। মুম্বাই প্ৰায় ১ কোটি ৪০ লাখ মানুহৰ বাসস্থান[3]। মুম্বাইক ভাৰতৰ অৰ্থনৈতিক কেন্দ্ৰবিন্দু বুলি কোৱা হয়, কাৰণ ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বম্বে ষ্টক এক্সচেঞ্জকে আদি কৰি বহু অৰ্থনৈতিক প্ৰতিষ্ঠানৰ কেন্দ্ৰীয় কাৰ্যালয় এই নগৰত অৱস্থিত। তদুপৰি ভাৰতৰ বোলছবি উদ্যোগো ইয়াতেই অৱস্থিত। নৱী মুম্বাই আৰু থানে সহ মুম্বাই মহানগৰীয় অঞ্চল বিশ্বৰ সৰ্বাধিক জনবহুল মহানগৰীয় অঞ্চলসমূহৰ অন্যতম।[4] ভাৰতৰ পশ্চিম উপকূলত অৱস্থিত মুম্বাই এক স্বাভাৱিক সমুদ্ৰবন্দৰো। ২০০৯ চনৰ তথ্য অনুযায়ী, এই চহৰ আলফা বিশ্ব নগৰী (ইংৰাজী: Alpha world city) হিচাপে ঘোষিত[5]।
মুম্বাই मुंबई |
|
---|---|
— মহাৰাষ্ট্ৰ ৰাজধানী — | |
নীতি বাক্য: যতো ধৰ্মস্ততো জয় | |
ভৌগোলিক স্থানাংক: 18°58′30″N 72°49′33″E | |
দেশ | ভাৰত |
ৰাজ্য | মহাৰাষ্ট্ৰ |
বিভাগ | কোঙ্কণ বিভাগ |
জিলা | মুম্বাই জিলা, মুম্বাই উপনগৰ জিলা |
চৰকাৰ | |
- প্ৰকাৰ | পৌৰসংস্থা |
- মেয়ৰ | শ্ৰদ্ধা যাদৱ |
- পৌৰ কমিছনাৰ | সুবোদ কুমাৰ |
মাটিকালি | |
- মুঠ | ২৩২.৮ বৰ্গ মাইল (৬০৩ কি.মি.২) |
উচ্চতা | ১৪ মিটাৰ (৪৫.৯৩ ফুট) |
জনসংখ্যা (২০১১)[1][2] | |
- মুঠ | ১,২৪,৭৮,৪৪৭ জন |
- জনঘনত্ব | ৫৩,৫৯৭.২ প্ৰতি বৰ্গ মাইল (২০,৬৯৪ প্ৰতি বৰ্গ কি.মি.) |
সময় অঞ্চল | ভাৰতীয় সময় (গ্ৰী.মা.স.+৫.৩০) |
পিন | ৪০০ xxx |
এৰিয়া সংকেত | ৯১২২-XXXX XXXX |
ৱেবছাইট | mcgm.gov.in |
যি সাতোটা দ্বীপক কেন্দ্ৰ কৰি আধুনিক মুম্বাই মহানগৰী গঢ়ি উঠিছে, সুদূৰ অতীতত সেই সাতোটা দ্বীপ আছিল মৎস্যজীবী সম্প্ৰদায়ৰ বসতি। ইতিহাসৰ বিভিন্ন পৰ্যায়ত এই দ্বীপবোৰ নানান দেশীয় ৰাজ্য আৰু সাম্ৰাজ্যৰ অধীনস্থ আছিল। অষ্টাদশ শতাব্দীৰ মধ্যভাগত মুম্বাই এক গুৰুত্বপূৰ্ণ বাণিজ্য নগৰী হিচাপে আত্মপ্ৰকাশ কৰে। ঊনবিংশ শতাব্দীত এই চহৰৰ গুৰুত্বপূৰ্ণ অৰ্থনৈতিক আৰু শিক্ষাসংক্ৰান্তত প্ৰভুত উন্নতি সাধন হয়। বিংশ শতাব্দীৰ প্ৰথমৰ পৰাই বোম্বাই ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এক উল্লেখযোগ্য ঘাটিত পৰিণত হৈছিল। ১৯৪৭ চনত ভাৰতৰ স্বাধীনতা অৰ্জনৰ পাছত বোম্বাই চহৰ তদানীন্তন বোম্বাই ৰাজ্যৰ অন্তৰ্ভুক্ত হয়। ১৯৬০ চনত সংযুক্ত মহাৰাষ্ট্ৰ আন্দোলনৰ পৰিপ্ৰেক্ষিতত নতুন ৰাজ্য মহাৰাষ্ট্ৰ গঠিত হোৱাত বোম্বাই উক্ত ৰাজ্যৰ ৰাজধানীত পৰিণত হয়। ১৯৯৫ চনত চহৰৰ নাম পৰিবৰ্তিত কৰি মুম্বাই ৰখা হয়। এই নামটো কলি জনগোষ্ঠী (ইংৰাজী: Koli people) সকলৰ আৰাধ্য দেৱী - মুম্বাদেৱী (ইংৰাজী: Mumbadevi)ৰ নামেৰে নামকৰণ কৰা হয়।[6]
মুম্বাই ভাৰতৰ বাণিজ্য আৰু বিনোদনৰ অন্যতম কেন্দ্ৰ। দেশৰ ৫ শতাংশ মুঠ ঘৰুৱা উৎপাদন (GDP) এই চহৰৰ পৰাই উৎপাদিত হয়।[7] ইয়াৰ বাদেও ভাৰতীয় অৰ্থনীতিৰ ২৫ শতাংশ শিল্প উৎপাদন, ৪০ শতাংশ সমুদ্ৰবাণিজ্য আৰু ৭০ শতাংশ পুঁজিৰ লেনদেন মুম্বাইতেই সাধিত হয়।[8] ভাৰতীয় ৰিজাৰ্ভ বেংক, বোম্বাই ষ্টক এক্সচেঞ্জ, ভাৰতৰ জাতীয় ষ্টক এক্সচেঞ্জ ইত্যাদি গুৰুত্বপূৰ্ণ আৰ্থিক সংস্থা আৰু বিভিন্ন ভাৰতীয় কোম্পানী আৰু বহুজাতিক সংস্থাৰ প্ৰধান কাৰ্যালয় এই চহৰতেই অৱস্থিত। বলিউড নামেৰে পৰিচিত ভাৰতৰ হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শন শিল্পকেন্দ্ৰটোও এই চহৰত অবস্থিত। মুম্বাইৰ ব্যৱসায়গত সুযোগসুবিধা আৰু ইয়াৰ জীৱনযাত্ৰাৰ উচ্চ মানে সমগ্ৰ দেশৰ মানুহকে আকৃষ্ট কৰে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহি এই চহৰত বসবাস আৰম্ভ কৰে। ফলত মুম্বাই বৰ্তমানে ভাৰতৰ নানা সম্প্ৰদায় আৰু ভাৰতীয় সংস্কৃতিৰ মহামিলনভূমিত পৰিণত হৈছে।