গৰমপানী অভয়াৰণ্য
From Wikipedia, the free encyclopedia
Remove ads
গৰমপানী অভয়াৰণ্য (ইংৰাজী: Garampani Wildlife Sanctuary) হৈছে অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন অভয়াৰণ্য।[2] ইয়াৰ মুঠ মাটিকালি হৈছে 6.05 বৰ্গ কি.মি. (60,50,000 বৰ্গ মিটাৰ)। গোলাঘাটৰ পৰা ইয়ালৈ দূৰত্ব প্ৰায় 25 km (16 মাইল)। এই অভয়াৰণ্যত বহুতো গৰমপানীৰ উঁহ আৰু জলপ্ৰপাত আছে।[3] ইয়াত হলৌ বান্দৰ আৰু সোণালী বান্দৰ পোৱা যায়। ইয়াৰ লগতে ইয়াত ৫১ বিধ বিভিন্ন প্ৰজাতিৰ অৰ্কিড পোৱা যায়।[4][5]
Remove ads
নামৰ উৎপত্তি
এই অভয়াৰণ্যত বহুতো গৰম পানীৰ উঁহ পোৱা যায়। তাৰ পৰাই ইয়াৰ নাম গৰমপানী হ'ল।[2]
ভৌগোলিক বিৱৰণ
গৰমপানী অভয়াৰণ্যৰ অৱস্থিতি অক্ষাংশ ২৬°৪২' উ. আৰু দ্ৰাঘিমাংশ ৯৩°৭২৫' পূ.।[1]
জলবায়ু
অভয়াৰণ্য খনৰ জলবায়ু গীষ্মমণ্ডলীয় সেমেকা। গীষ্মপ্ৰধান অৰ্ধ-চিৰহৰিৎ বনাঞ্চল এই অভয়াৰণ্যত দেখিবলৈ পোৱা যায়।।[2]
জীৱজগত
গৰমপানী অভয়াৰণ্যত বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু পোৱা যায়।
স্তন্যপায়ী প্ৰাণী
- ঢেঁকীয়াপতীয়া বাঘ (ইংৰাজী: Tiger)
- নাহৰফুটুকী বাঘ (ইংৰাজী: Leopard)
- Clouded Leopard
- Leopard Cat
- Jungle Cat
- Barking Deer
- শৰপহু (ইংৰাজী: Sambar)
- Asian Elephant
- Gaur
- হলৌ বান্দৰ (ইংৰাজী: Hoolock Gibbon)
- Capped Langur
- Slow Loris
- Pig Tailed Macawue
- Rhesus Macaque
- Chinese Pangolin
- Civet
- Indian Fox
- নেউল (ইংৰাজী: Mongoose) ইত্যাদি[2]
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads