অসম ৰাজ্যিক সংগ্ৰহালয়
উত্তৰ-পূব ভাৰতৰ মুখ্য সংগ্ৰহালয় From Wikipedia, the free encyclopedia
Remove ads
অসম ৰাজ্যিক সংগ্ৰহালয় হৈছে উত্তৰ-পূব ভাৰতৰ মুখ্য সংগ্ৰহালয়। অসম ৰাজ্যিক সংগ্ৰহালয়টো গুৱাহাটী মহানগৰৰ দীঘলীপুখুৰীৰ দক্ষিণত অৱস্থিত। অসম ৰাজ্যিক সংগ্ৰহালয়টো কামৰূপ অনুসন্ধান সমিতিয়ে স্থাপন কৰিছিল আৰু ১৯৪০ চনৰ ২১ এপ্ৰিলত তেতিয়াৰ অবিভক্ত অসমৰ গৱৰ্ণৰ ছাৰ ৰবাৰ্ট ৰেইডৰ দ্বাৰা মুকলি কৰা হৈছিল।[1] অসম ৰাজ্যিক সংগ্ৰহালয় হৈছে ৰায় বাহাদুৰ কনকলাল বৰুৱাৰ মানস সন্তান।[2] অসম ৰাজ্যিক সংগ্ৰহালয়টোৰ দ্বায়িত্ত্ব ১৯৫৩ চনত অসম চৰকাৰে লয় আৰু ইয়াক শৈক্ষিক বিভাগৰ সংগ্ৰহালয় আৰু পুৰাতত্ত্বৰ অধীনত ৰাখে।[1] পি ডি চৌধুৰী আছিল সংগ্ৰহালয়টোৰ প্ৰথম সঞ্চালক।[2] ১৯৮৩ চনৰ এই দুটা বিভাগ (সংগ্ৰহালয় আৰু পুৰাতত্ত্ব সঞ্চালকালয়) পৃথক কৰা হয়।[1]

Remove ads
ইতিহাস
অসম ৰাজ্যিক সংগ্ৰহালয়ৰ ইতিহাস আৰম্ভ হয় কুৰি শতিকাৰ আৰম্ভণিতেই। ইয়াৰ প্ৰতিষ্ঠাপক সংস্থান কামৰূপ অনুসন্ধান সমিতি আছিল ১৯১২ চনত এদল স্বেস্বাসেৱকৰ দ্বাৰা গঠিত হোৱা এক সংস্থান।[3] কামৰূপ অনুসন্ধান সমিতিয়ে অঞ্চলটোত শিচৰিত হৈ থকা বহুতো ঐতিহাসিক সম্পদ আহৰণ কৰি নিজাকৈ সংগ্ৰহ কৰিছিল। কামৰূপ অনুসন্ধান সমিতিৰ স্বেস্বাসেৱকসকলে আহৰণ কৰা সম্পদসমূহকলৈ নিজাকৈয়ে সংগ্ৰহালয় সাজি উলিয়াইছিল য'ত আছিলে শিলাচিত্ৰ আৰু ভিন ভিন সামগ্ৰী। তেওঁলোকৰ মূল উদ্দেশ্য আছিল সম্পদসমূহৰ সংৰক্ষণ আৰু প্ৰদৰ্শন।[3] সংগ্ৰহালয়টোৰ প্ৰথমে নাম আছিলে অসম প্ৰাদেশিক সংগ্ৰহালয় আৰু মুকলি কৰিছিলে অবিভক্ত অসমৰ গৱৰ্ণৰ ছাৰ ৰবাৰ্ট নেইল ৰেইডে ১৯৪০ চনৰ ২১এপ্ৰিলত।[3] পিছত ১৯৫৩ চনৰ ১ এপ্ৰিলত অসম চৰকাৰে সংগ্ৰহালয়টোৰ দায়িত্ব লয়। যদিও সংগ্ৰহালয়টোক এক সাংস্কৃতিক সংগ্ৰহালয় হিচাপে গঠন কৰাৰ ইচ্ছা কৰা হৈছিল যদিও ই এটা মূলতঃ এটা পুৰাতাত্বিক সংগ্ৰহালয় আছিল।[3] পি ডি চৌধুৰীৰ দিনত বিভিন্ন বিভাগৰ গেলেৰী যোগ কৰি সংগ্ৰহালয়টোক বহুমুখী সংগ্ৰহালয় কৰা হয়।[3]
কামৰূপ অনুসন্ধান সমিতিৰ সংগ্ৰহসমূহে সংগ্ৰহালয়টোলৈ যথেষ্ট বৰঙণি যোগাইছিল। কামৰূপ অনুসন্ধান সমিতিৰ পৰা সংগ্ৰহালয়টোৱে লাভ কৰা বিভিন্ন সম্পদসমূহৰ পৰিমাণ আছিল এনেধৰণৰ:[4]
- শিলা চিত্ৰ -৮৬খন
- ধাতুৰ সামগ্ৰী-৩০
- কাঠচিত্ৰ আৰু আন কাঠৰ সামগ্ৰী-৮
- টেৰাক'টা ভাস্কৰ্য্য-১৮
- প্ৰাচীন মাটিৰ পাত্ৰ আৰু সামগ্ৰী-৪৬
- আহোম যুগৰ কাপোৰ-৩৬
- জনজাতীয় বস্তু-১৯
- মুদ্ৰা-৩৩
- নানাৰকমৰ বস্তু-২৫
- সাঁচি পাতৰ পুথি-২৫৬
ইয়াৰ উপৰিও সমিতিয়ে কিছুমান বৈদেশিক মুদ্ৰাও দান দি থৈ যায়।[4]
Remove ads
সংগ্ৰহসমূহ
অসম ৰাজ্যিক সংগ্ৰহালয়ত অসম আৰু উত্তৰ পূৱ ভাৰতৰ সমাজ সংস্কৃতিৰ লগত জড়িত বহুটো অমূল্যসম্পদ সংগ্ৰহ কৰি থোৱা হৈছে।[5]। অসম ৰাজ্যিক সংগ্ৰহালয়ত মুঠতে ১৩৮০২টা সম্পদ আছে। ইয়াৰে ১৬২১ টাহে প্ৰদৰ্শিত কৰা হয়।[5] অসম ৰাজ্যিক সংগ্ৰহালয়ত ৪২টা মাষ্টাৰপিচ্ বস্তু আছে তাৰ ভিতৰত উল্লেখযোগ্যসমূহ হ'ল:[5]
- ১১ শতিকাৰ বুদ্ধ মূৰ্তি : ইয়াক বিহাৰত পোৱা গৈছিল।
- ১৩ - ১৪ শতিকাৰ নটৰাজ মূৰ্তি : ইয়াক গুৱাহাটীৰ আমবাৰীত পোৱা গৈছিল।
- ১৯ শতিকাৰ বুদ্ধ মূৰ্তি (কাগজৰ মণ্ড) : ইয়াক মাৰ্ঘেৰিটাৰ বুদ্ধ বিহাৰ পোৱা গৈছিল।
- ৯ - ১০ম শতিকাৰ কাঁহৰ ঘণ্টা : ইয়াক গুৱাহাটীৰ ওদালবাক্ৰা কাহিলিপাৰাত পোৱা গৈছিল।
- ৯ - ১১ শতিকাৰ ব্ৰঞ্জৰ মহিষামৰ্দিনী: ইয়াক গুৱাহাটীৰ ওদালবাক্ৰা কাহিলিপাৰাত পোৱা গৈছিল।
- ৫ম শতিকাৰ নগাজৰী খনিকৰ গাঁও: ইয়াক গোলাঘাটৰ খনিকৰগাঁৱত পোৱা গৈছিল।
- ২য় বিশ্বযুদ্ধৰ জাপানিজ বোমা: ইয়াক ক'হিমাত পোৱা গৈছিল।
- ১৬ শতিকাৰ সৰ্পস্তম্ভ: ইয়াক শদিয়াত পোৱা গৈছিল।
- ১১ - ১২ শতিকাৰ বিষ্ণু মূৰ্তি : ইয়াক গুৱাহাটীৰ উলুবাৰীত পোৱা গৈছিল।
- শেষ মধ্যযুগৰ আদিবাসীৰ দুৰ্গা: ইয়াক মঙ্গলদৈত পোৱা গৈছিল।
- ২য় বিশ্বযুদ্ধৰ ষ্টেন গান: ইয়াক ক'হিমাত পোৱা গৈছিল।
Remove ads
সংগ্ৰহালয়ত থকা শাখাসমূহ
এই বহুমুখী সংগ্ৰহালয়টোত কেইবাটাও শাখা আছে। এই শাখাসমূহ হ'ল:[5]
- পাঠোদ্ধাৰ বা পুৰালেখ শাখা
- ভাস্কৰ্য্য শাখা
- ভূতত্ত্ব শাখা
- কলা আৰু কাৰুশিল্প
- গান্ধী কৰ্নাৰ
- পুৰণি পোছাক
- সংগীতৰ বাদ্যযন্ত্ৰ
- সাহিত্য শাখা
- চিত্ৰকলা শাখা
- যুদ্ধ অস্ত্ৰ ইত্যদি
খোলাৰ সময়
সংগ্ৰহালয়টোৰ সাধাৰণ জনতাৰ বাবে খোলা ৰখাৰ সময় এনে ধৰণৰ:[1]
সোমবাৰে সংগ্ৰহালয়টো বন্ধ ৰখা হয়। আন বাৰে সংগ্ৰহালয়টো ৰাতিপুৱা ১০ ৰ পৰা সন্ধিয়া ৫ বজালৈকে খোলা ৰখা হয়। মাহৰ ২য় আৰু ৩য় শনিবাৰে সংগ্ৰহালয়টো বন্ধ ৰখা হয়।
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads