কাৰ্বি আংলং জিলা

ভাৰতৰ অসম ৰাজ্যৰ এখন জিলা From Wikipedia, the free encyclopedia

কাৰ্বি আংলং জিলাmap
Remove ads

কাৰ্বি আংলং জিলা অসমৰ মধ্য অঞ্চলত অৱস্থিত এক প্ৰশাসনিক জিলা। অসমৰ জিলা সমূহৰ ভিতৰত মাটিকালিৰে ই সৰ্ববৃহৎ। জিলাখনৰ পূবে গোলাঘাট জিলা, পশ্চিমে নগাঁও জিলা, পশ্চিম কাৰ্বি আংলং জিলা আৰু হোজাই জিলা, উত্তৰে নগাঁও আৰু গোলাঘাট জিলাৰ অংশ আৰু দক্ষিণে ডিমা হাছাও জিলা আৰু নাগালেণ্ড ৰাজ্য। ডিফু এই জিলাৰ সদৰ চহৰ। কাৰ্বি আংলং জিলাৰ মাটিকালি ৭,৩৯৯ বৰ্গ কিলোমিটাৰ।[1]

ক্ষিপ্ৰ তথ্য কাৰ্বি আংলং জিলা, দেশ ...
Remove ads

নামৰ উৎপত্তি

কাৰ্বি জনগোষ্ঠী জিলাখনৰ স্থানীয় অধিবাসী। কাৰ্বি ভাষাত 'আংলং' শব্দৰ অৰ্থ হৈছে পাহাৰ, সেয়ে 'কাৰ্বি আংলং' অৰ্থাৎ 'কাৰ্বি লোকসকলৰ পাহাৰ'।

ইতিহাস

ব্ৰিটিছ শাসনৰ আগতে বৰ্তমানৰ কাৰ্বি আংলং জিলাৰ ভূখণ্ড ডিমাচা ৰাজ্যৰ অধীনত আছিল। ১৮৫৪ চনত [তুলাৰাম থাউচেন]ৰ মৃত্যুৰ পাছত কাৰ্বি আংলং জিলা প্ৰত্যক্ষ ব্ৰিটিছ শাসনৰ তললৈ আহে আৰু ব্ৰিটিছে ইয়াক 'অনুসূচিত জিলা' আখ্যা দিয়ে। ১৯৩৫ চনৰ ভাৰত চৰকাৰৰ আইন অনুসৰি মিকিৰ পাহাৰ অঞ্চলক 'partially excluded areas' হিচাপে অন্তৰ্ভুক্ত কৰা হয়। ভাৰত স্বাধীন হোৱাৰ পাছত ১৯৫১ চনৰ ১৭ নৱেম্বৰ তাৰিখে বৰ্তমানৰ কাৰ্বি আংলং জিলা, উত্তৰ কাছাৰ জিলা আৰু কাছাৰ, নগাঁও, গোলাঘাট জিলাৰ অংশ বিশেষ আৰু 'সংযুক্ত খাছী আৰু জয়ন্তীয়া পাহাৰ জিলা'ক সাঙুৰি 'সংযুক্ত মিকিৰ পাহাৰ আৰু উত্তৰ কাছাৰ জিলা' ঘোষণা কৰা হৈছিল। ইয়াৰ পাছত ১৯৭০ চনৰ ২ ফেব্ৰুৱাৰীত এই জিলাক দ্বিখণ্ডিত কৰি ক্ৰমে 'মিকিৰ পাহাৰ জিলা' আৰু 'উত্তৰ কাছাৰ জিলা' গঠন কৰা হয়। ১৯৭৬ চনৰ ১৪ অক্টোবৰ তাৰিখে মিকিৰ পাহাৰ জিলাৰ নাম সলনি কৰি কাৰ্বি আংলা জিলা কৰা হয়।[2] ২০১৬ চনত জিলাখনক পুনৰ দুভাগত বিভক্ত কৰি হামৰেণ মহকুমাক লৈ পশ্চিম কাৰ্বি আংলং জিলা নামেৰে এখন নতুন জিলাৰ গঠন কৰা হয়। বাকী থকা অঞ্চল বৰ্তমানৰ কাৰ্বি আংলং জিলাত থাকি যায়।[3][4]

Remove ads

প্ৰশাসনীয় বিভাগ

কাৰ্বি আংলং জিলাক দুখন মহকুমাত ভগোৱা হৈছে: এখন ডিফু মহকুমা যাৰ অধিনত ডিফু ৰাজহ চক্ৰ আৰু ফুলনি ৰাজহ চক্ৰ আছে। আনখন বোকাজান মহকুমা যাৰ অধিনত চিলনীজান ৰাজহ চক্ৰ আছে।

কাৰ্বি আংলং জিলাত অসম বিধানসভাৰ তিনিখন সমষ্টি আছে: বোকাজান (১৭), হাওৰাঘাট (১৮), ডিফু (১৯)।[5] এই আটাইকেইটা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত।[5] কাৰ্বি আংলং আৰু ডিমা-হাছাও জিলা সংলগ্ন কৰি স্বায়ত্ত্ব শাসিত জিলা লোকসভা সমষ্টি এটা সংসদীয় সমষ্টি।[6]

ডিফু চহৰ কাৰ্বি আংলং জিলাৰ সদৰ। এই জিলাৰ আন চহৰকেইখন হৈছে বোকাজান আৰু হাওৰাঘাট। অবিভক্ত কাৰ্বি আংলং জিলাৰ সৰ্বমুঠ গাঁৱৰ সংখ্যা ২,৯২৮।

জনগাঁঠনি

২০১১ চনৰ লোকপিয়লৰ সাময়িক তথ্য অনুসৰি কাৰ্বি আংলং জিলাৰ মুঠ জনসংখ্যা ৬,৬০,৯৫৫ জন।[1] জনবসতিৰ ঘনত্ব ৮৯.৩ জন প্ৰতি বৰ্গ কিলোমিটাৰত। ২০০১ চনৰ তুলনাত অবিভক্ত কাৰ্বি আংলং জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১৭.৫৮% আৰু লিংগ অনুপাত ৯৫৬ গৰাকী মহিলা প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে। স্বাক্ষৰতাৰ হাৰ ৫৮.২৭%।[1]

কাৰ্বি আংলং জিলা কেইবাটাও পাৰ্বত্য জনগোষ্ঠীৰ বাসভূমি। ২০১১ চনৰ লোকপিয়ল অনুসৰি অবিভক্ৰ কাৰ্বি আংলং জিলাত অনুসূচিত জনজাতিৰ লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ ৫৬.৩৩%।[1] কাৰ্বি জনগোষ্ঠীৰ লোকৰ সংখ্যাই আটাইতকৈ বেছি। ইয়াৰ বাহিৰেও কাৰ্বিং আংলং জিলাত ৰেংমা নগা, ডিমাছা, চাহ জনগোষ্ঠী আদিবাসী, বড়ো, কুকি, গাৰো, তিৱা, খাচী, মাৰ, মিজো আৰু চাক্‌মা জনগোষ্ঠীৰ লোক আছে।[7]

প্ৰচলিত ভাষা

কাৰ্বি ভাষী লোকৰ সংখ্যাই আটাইতকৈ বেছি। ইয়াৰ বাহিৰেও বড়ো, কুকি, অসমীয়া আৰু আইটন ভাষাৰ প্ৰচলন আছে। আইটন ভাষী লোকৰ সংখ্যা প্ৰায় ১৫০০ জন। এই ভাষা শান ভাষাৰ লগত মিলে আৰু লিখা হয় মান (ব্ৰহ্মদেশীয়) লিপিত।[8] তথা ইয়াত চাহ জনগোষ্ঠী আদিবাসী ভাষাৰো প্ৰচলন আছে । এই লোকসকলক ভাৰত স্বাধীনতা পূৰ্বে বৃটিছ শাসনৰ পৰা বসবাস কৰি আছে।

Remove ads

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads