আকাশবাণী গুৱাহাটী

গুৱাহাটীস্থিত আকাশবাণীৰ কেন্দ্ৰ From Wikipedia, the free encyclopedia

Remove ads

আকাশবাণী গুৱাহাটী হ’ল প্ৰচাৰ ভাৰতীৰ অন্তৰ্গত আকাশবাণীৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত অনাতাঁৰ সম্প্ৰচাৰণৰ ক্ষেত্ৰীয় কেন্দ্ৰ। ১৯২৭ চনৰ ২৩ জুলাই তাৰিখৰ পৰা ভাৰতবৰ্ষত অনাতাঁৰ প্ৰচাৰণ সেৱাৰ পাতনি মেলা হয়। ইণ্ডিয়ান ব্ৰ’ডকাষ্টিং কোম্পানী নামৰ এটা ব্যক্তিগত খণ্ডৰ উদ্যোগত মুম্বাইত ভাৰতৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা হয় আৰু সেই বছৰৰে ২৬ আগষ্টৰ পৰা কলিকতা কেন্দ্ৰযোগেও সংগঠিত ৰূপত অনাতাঁৰ প্ৰচাৰণ কাৰ্য আৰম্ভ হয়। ভাৰতে স্বাধীনতা লাভ কৰাৰ এঘাৰ মাহৰ পাছত ১৯৪৮ চনৰ ১ জুলাইত তেতিয়াৰ অবিভক্ত অসমৰ শ্বিলঙত প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন কৰা হয়। আৰম্ভণিতে অল ইণ্ডিয়া ৰেডিঅ’ শ্বিলং-গুৱাহাটী নাম দিয়া কেন্দ্ৰটোক পিছলৈ আকাশবাণী গুৱাহাটী হিচাপে নামকৰণ কৰা হয়।

ক্ষিপ্ৰ তথ্য প্ৰকাৰ, দেশ ...
Remove ads

চমু ইতিহাস

১৯৪৮ চনৰ ১ জুলাইত অবিভক্ত অসমৰ ৰাজধানী শ্বিলঙত অল ইণ্ডিয়া ৰেডিঅ’ৰ শ্বিলং-গুৱাহাটী কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হয়। তদানীন্তন অসমৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে শ্বিলঙত বিধানসভা ভৱন আৰু গুৱাহাটীত কমিশ্যনাৰৰ বাসভৱনটি অল ইণ্ডিয়া ৰেডিঅ’ৰ বাবে মুকলি কৰি দিয়ে। উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ সেই ভৱনৰ পৰাই গুৱাহাটী কেন্দ্ৰৰ সম্প্ৰচাৰ আৰম্ভ হয়। অনুষ্ঠান কাৰ্যবাহী বিষয়া ( পিছলৈ অল ইণ্ডিয়া ৰেডিঅ’ৰ পৰিচালক) ওবেইদুল লতিফ বৰুৱা আৰু কলিকতা কেন্দ্ৰৰ ষ্টাফ আৰ্টিষ্ট পুৰুষোত্তম দাসে শ্বিলং-গুৱাহাটী কেন্দ্ৰৰ কাম-কাজ আৰম্ভ কৰে। ১ জুন তাৰিখে ভূপেন হাজৰিকা, ফণী তালুকদাৰ আৰু বীৰেন্দ্ৰ কুমাৰ মহন্তক অনুষ্ঠান সহায়ক হিচাপে নিযুক্তি দিয়া হয়। মেহেৰা মাছনিক শ্বিলং-গুৱাহাটী কেন্দ্ৰৰ পৰিচালিকা হিচাপে নিযুক্তি দিয়া হয় আৰু এই দলটিয়ে ১৯৪৮ চনৰ ১ জুলাই তাৰিখৰ পৰা শ্বিলং-গুৱাহাটী কেন্দ্ৰৰ সম্প্ৰচাৰ আৰম্ভ কৰে। শ্বিলঙত গোপীনাথ বৰদলৈয়ে আৰু গুৱাহাটীত মৌলানা মহম্মদ তৈয়বুল্লাই আনুষ্ঠানিক কেন্দ্ৰ দুটি উদ্বোধন কৰে। উদ্বোধনৰ পিছত পৰৱৰ্তী পৰ্যায়ৰ সাক্ষাৎকাৰ গ্ৰহণ কৰি সত্যপ্ৰসাদ বৰুৱা, ছৈয়দ আব্দুল মালিক, ৰৌশনাৰা খাতুন, নাৰায়ণ বেজবৰুৱা, ৰঞ্জন বৰা, মৃগেন্দ্ৰ নাথ ৰয়চৌধুৰীক নিযুক্তি দিয়া হয়। আৰম্ভণিৰ সময়ছোৱাত দৈনিক দুটাকৈ সম্প্ৰচাৰণ হৈছিল। ৰাতিপুৱাৰ সম্প্ৰচাৰণটি পুৱা সাত বজাৰ পৰা চাৰে ন বজালৈ আছিল আৰু আবেলিৰ সম্প্ৰচাৰণটি গধূলি পাঁচ বজাৰ পৰা ন বাজি পোন্ধৰ মিনিটলৈ চলিছিল। প্ৰাৰম্ভিক অৱস্থাত দুয়োটা কেন্দ্ৰ একোজনকৈ সহকাৰী কেন্দ্ৰ পৰিচালকে চোৱা-চিতা কৰিছিল আৰু এটা এক কিলোৱাটৰ মিডিয়াম ৱেভ ট্ৰান্সমিটাৰেৰে সম্প্ৰচাৰ চলোৱা হৈছিল। শ্বিলঙৰ কেন্দ্ৰ পৰিচালকজন দুয়োটা কেন্দ্ৰৰে প্ৰধান বিষয়া আছিল। ১৯৫৩ চনত শ্বিলং-গুৱাহাটী কেন্দ্ৰৰ সদৰ অফিচ গুৱাহাটীলৈ স্থানান্তৰ কৰা হয় আৰু জালুকবাৰীত ১০ কিলোৱাটৰ ট্ৰান্সমিটাৰৰ উচ্চ ক্ষমতাসম্পন্ন প্ৰেৰক যন্ত্ৰ (transmitter) স্থাপন কৰা হয়। ফলত শ্বিলং কেন্দ্ৰৰ গুৰুত্ব ক্ৰমে হ্ৰাস পাই আহে আৰু সকলো অনুষ্ঠান গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰ হ'বলৈ ধৰে। শ্বিলঙক কেৱল ষ্টুডিঅ' হিচাপে ৰাখি তাত বাণীবদ্ধ কৰা সকলো অনুষ্ঠান গুৱাহাটীলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰা হয় আৰু ঠিক তেতিয়াৰ পৰাই অল ইণ্ডিয়া ৰেডিঅ’ শ্বিলং-গুৱাহাটী বুলি কোৱাৰ পৰিৱৰ্তে আকাশবাণী গুৱাহাটী নাম দিয়া হয়।[2] উচ্চ ক্ষমতাসম্পন্ন ট্ৰান্সমিটাৰটো লগোৱাৰ ফলত কামৰূপ, নগাঁও আৰু চুবুৰীয়া জিলাসমূহলৈও সংকেত পঠিয়াব পৰা হয়। ১৯৫৭ চনৰ মে' মাহত কেন্দ্ৰটো চানমাৰিৰ বৰ্তমানৰ স্থায়ী স্থানলৈ লৈ যোৱা হয়। গুৱাহাটী কেন্দ্ৰত এটা ১০ কিলোৱাটৰ শ্বৰ্টৱেভৰ ট্ৰানজিষ্টৰ লগোৱাত সমগ্ৰ অসমতেই ৰেডিঅ' সংকেত সম্প্ৰচাৰ কৰিব পৰা হয়।[3] বৰ্তমান পূৰ্ণ পৰ্যায়ত অৱতীৰ্ণ অনাতাঁৰ কেন্দ্ৰটোৱে সাম্প্ৰতিকভাৱে দুটা এ.এম. আৰু এটা এফ. এম. চেনেলৰ জৰিয়তে কাৰ্যক্ৰম চলাই আছে।

Remove ads

অনুষ্ঠানসমূহ

আৰম্ভণিৰে পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰই ভালেসংখ্যক মৰ্যাদাপূৰ্ণ আৰু মনোগ্ৰাহী অনুষ্ঠান সম্প্ৰচাৰ কৰি আহিছে। অসমৰ শিক্ষা-সাহিত্য, সংস্কৃতি, ৰাজনীতি, অৰ্থনীতি, কৃষি, শিশু, যুৱ-সমাজ, মহিলা, স্বাস্থ্য, ক্ৰীড়া আদি সকলো দিশকে সামৰি পৰিৱেশন কৰা অনুষ্ঠানসমূহ অসমীয়া জাতীয় আৱেগ জড়িত বুলি কোৱা হয়। ৰাতিপুৱা ভক্তিমূলক গীত বন্দনাৰে আৰম্ভ হোৱা কাৰ্যক্ৰমণিকাত অমৃতবাণী, বিদ্যাৰ্থীৰ অনুষ্ঠান, লোক সংগীতৰ অনুষ্ঠান, গীতিমালিকা, সুগম সংগীতৰ অনুষ্ঠান, অকণিৰ মেল, কল্পতৰু, আইদেউৰ বুলনি, চিত্ৰগীত আদি ভিন্ন স্বাদৰ অনুষ্ঠান অন্তৰ্ভুক্ত। সম্প্ৰতি আকাশবাণী গুৱাহাটীয়ে তিনিটা সম্প্ৰসাৰণসূচীত অনুষ্ঠানসমূহ পৰিৱেশন কৰে।

ক শাখা আৰু এফ. এম. শাখা
প্ৰাতঃ সম্প্ৰচাৰণ ৰাতিপুৱা পাঁচ বাজি আঠাইছ মিনিটৰ পৰা ন বাজি পঞ্চলিছ মিনিটলৈ
মধ্যাহ্ণ সম্প্ৰচাৰণ দহ বাজি আঠাৱন্ন মিনিটৰ পৰা আবেলি তিনি বজালৈ
অপৰাহ্ণ সম্প্ৰচাৰণ আবেলি তিনি বাজি তেৰ মিনিটৰ পৰা নিশা এঘাৰ বাজি দহ মিনিটলৈ
খ শাখা
প্ৰাতঃ সম্প্ৰচাৰণ ৰাতিপুৱা পাঁচ বাজি আঠাইশ মিনিটৰ পৰা ন বাজি পোন্ধৰ মিনিটলৈ
মধ্যাহ্ণ সম্প্ৰচাৰণ এঘাৰ বাজি আঠাইশ মিনিটৰ পৰা আবেলি তিনি বজালৈ
অপৰাহ্ণ সম্প্ৰচাৰণ আবেলি চাৰি বাজি আঠাৱন্ন মিনিটৰ পৰা নিশা এঘাৰ বাজি দহ মিনিটলৈ

সংগীতানুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰই ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন পৰম্পৰাগত গীত মাতৰ লগতে অসমীয়া আৰু হিন্দী চলচ্চিত্ৰৰ গীত সমূহ প্ৰচাৰ কৰি শ্ৰোতাক মনোৰঞ্জনৰ খোৰাক দি আহিছে। ৰাতিপুৱাৰ সম্প্ৰচাৰৰ প্ৰথম অনুষ্ঠানটি হ'ল ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা। বন্দনা অনুষ্ঠানত সকলো ধৰ্মৰে গীত প্ৰচাৰ কৰা হয়। ঠিক তেনেকৈ ৰাতিও অখিল ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান প্ৰচাৰ কৰা হয়। গীতিমালিকা অনুষ্ঠানত ঘাইকৈ আধুনিক অসমীয়া গীতসমূহ পৰিৱেশন কৰা হয়। কল্পতৰু অনুষ্ঠানত শ্ৰোতাৰ অনুৰোধৰ গীত সমূহ বজোৱা হয়। চিত্ৰগীত অনুষ্ঠানত বোলছবিৰ গীতসমূহ বজোৱা হয়। ইয়াৰ উপৰিও সুৰৰ কৰণি, আকৌ শুনো আহক, এইমাহৰ গীত আদি আকাশবাণীৰ জনপ্ৰিয় সংগীতানুষ্ঠান। আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰতিভাৱান শিল্পী সকলৰ গীত বাণীবদ্ধ কৰি ৰাজ্যখনৰ শ্ৰোতাক শুনিবলৈ সুবিধা দি আহিছে। ৰাজ্যখনৰ যুৱ শিল্পী সকলৰ প্ৰতিভা বিকাশত কেন্দ্ৰটোৱে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। অসমৰ আগশাৰীৰ কণ্ঠশিল্পী যেনে ভূপেন হাজৰিকা, খগেন মহন্ত, অৰ্চনা মহন্ত, বীৰেন্দ্ৰনাথ দত্ত, দিলীপ শৰ্মা, সুদক্ষিনা শৰ্মা, দিপালী বৰঠাকুৰ, ৰামেশ্বৰ পাঠক, জয়ন্ত হাজৰিকা, চাৰু গোহাঁই, অপূৰ্ব বেজবৰুৱা, পুলক বেনাৰ্জী, অণিমা চৌধুৰী, প্ৰতিমা বৰুৱা পাণ্ডে, ডলী ঘোষ আদিয়ে আকাশবাণীত গীত পৰিৱেশন কৰি জনতাৰ কাষ চাপিব পাৰিছিল। সেইসময়ত এইচ. এম. ভি. কোম্পানীয়ে আকাশবাণীত জনপ্ৰিয়তা লাভ কৰা শিল্পী সকলৰ ৰেকৰ্ড উলিয়াইছিল। বৰ্তমান সময়তো আকাশবাণী গুৱাহাটীয়ে সংগীতৰ অনুষ্ঠানসমূহ সুকলমে চলাই আছে।

নাট্যানুষ্ঠান

আকাশবাণী গুৱাহাটীৰ অতি জনপ্ৰিয় অনুষ্ঠানসমূহৰ ভিতৰত নাটকৰ অনুষ্ঠানটি অন্যতম। ১৯৪৮ চনৰ ৬ জুলাইত কেন্দ্ৰটোৱে প্ৰথমখন নাট সত্যপ্ৰসাদ বৰুৱাৰ “ধৰালৈ যিদিনা নামিব সৰগ’’ প্ৰচাৰ কৰে।[4] এসময়ত প্ৰতি সপ্তাহৰ দেওবাৰে দুপৰীয়া আৰু বুধবাৰে নিশা আঠ বজাত আকাশবাণী গুৱাহাটী কেন্দ্ৰই নিয়মীয়াকৈ নাট পৰিৱেশন কৰিছিল। পিছলৈ সোমবাৰে নিশাও নাট প্ৰচাৰ কৰা হয়। আকাশবাণী গুৱাহাটীয়ে প্ৰচাৰ কৰা আন কেইখনমান জনপ্ৰিয় নাট হ’ল- ভোগজৰা, গোৱৰ্ধন চৰিত, দেউতা, ঘৰত কোন আছে, সুৰংগৰ শেষত, ঘিনাই সাতোলাৰ ইতিবৃত্ত, বাঈগচাহেব, চিৰাজুদ্দৌলা, অথেল’, শিপা আদি। বৰ্তমান এফ. এম. মহাবাহুত প্ৰচাৰ হোৱা নাটশালা নামৰ অনুষ্ঠানটিত নিতৌ এখন নাট প্ৰচাৰ কৰা হয়। ২০২০ চনৰ ১ জানুৱাৰীৰ পৰা ’জাল’ নাটখনেৰে এই কাৰ্যক্ৰমৰ আৰম্ভণি কৰা হৈছে।[5]

উল্লেখযোগ্য অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰতি দেওবাৰে ৰাতিপুৱা শিশুৰ বাবে প্ৰচাৰ কৰা অকণিৰ মেল অনুষ্ঠানটি অতি ব্যতিক্ৰম অনুষ্ঠান। শিশুসকলৰ মনোৰঞ্জন আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে এই অনুষ্ঠানটি প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত শিকোৱা “মা আমি শদিযালৈ যামে’’, “অ’ তুলতুল অ’ বুলবুল’’ আদি গীতে ৰাজ্যজুৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয়।

মহিলাসকলৰ বাবে প্ৰচাৰ কৰা আইদেউৰ বুলনি অনুষ্ঠানটি কেন্দ্ৰটোৰ আন এক উৎকৃষ্ট অনুষ্ঠান। মহিলাসকলক শিক্ষিত সজাগ কৰিবলৈ প্ৰচাৰ কৰা এই অনুষ্ঠানটি অতি জনপ্ৰিয়। তদুপৰি কৃষি দৰ্শন, যুৱবাণী, নিয়োগ বাৰ্তা, আঞ্চলিক বাতৰি, খেতিৰ দিহা, সমিধান, এই মাহৰ অতিথি আদিও কেন্দ্ৰটোৰ দ্বাৰা প্ৰচাৰিত উল্লেখ্যযোগ্য অনুষ্ঠান।

Remove ads

এফ. এম. মহাবাহু

এফ. এম. চেনেলৰ জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি ২০১৯ চনৰ ৮ আগষ্টৰ পৰা আকাশবাণীৰ অধীনত ১০ কিলোৱাট ক্ষমতাৰ এফ. এম. মহাবাহু নামৰ চেনেলৰ সম্প্ৰচাৰণ আৰম্ভ হয়।[6] আকাশবাণীৰ ঘোষক-ঘোষিকাসকলক ইয়াৰ বাবে তিনিদিনীয়া অনুশীলনী দিয়া হয়। বৰ্তমান ১০১.৬ মেগাহাৰ্জত প্ৰচাৰ হোৱা চেনেলটোত আকাশবাণীৰ সকলো অনুষ্ঠানৰ লগতে আপোনাৰ বাবে এই গীত, বন্দো কি ছন্দেৰে, ৰূপা সজ্জা, আখলৰ দিহা, অৰঙে-দৰঙে আদি সুকীয়া অনুষ্ঠানো প্ৰচাৰিত হয়। এই চেনেলটি এয়াৰ লাইভ মোবাইল এপতো উপলব্ধ।[7]

তথ্য সংগ্ৰহ

লগতে চাওক

বাহ্যিক সংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads