এপ্ৰিল

গ্ৰেগৰীয় কেলেণ্ডাৰ অনুসৰি বছৰৰ চতুৰ্থ মাহ From Wikipedia, the free encyclopedia

Remove ads

এপ্ৰিল গ্ৰেগৰীয় কেলেণ্ডাৰ অনুসৰি বছৰৰ চতুৰ্থ মাহ। এই মাহত মুঠ ৩০ দিন থাকে। এপ্ৰিল মাহটো সাধাৰণতে উত্তৰ গোলাৰ্ধত বসন্ত ঋতু, আৰু দক্ষিণ গোলাৰ্ধত শৰৎ ঋতুৰ সৈতে জড়িত৷

১০১১১২
১৩১৪১৫১৬১৭১৮১৯
২০২১২২২৩২৪২৫২৬
২৭২৮২৯৩০  

ইতিহাস

ৰোমানসকলে প্ৰথমে এপ্ৰিল মাহটো লেটিন ভাষাত এপ্ৰিলিছ[1] (Aprilis) নাম দিছিল যদিও এই নামৰ ব্যুৎপত্তি অনিশ্চিত। পৰম্পৰাগত ব্যুৎপত্তি অনুসৰি ইংৰাজী April শব্দটো এপেৰাইৰ (aperire) অৰ্থাৎ "উন্মুক্ত হোৱা" ক্ৰিয়াৰ পৰা আহিছে, ইয়ে ইংগিত দি যে এয়া হৈছে ফুল "ফুলিবলৈ" আৰম্ভ কৰা ঋতু, যিটো আধুনিক গ্ৰীকসকলে বসন্ত ঋতুৰ বাবে ব্যৱহাৰ কৰা άνοιξη (ánixi) (উন্মুক্ত হোৱা)ৰ সৈতে তুলনা কৰিব পাৰি। যিহেতু ৰোমান মাহবোৰৰ নাম তেওঁলোকৰ দেৱতাৰ সন্মানত ৰখা হৈছিল আৰু যিহেতু এই মাহটো দেৱী ভেনাছৰ বাবে পবিত্ৰ আছিল, তেওঁৰ ভেনেৰিয়া উৎসৱ এই মাহৰ প্ৰথম দিনাই অনুষ্ঠিত কৰা হৈছিল, সেয়েহে তেওঁৰ সমতুল্য গ্ৰীক দেৱী এফ্ৰ’ডাইট (Aphrodite) বা এট্ৰোষ্কান (Etruscan) ভাষাৰ এপ্ৰো (Apru) নামৰ পৰা মাহটোৰ নাম এপ্ৰিলিছ বা আদিতে এফ্ৰিলিছ দিয়া হৈছিল বুলি ধাৰণা কৰা হয়৷ জাৰ্মান লেখক জেকব গ্ৰিমে এপেৰ (Aper) বা এপ্ৰোছ (Aprus) নামৰ এজন কাল্পনিক দেৱতা বা নায়কৰ নামেৰে মাহটোৰ নাম এপ্ৰিল হোৱা বুলি পৰামৰ্শ দিছিল।[2]

Remove ads

প্ৰতীক

Thumb
ডেইজী ফুল

এপ্ৰিল মাহৰ জন্মপাথৰ হীৰা। জন্ম ফুল হৈছে কমন ডেইজী (Bellis perennis) বা ছুইট পী (sweet pea)।[3][4] ৰাশি হৈছে মেষ (১৯ এপ্ৰিললৈকে) আৰু বৃষ (২০ এপ্ৰিলৰ পৰা)।[5][6]

Thumb
ছুইট পী

দিৱস

তথ্য সংগ্ৰহ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads