যুক্তৰাজ্য (ইংৰাজী: United Kingdom ইউনাইটেড্‌ কিংডম্‌) ইউৰোপীয় মূল ভূখণ্ডৰ উত্তৰ-পশ্চিম উপকূলৰ কাষতে অৱস্থিত এখন স্বাধীন দ্বীপৰাষ্ট্ৰ। ৰাষ্ট্ৰখনৰ চৰকাৰী নাম হ'ল গ্ৰেইট ব্ৰিটেন আৰু উত্তৰ আয়াৰলেণ্ডৰ যুক্তৰাজ্য (ইংৰাজী: The United Kingdom of Great Britain and Northern Ireland)। ৰাষ্ট্ৰখন চাৰিখন সাংবিধানিক ৰাষ্ট্ৰ: ইংলেণ্ড, স্কটলেণ্ড, ৱেল্ছ আৰু উত্তৰ আয়াৰলেণ্ডৰ সমন্বয়ত গঠিত।

ক্ষিপ্ৰ তথ্য গ্ৰেইট ব্ৰিটেন আৰু উত্তৰ আয়াৰলেণ্ডৰ যুক্তৰাজ্যUnited Kingdom of Great Britain and Northern Ireland, জাতীয় ভাষা আৰু ৰাষ্ট্ৰীয় ভাষা ...
গ্ৰেইট ব্ৰিটেন আৰু উত্তৰ আয়াৰলেণ্ডৰ যুক্তৰাজ্য
United Kingdom of Great Britain and Northern Ireland
Thumb Thumb
ৰাষ্ট্ৰীয় সঙ্গীত
গড চেভ দ্য কিং"[1]

Thumb
যুক্তৰাজ্য-ৰ অৱস্থান
 যুক্তৰাজ্যৰ অৱস্থান  (dark green)

 ইউৰোপৰ মেপত  (light green & dark grey)
 in ইউৰোপীয় ইউনিয়ন  (light green)

ৰাজধানী
(আৰু বৃহত্তম নগৰ)
লণ্ডন
51°30′N 0°7′W
জাতীয় ভাষা
আৰু ৰাষ্ট্ৰীয় ভাষা
ইংৰাজী
অন্যান্য
ভাষাসমূহ[2]
  • স্কট্‌স
  • ৱেল্ছ
  • কৰ্নিছ
  • স্কট্‌স গ্যালিক
  • আইৰিছ
জনগোষ্ঠীসমূহ (২০১১)
  • ৮৭.১% শ্বেতাংগ
  • ৭.০% এছীয়
  • ৩.০% কৃষ্ণাংগ
  • ২.০% মিশ্ৰিত
  • ০.৯% অন্যান্য
জাতীয়তাসূচক বিশেষণ
  • ব্ৰিটিছ
  • ব্ৰিটন
চৰকাৰ সংসদীয় সাংবিধানিক ৰাজতন্ত্ৰ
 -  ৰাজতন্ত্ৰ তৃতীয় চাৰ্লছ
 -  প্ৰধানমন্ত্ৰী Keir Starmer
গঠন
 -  ইউনিয়নৰ কাৰ্য ১৭০৭ ১ মে ১৭০৭ 
 -  ইউনিয়নৰ কাৰ্য ১৮০০ ১ জানুৱাৰী ১৮০১ 
 -  এংলো-আয়াৰলেণ্ডীয় সন্ধি ৫ ডিচেম্বৰ ১৯২২ 
মাটিকালি
 -  মুঠ ২,৪২,৪৯৫ বৰ্গ কিমি [3](৭৮তম)
৯৩,৬২৮ বৰ্গ মাইল 
 -  জলভাগ (%) ১.৩৪ (৩,২৪৯ বৰ্গ কিমি)
জনসংখ্যা
 -  ২০১৫ আনুমানিক ৬,৪৭,১৬,০০০'"`UNIQ--ref-০০০০০০০৫-QINU`"' (২২তম)
 -  ২০১১ লোকপিয়ল ৬,৩১,৮১,৭৭৫'"`UNIQ--ref-০০০০০০০৬-QINU`"' (২২তম)
জিডিপি (পিপিপি) ২০১৫ আনুমানিক
 -  মুঠ $২.৬৭৯ ট্ৰিলিয়ন (৯তম)
 -  জনমুৰি $৪১,১৫৯[4] (২৫তম)
জিডিপি (নামমাত্ৰ) ২০১৫ আনুমানিক
 -  মুঠ $২.৮৪৯ ট্ৰিলিয়ন (৫ম)
 -  জনমুৰি $৪৩,৭৭১[4] (১৩তম)
জিনি সহগ? (২০১৪) 31.6 (৩৩তম)
মানৱ উন্নয়ন সূচক (২০১৪) 0.907 (১৪তম)
মুদ্ৰা পাউণ্ড ষ্টাৰ্লিং (£) (GBP)
সময় অঞ্চল GMT[5] (ইউটিচি)
 -  গ্ৰীষ্মকালীন (ডিএছটি) BST (ইউটিচি+1)
তাৰিখ বিন্যাস dd/mm/yyyy
গাড়ী চলোৱা হয় বাম
ইণ্টাৰনেট টিএলডি .uk
কলিং ক'ড ++৪৪
বন্ধ কৰক

যুক্তৰাজ্য বহুতো দ্বীপ লৈ গঠিত। দ্বীপসমূহক একেলগে ব্ৰিটিছ দ্বীপপুঞ্জ নামেৰে অভিহিত কৰা হয়। ইয়াৰে সৰ্ববৃহৎ দ্বীপটৌৰ নাম বৃহৎ ব্ৰিটেন বা গ্ৰেইট ব্ৰিটেন। গ্ৰেট ব্ৰিটেনৰ সকলোতকৈ বৃহৎ আৰু জনবহুল অংশটিৰ নাম ইংলেণ্ড, যি দ্বীপটোৰ দক্ষিণ আৰু পূব অংশ গঠন কৰিছে। পশ্চিমে আছে ৱেল্ছ আৰু উত্তৰ অংশত আছে স্কটলেণ্ড। আনহাতে আয়াৰলেণ্ড দ্বীপৰ উত্তৰ-পূব প্ৰান্তত উত্তৰ আয়াৰলেণ্ড অৱস্থিত। আয়াৰলেণ্ড দ্বীপ ব্ৰিটিছ দ্বীপপুঞ্জৰ দ্বিতীয় বৃহত্তম দ্বীপ। এই দ্বীপৰ অধিকাংশ তথা দক্ষিণ ভাগ জুৰি অৱস্থিত প্ৰজাতন্ত্ৰী আয়াৰলেণ্ড। যুক্তৰাজ্যৰ বাকী অংশক আটলাণ্টিক মহাসাগৰ, উত্তৰ সাগৰ, ইংলিছ চেনেল আৰু আইৰিছ সাগৰে আৱৰি ৰাখিছে। ইয়াৰোপৰি ব্ৰিটিছ সাম্ৰাজ্যকালৰ সময়ত হস্তগত ১৪টি বহিঃস্থ অঞ্চল এতিয়াও যুক্তৰাজ্যৰ অধীনত আছে। গ্ৰেইট ব্ৰিটেন দ্বীপ চেনেল টানেলৰ মাধ্যমেৰে ফ্ৰান্সৰ সৈতেও সংযুক্ত।

যুক্তৰাজ্য এখন সাংবিধানিক গণতন্ত্ৰ। ৰাণী দ্বিতীয় এলিজাবেথ ৰাষ্ট্ৰপ্ৰধান। ইয়াত এখন সংসদীয় গণতন্ত্ৰ ব্যৱস্থা বিদ্যমান হৈ আছে। লণ্ডন যুক্তৰাজ্যৰ ৰাজধানী আৰু বৃহত্তম চহৰ; ই ইংলেণ্ডৰ দক্ষিণ-পূব প্ৰান্তত অৱস্থিত।

ভূগোল

ভৌগোলিক আকাৰৰ দিশৰ পৰা যুক্তৰাজ্য এখন ক্ষুদ্ৰ ৰাষ্ট্ৰ। উষ্ণ উপসাগৰীয় স্ৰোতৰ প্ৰভাৱৰ ফলত ইয়াৰ জলবায়ু মৃদু আৰু আৰ্দ্ৰ। উত্তৰ অংশত যথেষ্ট শীতৰ প্ৰভাৱ পৰে। বছৰৰ অধিকাংশ সময়তে ইয়াৰ আকাশ মেঘাচ্ছন্ন হৈ থাকে বাবে বৃষ্টিপাতৰ পৰিমাণ অধিক। ইয়াৰ দক্ষিণ আৰু পূবে আছে বিস্তীৰ্ণ সমভূমি; পশ্চিম আৰু উত্তৰে আছে সুউচ্চ পাহাৰ আৰু পৰ্বত।

আকাৰত সৰু হ'লেও ব্ৰিটেইনৰ জনবসতি ঘন। ইয়াত প্ৰতি বৰ্গকিলোমিটাৰত প্ৰায় ২৫০ লোকে বাস কৰে। ব্ৰিটেইন অৰ্থনৈতিকভাবে অত্যন্ত সমৃদ্ধ, শিল্প আৰু বিজ্ঞানত উন্নত, প্ৰযুক্তিত আধুনিক এখন শান্তিপূৰ্ণ ৰাষ্ট্ৰ। ব্ৰিটেইন ইউৰোপৰ ধনী দেশসমূহৰ এখন আৰু ইয়াৰ জনসাধাৰণৰ জীৱনযাত্ৰাৰ মান বিশ্বৰ অন্যান্য দেশৰ তুলনাত উন্নত।

তথ্যসংগ্ৰহ

বহিঃসংযোগ

Wikiwand in your browser!

Seamless Wikipedia browsing. On steroids.

Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.

Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.