![cover image](https://wikiwandv2-19431.kxcdn.com/_next/image?url=https://upload.wikimedia.org/wikipedia/commons/thumb/c/c4/Reptile003d.jpg/640px-Reptile003d.jpg&w=640&q=50)
সৰীসৃপ
From Wikipedia, the free encyclopedia
সৰীসৃপ (ইংৰাজী: Reptilia) বোৰ প্ৰথম প্ৰকৃত স্থলচৰ প্ৰাণী৷ আধুনিক মতবাদ অনুসৰি কাৰ্ব'নিফেৰাছ যুগত উদ্ভৱ হোৱা ছিম'ৰিয়া(seymoria) জাতীয় প্ৰাণীবোৰ সৰীসৃপবোৰৰ প্ৰথম আৰু প্ৰকৃত পূৰ্বপুৰুষ৷ পাৰমিয়ান(permian) যুগত কটিল'ছৰিয়া প্ৰাণীবোৰৰপৰা বিভিন্ন ধৰণৰ সৰীসৃপৰ উদ্ভৱ হয় আৰু পিছত মেছ'যইক(mesozoic) যুগত বিকাশ লাভ কৰি জল,স্থল সৰ্বত্ৰ বিয়পি পৰে৷ মেছ'যইক যুগত সৰীসৃপৰ প্ৰৱল বিকাশ আৰু প্ৰভাৱৰ বাবে এই যুগক সৰীসৃপৰ সোনালী যুগ বুলি কোৱা হয়৷[1]৷
![Thumb image](http://upload.wikimedia.org/wikipedia/commons/thumb/c/c4/Reptile003d.jpg/640px-Reptile003d.jpg)