খামটি জনগোষ্ঠী
অসম আৰু অৰুণাচলৰ এটা জনগোষ্ঠী From Wikipedia, the free encyclopedia
Remove ads
টাই খামটি (খামতি) বা খামটি শান হল চীনৰ য়ুন্নান প্ৰদেশ, ম্যানমাৰৰ কাচিন ৰাজ্যৰ খাম টি লুং, মগয়ুং আৰু মিটকীয়ান ঠাইৰ পৰা মূলবসতি ধৰি উত্তৰপূবৰ অসম আৰু অৰুণাচলত বসবাস কৰা উত্তৰপূবৰ টাই জাতিৰ এটা ঠাল।[1] অসমত খামটিসকলৰ জনসংখ্যা প্ৰায় ৬০,০০০ ত কৈ অধিক। আহোমসকলৰ পাছতে খামটি সকল অসমৰ অন্য এটা বৃহৎ টাই জনগোষ্ঠী। টেঙাপানী অঞ্চলত খামটিসকলৰ কিছু জনসংখ্যা দেখা যায়। খামটি সকলে থেৰাবাদী বৌদ্ধ ধৰ্ম পালন কৰে। তেওঁলোকৰ নিজা লিপি আছে যি শান লিপিৰ পৰা উদ্ভৱ হোৱা। তেওঁলোকৰ মাতৃভাষা খামটি ভাষা।
![]() | এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
Remove ads
জীৱন নিৰ্বাহ
খামটিসকলে থেৰাবাদী বৌদ্ধধৰ্মত বিশ্বাস কৰে। তেওঁলোকে ৰাতিপুৱা আৰু গধূলি বুদ্ধক স্মৰণ কৰে। খামটি সকলে পৰম্পৰাগত ভাবে মজিয়াখন কাঠেৰে আৰু বেৰসমূহ বাঁহেৰে নিৰ্মাণ কৰা ঘৰত বাস কৰে। খামটিসকলৰ মূল জীৱিকা কৃষি আৰু তেওঁলোকে পৰম্পৰাগতভাবে আলু, সৰিয়হ, ধান আদি উৎপাদন কৰে। খামটিসকলৰ মুখ্য খাদ্য হল ভাত। খামটিসকল আমিষভোজী।
ভাষা আৰু লিপি
খামটিসকলে খামটি ভাষা ব্যৱহাৰ কৰে যিটো এক প্ৰকাৰৰ দক্ষিণ-পশ্চিমীয়া টাইভাষা। খামটি ভাষাৰ মুঠ তিনিটা উপভাষা আছে। সেয়া হল- উত্তৰ মান খামটি, অসম খামটি আৰু চিংকলিং খামটি। খামটিসকলে খামটি ভাষাৰ উপৰি অসমীয়া আৰু মান ভাষাৰো ব্যৱহাৰ কৰে। খামটিসকলে নিজৰ লিপিটোক লিক-টাই বুলি কয়। খামটিসকলৰ লিপি কেইশ বছৰ আগতে লিক ট' ঙাওক নামৰ লিপিৰ পৰা বিকাশ ঘটিছিল। তেওঁলোকৰ লিপিত ৩৫টা আখৰ আছে। এই লিপিটো পৰম্পৰাগত ভাবে বুদ্ধ জাতক কথা, ত্ৰিপিটিকা, ইতিহাস আদি গ্ৰন্থ সমূহ লিখোঁতে আৰু পঢ়োঁতে ব্যৱহাৰ হৈছিল। পাছলৈ২০০৩ চনত ইয়াত উচ্চাৰণৰ চিহ্ন উত্তৰ মান আৰু অৰুণাচলৰ বিদ্বানসকলে ব্যৱহাৰ কৰি নতুন ৰূপ দিয়ে।
Remove ads
তথ্য সংগ্ৰহ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads