টুৰুঙ জনগোষ্ঠী
From Wikipedia, the free encyclopedia
Remove ads
টাই-টুৰুঙ জনগোষ্ঠী হৈছে অসমত বাস কৰা এক টাইমূলীয় জনগোষ্ঠী। জনসংখ্যাৰ ভিত্তিত ভাৰতত বাস কৰা টাইমূলীয় লোকৰ ভিতৰত টুৰুঙসকলেই ক্ষুদ্ৰতম গোট। অষ্টাদশ শতিকাত টুৰুঙসকলে ম্যানমাৰৰ পৰা উত্তৰ-পূব ভাৰতলৈ প্ৰব্ৰজন কৰি আহে। বৰ্তমান যোৰহাট জিলা, গোলাঘাট জিলা আৰু কাৰ্বি আংলং জিলাত টাই টুৰুঙসকলৰ বসতি আছে। তেওঁলোক ঘাইকৈ বৌদ্ধ ধৰ্মৰ অনুগামী।[1]
![]() | এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
Remove ads
প্ৰব্ৰজনৰ ইতিহাস
টুৰুঙসকল মূলতঃ পূৰ্বৰ বৃহত্তৰ চীনা সাম্ৰাজ্য বা বৰ্তমানৰ ম্যানমাৰৰ ম্যুঙ-মাও-খুন-চাঙ ৰাজ্যৰ বাসিন্দা আছিল। পিছলৈ তেওঁলোকে হোকাং উপত্যকাৰ টুৰুঙ নদীৰ পাৰত বসতি স্থাপন কৰে। ইয়াৰপৰাই তেওঁলোকে টুৰুঙ নাম পায়। সেই ঠাইত তেওঁলোক কিমান দিন আছিল সঠিককৈ জনা নাযায় যদিও তেওঁলোকে অসমলৈ আগেয়ে প্ৰব্ৰজন কৰি অহা নৰাসকলৰ পৰা আমন্ত্ৰণ লাভ কৰে। সেইমৰ্মে তেওঁলোক পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহে। এই যাত্ৰাত টুৰুঙসকল পাটকাইৰ দুয়োপাৰে বাস কৰা চিংফৌসকলৰ হাতত পৰি দাসত্ত্ব স্বীকাৰ কৰিবলগা হয় আৰু পৰ্যায়ক্ৰমে নিজৰ মাতৃভাষা হেৰুৱাই পেলায়। চিংফৌসকলৰ সৈতে টুৰুঙসকলৰ বৈবাহিক সম্পৰ্কও স্থাপন হয় আৰু কালক্ৰমত তেওঁলোকৰ সমাজ-সংস্কৃতিত চিংফৌসকলৰ প্ৰভাৱ পৰে। ইয়াৰে বহুবছৰ পিছত ১৪৭৫ চনত টুৰুঙসকল পাটকাই পাৰ হৈ টফা নামৰ এখন ঠাইত উপস্থিত হয়। ইয়াতেই তেওঁলোকৰ এটা দল মূল গোটৰ পৰা ফালৰি কাটি শদিয়া পায়গৈ আৰু বাকী দলটো আহি যোৰহাটৰ টোকোলাইত বাহৰ পাতে। মানৰ অসম আক্ৰমণৰ সময়তে শদিয়াৰ দলটো আহি টোকলাইত মূল গোটৰ সৈতে লগ হয়হি আৰু স্থায়ী বসতি স্থাপন কৰে। পিছলৈ তেওঁলোক যোৰহাট, গোলাঘাট আৰু কাৰ্বি আংলংৰ কচুখাট, তিতাবৰ, বচাপথাৰ, কলিয়নি, পহুকটিয়া, গাহৰিচোৱা, ৰজাপুখুৰী আদি ঠাইলৈ সিঁচৰতি হৈ পৰে।[2]
Remove ads
জনসংখ্যা
১৮৯১ চনৰ লোকপিয়ল অনুসৰি অসমত টুৰুঙ লোকৰ সংখ্যা আছিল ৩০১ জন। কোনো কোনো সূত্ৰৰ মতে বৰ্তমান তেওঁলোকৰ জনসংখ্যা প্ৰায় ১৪০০ জন।
সমাজ-সংস্কৃতি
সামাজিক গোট
টুৰুঙসকল মূলতঃ দুটা সামাজিক গোটত বিভক্ত:
- টাইলুং (ডুৰুং)
- টাইলই (ডাৰি)
গাৱঁৰ (মেৰেং) মুৰব্বীজনক মেৰেংডিংলা বোলা হয়। গাৱঁৰ বয়োজ্যেষ্ঠ লোকসকলক লৈ এখন সমিতি থাকে আৰু মেৰেংডিংলাগৰাকীয়ে ইয়াৰ নেতৃত্ব লয়।
বিবাহ
টুৰুঙসকলৰ মাজত একবিবাহ প্ৰচলিত যদিও পত্নীৰ মৃত্যুৰ পিছত দ্বিতীয় বিবাহ গ্ৰহণযোগ্য। বাল্য বিবাহ নিষেধ। জ্যেষ্ঠ ভ্ৰাতৃৰ মৃত্যু হ'লে কনিষ্ঠজনে ভ্ৰাতৃৰ পত্নীক বিবাহ কৰাবলৈ অনুমোদন জনোৱা হয়।
সম্পত্তিৰ অধিকাৰ
পিতৃৰ পিছত ল'ৰা সন্তানৰ মাজত সম্পত্তিৰ সমানে ভাগ হয়। ল'ৰা সন্তান নাথাকিলে কন্যা সন্তানে সেই অধিকাৰ লাভ কৰে। পতিৰ মৃত্যুৰ পিছত পত্নীয়েও সম্পত্তিৰ অধিকাৰ লাভ কৰে।
খাদ্যাভ্যাস
টুৰুঙসকলৰ মূল খাদ্য ভাত। আঠাজাতীয় চাউলৰ টোপোলা ভাত, চুঙা চাউল (খাও-লাম) আদি বিভিন্ন উপলক্ষত পৰিৱেশন কৰা হয়। খৰিচা আৰু বনৰীয়া শাক-পাত তেওঁলোকৰ খাদ্যাভ্যাসৰ অন্যতম প্ৰধান উপাদান।
বাসস্থান
টুৰুঙসকলে পৰম্পৰাগতভাৱে চাংঘৰত বাস কৰে। চাংঘৰলৈ উঠা জখলাৰ চিৰিৰ (খু-লাই) অমিল সংখ্যাৰ হয়। প্ৰতিটো ঘৰতে উপাস্য খিন-লিকৰ আৰাধনাৰ বাবে সুকীয়া কোঠা থাকে।
সাজ-পাৰ
টাই-টুৰুঙসকলৰ সাজ-পাৰসমূহ বহুৰঙী হয়। মহিলাসকলে উৰ্ধাংশত মাপাই আৰু নিম্নাংশত মাবু (মেখেলা) পৰিধান কৰে। মাবু সাধাৰণতে ক'লা ৰঙৰ কাপোৰত নানাৰঙী ফুলবছা হয়। গা-চোলাক প্ল'ঙ বোলা হয়। পুৰুষসকললে আঁচটনা শৈলীৰ ব'কা (লুঙী), ফাওচিদ (গামোচা) আৰু ফুন-বাম (শিৰোবস্ত্ৰ) পৰিধান কৰে।
তথ্য সংগ্ৰহ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads