আইটন জনগোষ্ঠী

অসমৰ এটা জনগোষ্ঠী From Wikipedia, the free encyclopedia

Remove ads

টাই-আইটন জনগোষ্ঠী (থাই ভাষা: ชาวไทอ่ายตน চাও টাই আই টন) হল অসমত বসবাস কৰা উত্তৰ পূব ভাৰতৰ টাই জাতিৰ এটা ঠাল।[1] [2]তেওঁলোকক চিয়াম বা শ্যাম বুলিও কোৱা হয় (যিটো সম্ভৱতঃ চি-য়াং চীনা শব্দৰ পৰা আহিছে যাক টাই সকলক বুজাবলৈ ব্যৱহাৰ কৰা হয়)।তেওঁলোকে টাই আইটন ভাষা কয়।[3] অসম চৰকাৰে তেওঁলোকক অনুসূচিত জনজাতি (পাহাৰ) হিচাপে স্বীকৃতি দিয়াৰ লগতে মান-টাই ভাষী লোক হিচাপে তালিকাভুক্ত কৰিছে।[4]

ক্ষিপ্ৰ তথ্য মুঠ জনসংখ্যা, উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ ...
Remove ads

বৰ্তমান

আইটনসকলৰ মাজত ১৪টা ফৈদ আছে।[5] তেওঁলোকে নিজৰ নিজৰ বংশৰ নাম উপাধি হিচাপে ব্যৱহাৰ কৰে।[5] তেওঁলোকৰ জনসংখ্যা জানিব পৰা হোৱা নাই যদিও ৮ হাজাৰতকৈও কম হ’ব বুলি আশা কৰা হৈছে। আন খিলঞ্জীয়া অসমীয়া জনগোষ্ঠীসমূহে সাধাৰণতে তেওঁলোকক শ্যাম বা চিয়াম অৰ্থাৎ টাই মানুহ বুলি অভিহিত কৰে।

ইতিহাস

আইটন জনগোষ্ঠীৰ মৌখিক আৰু লিখিত তথ্য অনুসৰি চীন-মান সীমান্তৰ ওচৰৰ মু'ঙ মাওৰ পৰা তেওঁলোক আহিছিল।[6] আহোম বুৰঞ্জীত তেওঁলোকৰ কথা উল্লেখ আছে।[7] চাওফা চুডাংফাৰ দিনত তেওঁলোকে আহোম ৰাজ্যক কৰ প্ৰদান কৰা নাছিল।[7] সাধাৰণতে বিশ্বাস কৰা হয় যে তেওঁলোকে প্ৰায় দুই-তিনিশ বছৰ আগতে অত্যাচাৰৰ পৰা আশ্ৰয় বিচাৰি পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহিছিল।[8] তেওঁলোক থেৰাবাদী বৌদ্ধ ধৰ্মালম্বী আৰু তেওঁলোকৰ ভাষা উত্তৰ-পূব থাইলেণ্ডৰ ভাষাৰ সৈতে মিলে।[5] বয়সীয়াল বহু আইটন মানুহে অসমীয়া ভাষা সলসলীয়াকৈ কব নোৱাৰে।[9]

Remove ads

ভৌগোলিক বিস্তৃতি

ভাষা

আইটন ভাষা টাই পৰিয়ালৰ ভাষাৰ দক্ষিণ-পশ্চিম শাখাৰ এটা অংশ।[10] ইয়াক ধনশিৰি উপত্যকা আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত কোৱা হয়।[11] বৰ্তমান ইয়াক ভাবুকিৰ সন্মুখীন হোৱা ভাষা হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে, বিশ্বজুৰি ইয়াৰ ভাষী ২০০০ তকৈও কম।[11] ইয়াৰ আন নামসমূহ হল আইটনিয়া, চাম আৰু দুৱানিয়া।[11] ইয়াৰ লগত ছান ভাষাৰ ঘনিষ্ঠ সম্পৰ্ক আছে, আৰু কেতিয়াবা ইয়াৰ উপভাষা বুলিও গণ্য কৰা হয়।[10] অসমত এই শাখাৰ আন তিনিটা সক্ৰিয়ভাৱে কথিত ভাষা আছে: খামতী, ফাকে, আৰু খাময়াং।[10]

আইটন লিপি

টাই আইটনসকলৰ নিজা নিজা লিপি আছে যাক 'লিক-টাই' বুলি কোৱা হয়, যিটো তেওঁলোকে খামটি মানুহ আৰু টাই ফাকে ভাষাটো ব্যবহাৰ হয়।[6] ই উত্তৰ ছান লিপিৰ সৈতে নিবিড়ভাৱে মিল খায়, যিটো বাৰ্মিজ লিপিৰ সৈতেও মিলে, যদিও কিছুমান আখৰে পৃথক আকৃতি লয়।[12]

Remove ads

তথ্যসংগ্ৰহ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads