জাতিংগা

অসমৰ গাঁও From Wikipedia, the free encyclopedia

Remove ads

জাতিংগা (ইংৰাজী: Jatinga) হৈছে অসমডিমা হাছাও জিলাৰ অন্তৰ্গত এখন গাঁও। গুৱাহাটীৰ পশ্চিমে প্ৰায় ৩৩০ কিঃমিঃ দূৰত জাতিংগা অৱস্থিত। এই ঠাই টুকুৰা পক্ষীৰ আত্মহত্যাৰ কেন্দ্ৰ ৰূপে জনাজাত।

ক্ষিপ্ৰ তথ্য জাতিংগা, দেশ ...

প্ৰকৃততে ইয়াত পক্ষীসমূহে আত্মহত্যা নকৰে। পক্ষীসমূহক স্থানীয় লোকসকলেহে হত্যা কৰে।[1] এই গাঁৱত প্ৰায় ২,৫০০ খাচী জনগোষ্ঠীৰ লোক আৰু কিছু সংখ্যক ডিমাছা লোকে বাস কৰে।

Remove ads

পক্ষীসমূহৰ ৰহস্যজনক মৃত্যু

মৌচুমী ঋতুৰ শেষভাগত, বিশেষকৈ অমাৱস্যা আৰু কুঁৱলীৰে ঢকা ৰাতি ৬বজাৰ পৰা ৯:৩০ বজাৰ ভিতৰত এই ঘটনা হয়। গাঁওবাসীসকলে পক্ষীসমূহক পথভ্ৰষ্ট কৰি পোহৰৰ উৎসলৈ আকৰ্ষিত কৰে। তেওঁলোকে বাঁহৰ খুঁটা ব্যৱহাৰ কৰি পক্ষীসমূহ হত্যা কৰে।[2] এই প্ৰাকৃতিক ঘটনাটোৰ বিষয়ে স্থানীয় জনগোষ্ঠীৰ লোকসকলে ভাৱিছিল যে, আকাশৰ পৰা উৰি আহি আত্মাসমূহে তেওঁলোকৰ মাজত আতংক সৃষ্টি কৰিবৰ বাবে আহে। এই ঘটনাটোত Tiger Bittern, Black Bittern, Little Egret, Pond Heron, Indian Pitta আৰু Kingfisher প্ৰজাতিৰ পক্ষীৰ ক্ষতি হয়।[3]

১৯৬০ দশকত প্ৰসিদ্ধ প্ৰকৃতিবিদ স্বৰ্গীয় E. P. Gee-এ এই ঘটনাটো সমগ্ৰ বিশ্বৰ আগত প্ৰকাশ কৰে। তেওঁ প্ৰসিদ্ধ ornithologist স্বৰ্গীয় ছলিম আলি (ইংৰাজী: Salim Ali)ৰ লগত জাতিংগা ভ্ৰমণ কৰে।[4]

Remove ads

বৰ্তমান

ৰাষ্ট্ৰনেতা (ইংৰাজী:Statesman)ৰ মতে, আচলতে পক্ষীসমূহ পোহৰৰ উৎসলৈ আকৰ্ষিত হয় আৰু মাটিত নমাৰ সময়ত গাঁৱবাসীয়ে ইহঁতক হত্যা কৰে।[5] ভাৰতৰ বিভিন্ন বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত গোটসমূহে পক্ষীসমূহৰ হত্যা ৰোধ কৰিবৰ বাবে অশিক্ষিত গাঁৱবাসী সকলক সচেতন কৰিবৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে। ইয়াৰ পিছত, জাতিংগাত পক্ষীসমূহৰ হত্যা প্ৰায় ৪০% হ্ৰাস পায়।

লগতে চাওক

তথ্য সংগ্ৰহ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads