চক্ৰশিলা অভয়াৰণ্য

From Wikipedia, the free encyclopedia

চক্ৰশিলা অভয়াৰণ্য
Remove ads


চক্ৰশিলা অভয়াৰণ্য (ইংৰাজী: Chakrashila Wildlife Sanctuary) অসমৰ ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ অন্তৰ্গত অভয়াৰণ্য।[1][2] এই অভয়াৰণ্যখন সোণালী বান্দৰৰ বাবে প্ৰখ্যাত ই ভাৰতৰ সোণালী বান্দৰৰ দ্বিতীয় সংৰক্ষিত বাসস্থান।[3][4] ৪৫.৫৬৮ বৰ্গ কিঃমিঃ জুৰি থকা চক্ৰশিলা অভয়াৰণ্যৰ পৰা কোকৰাঝাৰ নগৰৰ দূৰত্ব ৬ কিঃমিঃ আৰু ধুবুৰী নগৰৰ দূৰত্ব ৬৮ কিঃমিঃ। গুৱাহাটীলোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰলৈ ইয়াৰ পৰা দূৰত্ব ২১৯ কিঃমিঃ।[5] এই অভয়াৰণ্যখন উত্তৰা-দক্ষিণাকৈ থকা এটা পাহাৰীয়া অঞ্চলত অৱস্থিত। ইয়াৰ দুইমূৰে থকা ধীৰ বিল আৰু দিপলাই বিলে অভয়াৰণ্যখনৰ পৰিবেশ-তন্ত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। অভয়াৰণ্যখনৰ নিম্নাঞ্চল শাল গছে আৱৰি থকাৰ বিপৰীতে মধ্য আৰু উচ্চাঞ্চলত পৰ্ণপাতী উদ্ভিদৰ প্ৰাচুৰ্য দেখা যায়।

ক্ষিপ্ৰ তথ্য চক্ৰশিলা অভয়াৰণ্য, অৱস্থান ...
Remove ads

ইতিহাস

Thumb
Conservation drive for Golden Langur by Nature's Beckon
Thumb
Black Francolin
Thumb
শৰালি হাঁহ
Thumb
ৰঙামূৰীয়া শেন

১৯৬৬ চনত চক্ৰশিলা পাহাৰক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হয় ১৯৯৪ চনৰ ১৪ জুলাইত ইয়াক অসম চৰকাৰৰ দ্বাৰা অভয়াৰণ্যৰ মৰ্যাদা দিয়া হয়। এটা স্থানীয় প্ৰকৃতি-প্ৰেমী সংগঠন নেচাৰ্চ বেকনে চক্ৰশিলাই অভয়াৰণ্যৰ মৰ্যাদা পোৱাত বিশিষ্ট ভূমিকা লৈছে।[6]

জৈৱ বৈচিত্ৰ্য

চক্ৰশিলা অভয়াৰণ্যত বিভিন্ন প্ৰকাৰৰ স্তন্যপায়ীৰ উপৰিও ২৫০ৰ অধিক পক্ষীৰ প্ৰজাতি, ২৩ প্ৰকাৰৰ সৰিসৃপ আৰু ৪০টা প্ৰজাতিতকৈয়ো অধিক পখিলা দেখা যায়। ইয়াৰে বহু প্ৰজাতিৰ পক্ষী আই.ইউ.চি.এন. ৰেড ডেটা লিষ্টত (IUCN Red List) বিপন্ন প্ৰজাতি ৰূপে অন্তৰ্ভুক্ত হৈছে।[7]

উদ্ভিদৰাজি

চক্ৰশীলাৰ অৰণ্যৰাজি মূলতঃ অৰ্ধ চিৰসেউজ বননি, সেমেকা পৰ্ণপাতী অৰণ্য, শালগছৰ অৰণ্যৰ উপৰি ঘাঁহনি আৰু জোপোহা গছৰ অৰণ্য দেখিবলৈ পোৱা যায়। শালগছৰ বাবে বিখ্যাত এই অভয়াৰণ্যখনত ভোমোৰা, বান্দৰডিমা, শিলিখা, হাতীপৰলীয়া, পমা, বগীপমা, জামুক, কদম, ওদাল, বাজী-ঔ, ঔ-টেঙা, পাৰলি, ফুলচপা, শিমলু, চিদা, কৰৈ, চাম, চেগুন, সোণাৰু, ভাতঘিলা, গমাৰি, বন আম, বিভিন্ন প্ৰজাতিৰ ডিমৰু আঁহত, আমলখি আদি অভয়াৰণ্যখনৰ প্ৰধান উদ্ভিদ। ঘাঁহনি অঞ্চলত খাগৰি, কহিবন, উলুখেৰ, দূবৰি, কেইবাটাও প্ৰজাতিৰ বাঁহ, অৰ্কিড আদিৰ লগতে অভয়াৰণ্যখনত থকা জলাশয় দুটাত বিভিন্ন প্ৰজাতিৰ জলজ উদ্ভিদ, যেনে— মেটেকা, শিঙৰী, শেলুৱৈ, ভেট, পুণী আদিৰ উপৰি বিবিধ মাছ, কাছ, ভেকুলী আদিৰে ভৰি আছে।

শাল, শিমলু, আমৰি, ভোমোৰা, উৰাল, কদম, বনচোম ইত্যাদি। ইয়াত ঘাঁহনি অঞ্চলো দেখা যায়।[8]

জীৱ-জন্তু

চক্ৰশীলা অভয়াৰণ্যৰ প্ৰধান আকৰ্ষণ হৈছে সোণালী বান্দৰ। ভাৰতৰ ভিতৰত এই অভয়াৰণ্যত সৰ্বাধিক সোণালী বান্দৰৰ বিচৰণভূমি। ১৯৮৬ চনত উত্তৰ-পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী ‘নেচাৰ্ছ বেকন’ৰ সদস্যসকলে এইবিধ প্ৰাণী আৱিষ্কাৰ কৰে আৰু

তেওঁলোকৰ উদ্যোগতে প্ৰাণীবিধৰ বাসস্থান সম্পূৰ্ণৰূপে সুৰক্ষিত হয়। এই অভয়াৰণ্যত এতিয়ালৈকে প্ৰায় ৩০বিধ স্তন্যপায়ী প্ৰাণী, ২৫০তকৈ অধিক প্ৰজাতিৰ বনৰীয়া চৰাই, ২৩টা প্ৰজাতিৰ সৰীসৃপ আৰু উভচৰ প্ৰাণী, ৪০বিধতকৈ অধিক প্ৰজাতিৰ পখিলা আৰু ৬০বিধমান বিভিন্ন প্ৰজাতিৰ পোক-পতংগ নথিভুক্ত কৰা হৈছে।

জন্য পায়ী প্ৰাণীসমূহৰ ভিতৰত ভেঁকীয়াপতীয়া বাঘ, নাহৰফুটুকী, তামাকৰি, সোণালী বান্দৰ, মলুৱা বান্দৰ, বনৰৌ, কেটেলা পহু, সুগৰী পহু, বনগৰু, শৰপহু, জহামাল, বন মেকুৰী, শিয়াল, নেউল, মেঠোন, বন গাহৰি আদি উল্লেখযোগ্য স্তন্যপায়ী প্ৰাণী। অভয়াৰণ্যখনৰ আন এবিধ উল্লেখযোগ্য সম্পদ হৈছে উঁই হাফলুবোৰ। অভয়াৰণ্যখনৰ মাজত কেইবাটাও নিজৰা আছে।

Remove ads

পক্ষীকুল

চক্ৰশীলা অভয়াৰণ্য নানান চৰাইৰ উপযুক্ত বাসস্থান। পানীকাউৰী, কৈলাঙি, দৈকলা, মণিয়ৰী, কণামুচৰি, শামুকভঙা, বৰটোকোলা, হাড়গিলা, বৰবগ, ৱাক চৰাই, শৰালি, বৰশৰালি, খন্তীয়া হাঁহ, চিলনী, গোধাচিলনী, পখৰা শেন, চিকাৰী শেন, হুদু, বিভিন্ন প্ৰজাতিৰ কেঁচা, ধনেশ, হাইঠা, পৰঘুমা, মাছৰোকা, কপৌ, বাঢ়ৈটোকা, হেঁটুলুকা, ফেঁচু, ভীমৰাজ, এৰাখাতি, ৰূপহী, দহিকতৰা, পানীডুবি, কুকুহা, ডাউক, ঘিলাহহ, শ্বেতকপৌ, চেকচেকী, পাতসীয়া আদি বিভিন্ন প্ৰজাতিৰ চৰায়ে অভয়াৰণ্যখন ভৰি আছে।

কোকৰাঝাৰ ৰেল ষ্টেশ্যনৰপৰা শালকোচালৈ গ’লে চক্ৰশীলা অভয়াৰণ্যলৈ দূৰত্ব ৩০কিলোমিটাৰ। অভয়াৰণ্যখনৰ কাষতে নেচাৰ্ছ বেকনৰ ‘তপোবন’ নামেৰে এটি আশ্ৰম আছে। এই আশ্ৰমতে অতিথিসকলৰ বাবে এটা অতিথিগৃহ থকাৰ উপৰি আশ্ৰমত ব্যক্তিগত তম্ভ টনাৰ বাবে ঠাই আছে।

অভয়াৰণ্যখনক কেন্দ্ৰ কৰি চৰাই পৰ্যবেক্ষণ, সোণালী বান্দৰ পৰ্যবেক্ষণ, নৌকা বিহাৰ, ট্ৰেকিং আদিৰৰ ব্যৱস্থা আছে।

স্তন্যপায়ী প্ৰাণী

অভয়াৰণ্যখনত বাস কৰা কেইবিধমান স্তন্যপায়ী প্ৰাণী হ'ল: Indian Short-tailed Mole, Indian Flying Fox, ফলাহাৰী বাদুলী (Short Nosed Fruit Bat), Indian False Vampire, চুঙা বাদুলী(Indian Pipistrelle), মলুৱা বান্দৰ (Rhesus Macaque), বন-ৰৌ (Chinese Pangolin), শিয়াল (Asiatic Jackal) and খেকশিয়াল (Bengal Fox) আদি।

সৰীসৃপ

সাপ, ঘঁ‌ৰিয়াল, কুম্ভীৰ, জেঠী আৰু কাছ,

পক্ষী

Remove ads

পৰ্যটন

পৰ্যটকসকলৰ বাবে চক্ৰশিলা আৰু নিকতবৰ্তী নগৰ কোকৰাঝাৰত থকা-মেলাৰ সুবিধা থকাৰ উপৰিও তেওঁলোকে অভয়াৰণ্যখনত পক্ষী নিৰিক্ষণ, জাংগল ট্ৰেকিং আৰু নেচাৰ ফটোগ্ৰাফী আদি কৰিব পাৰে।

ভ্ৰমণৰ উপযুক্ত সময়

নৱেম্বৰ মাহৰপৰা এপ্ৰিল মাহলৈকে চক্ৰশীলা অভয়াৰণ্য ভ্ৰমণৰ বাবে উপযুক্ত সময়।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads