গড়গাঁও

অসমৰ এখন ঐতিহাসিক ঠাই From Wikipedia, the free encyclopedia

গড়গাঁওmap
Remove ads

গড়গাঁও বা চে'-হুঙ (টাই-আহোম: 𑜋𑜦𑜧 𑜑𑜤𑜂𑜫, ,উচ্চাৰণ:/gɑ:ˈgɑ̃ʊ/) আহোম ৰাজ্যৰ ৰাজধানী আছিল। ১৫৪০ চনত স্বৰ্গদেউ চুক্লেংমুঙে গড়গাঁৱত আহোম ৰাজ্যৰ ৰাজধানী স্থাপন কৰিছিল।[1][2] বৰ্তমান এই স্থান অসমৰ শিৱসাগৰ জিলাত অৱস্থিত। গড়গাঁও শিৱসাগৰ চহৰৰ পৰা ১৩ কিলোমিটাৰ নিলগত অৱস্থিত। ১৫৪০ চনতে স্বৰ্গদেউ চুক্লেংমুঙে গঁড়গাঁৱত কাৰেং ঘৰ কাঠ আৰু শিলেৰে নিৰ্মাণ আৰম্ভ কৰিছিল। তাৰ পাছত স্বৰ্গদেউ প্ৰমত্ত সিংহয়ে ইয়াক ইটাৰে নিৰ্মাণ কৰে। তেওঁ গড়গাঁও কাৰেঙৰ চাৰিওফালে প্ৰায় পাঁচ কিলোমিটাৰ দৈৰ্ঘ্যৰে ইটাৰ দেৱাল আৰু প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰিছিল।[3] ১৭৫২ চনত কাৰেংঘৰটো বেয়াকৈ ক্ষতি হয়। সেয়ে আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক পুনৰ নিৰ্মাণ কৰায়।[3][4]

ক্ষিপ্ৰ তথ্য গড়গাঁও চে'-হুঙ (𑜋𑜦𑜧 𑜑𑜤𑜂𑜫), দেশ ...
Remove ads

নামৰ উৎপত্তি

গড়গাঁৱৰ অতীতত নাম হেমেনাবাৰী আছিল। ৰাজধানী হোৱাৰ আগতে ইয়াত হেমেনা নামৰ মানুহ এজনৰ মাটি-বাৰী আছিল। কথিত আছে যে স্বৰ্গদেউ চুক্লেনমুঙৰ পত্নী চাওচিঙে সমসাময়িক চীন দেশৰ শান ৰাজ্যৰ ৰাজপ্ৰসাদৰ আৰ্হিত নতুন ৰাজধানী নক্সা সাজি উলিয়াইছিল। গড়গাঁৱৰ নিৰাপত্তা ব্যৱস্থা অতি সুৰক্ষিত আছিল। তেওঁৰ পৰামৰ্শ অনুসৰি গড়গাঁৱৰ চাৰিওফালে খাৱৈ খান্দি ওখ গড় বন্ধা হৈছিল। গড়গাঁও নামৰ মূল বিশেষত্ব এই যে গড় মাৰি ৰাজধানী পতাৰ বাবেই এই ঠাইৰ নাম গড়গাঁও হল।

Remove ads

বিৱৰণ

চাৰিওদিশে খাৱৈ খান্দি গড় বন্ধোৱা প্ৰথা টাই আহোম সকলৰ মাজত প্ৰচলিত। গড়গাঁৱক সুৰক্ষিত কৰি ৰাখিবলৈ গড়ৰ বাহিৰে পানী থকা পুখুৰীৰ সমান দ আৰু বহল খাৱৈ খান্দি ৰাখে আৰু বৰষুণৰ ফলত যাতে গড়ৰ মাটি খহি নাযায় আৰু গড়ৰ মাজেদি যাতে শত্ৰুপক্ষ সোমাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গড়ৰ ওপৰত কোটোহা বাঁহ ৰোৱা হৈছিল। ৰাজধানী সুৰক্ষাৰ বাবে বাজ গড়, ভিতৰ গড় আৰু ইটা গড়কে আদি কৰি তিনিখাপৰ গড় নিৰ্মাণ কৰি লৈছিল। গড়গাঁৱৰ কাৰেংঘৰ পূৰ্বে কাঠ–বাঁহৰ এটা দুমহলীয়া চাংঘৰ আছিল। পিছত স্বৰ্গদেউ প্ৰতাপ সিংহয়ে গড়গাওঁ নগৰ সুৰক্ষিত কৰিবৰ উদ্দেশ্যে নগৰৰ চাৰিওকাষে বাঁহগড় নিৰ্মাণ কৰাই দহখন দুৱাৰ আৰু তিনিখন সিংহদুৱাৰ স্থাপন কৰিছিল। পিছলৈ স্বৰ্গদেউ ৰুদ্ৰ সিংহয়ে (১৬৯৬—১৭১৪খৃঃ) গড়গাঁৱত পকী পূজাঘৰ আৰু গোবিন্দ দৌল নিৰ্মাণ কৰাইছিল।

১৬৬৩ চনত অসম আক্ৰমণ কৰা মোগল চুবেদাৰ মীৰ জুমলায়ে কিছুকাল গড়গাঁৱত কটাইছিল। তাৰপিছত ১৬৬৩ চনৰ ২৩ জানুৱাৰী তাৰিখে আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহ আৰু মোগলৰ সেনাপতি মীৰ জুমলায়ে তিপামৰ ঘিলাধাৰী ঘাট নামে ঠাইত ঘিলাধাৰী ঘাটৰ সন্ধিত স্বাক্ষৰিত কৰাৰ পিছত গড়গাঁও পুনৰ আহোমৰ অধীনলৈ আহে। ১৭৬৯ চনত মোৱামৰীয়া বিদ্ৰোহী আৰু মৰাণে কিছুকাল গড়গাঁও দখল কৰিছিল।

Remove ads

চিত্ৰ বিঠিকা

তথ্য উৎস

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads