গাৰো জনগোষ্ঠী
From Wikipedia, the free encyclopedia
Remove ads
গাৰো জনগোষ্ঠী হৈছে উত্তৰ-পূব ভাৰতৰ মেঘালয়, অসম, ত্ৰিপুৰা আৰু নাগালেণ্ড ৰাজ্য, আৰু বাংলাদেশৰ কিছুমান চুবুৰীয়া অঞ্চলত বসবাস কৰা চীনা-তিব্বতীয় জনগোষ্ঠী। ঐতিহাসিকভাৱে গাৰো নামটো ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ বিস্তৃত পৰিসৰৰ বাসিন্দাৰ বাবে ব্যৱহাৰ কৰা হৈছিল যদিও এওঁলোকে নিজকে আ•চিক মাণ্ডে (অৰ্থ: "পাহাৰীয়া মানুহ," আ•চিক "পাহাৰীয়া" + মাণ্ডে "মানুহ") বুলি কয়। এওঁলোক ভাষিক ভাৱে বড়ো-কছাৰী সকলৰ সৈতে একে গোষ্ঠীৰ যাক বড়ো-গাৰো পৰিয়াল বুলি কোৱা হয়।ইয়াৰ ভিতৰত ডিমাছা, ৰাভা, আটং, তিৱা, কোচ আদি ভাষাও অন্তৰ্ভুক্ত।[2] ইটোৱে সিটোৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবে এই ভাষাবোৰৰ বহুতো মিল আছে; আৰু এই ভাষাসমূহৰ শব্দৰ কোনো নিৰ্দিষ্ট তথ্যৰ পৃষ্ঠীয় স্তৰৰ পৰ্যবেক্ষণৰ পৰাও সাদৃশ্যসমূহ সহজেই চিনাক্ত কৰিব পাৰি।[2]
Remove ads
ভাষা
প্ৰধান প্ৰবন্ধ: গাৰো ভাষা
গাৰোসকলৰ ভাষাক আচিক ভাষা বুলি কোৱা হয়। ভাষাবিদসকলৰ মতে গাৰোসকলে কোৱা ভাষাটো মূলতঃ চীনা-তিব্বতীয় ভাষাৰ মান-তিব্বতীয় উপপৰিয়ালৰ অসম-মান শাখাৰ বড়ো ভাষা উপগোটৰ অন্তৰ্গত। গাৰোসকলৰ কোনো লিপি বা আখৰ নাই।[2]
শাৰীৰিক বৈশিষ্ট্য
গাৰো সকলৰ নাক চেপেটা, চকু সৰু, গাৰ ৰং বগা হয়। শাৰীৰিকভাৱে এওঁলোক শক্তিশালী। এওঁলোকৰ চুলি সাধাৰণতে ক’লা, পোন আৰু যথেষ্ট ডাঠ হয়।
লগতে চাওক
তথ্য সংগ্ৰহ
উৎস প্ৰসংগ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads