ডিম্বেশ্বৰ নেওগ

From Wikipedia, the free encyclopedia

ডিম্বেশ্বৰ নেওগ
Remove ads

ডিম্বেশ্বৰ নেওগ (ইংৰাজী: Dimbeswar Neog) (১৮৯৯ -১৯৬৬) অসমৰ এগৰাকী প্ৰসিদ্ধ কবি, প্ৰবন্ধকাৰ, ঔপন্যাসিক, ভাষা সাহিত্যৰ গৱেষক, নাট্যকাৰ, সমালোচক আৰু শিক্ষক আছিল।[1][2] মূলতঃ অসমীয়া ভাষাত সাহিত্য ৰচনা বাদেও তেখেতে ইংৰাজী ভাষাতো গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। ১৯৬৫ চনৰ অসম সাহিত্য সভাৰ নলবাৰীত অনুষ্ঠিত অধিবেশনৰ সভাপতিত্ব কৰাৰ লগতে অসম সাহিত্য সভা পত্ৰিকাৰ সম্পাদক পদটো তেখেত নিয়োজিত হৈছিল। তেখেতক অসমীয়া সাহিত্যইন্দ্ৰধেনুৰ কবি বুলিও জনা যায়।[3] অসম আন্দোলনৰ সময়ত তেখেৰ এটা বক্তব্যই চৌদিশে কঁপাই তুলিছিল৷ বক্তব্যটো আছিল- ‘মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন’৷[4]

ক্ষিপ্ৰ তথ্য ডিম্বেশ্বৰ নেওগ, জন্ম ...
Remove ads

জন্ম

ডিম্বেশ্বৰ নেওগৰ জন্ম ১৮৯৯ চনৰ ৭ আগষ্টত শিৱসাগৰ জিলাৰ কমাৰফদীয়া নামেৰে এখন গাঁৱত হৈছিল।[1] তেখেতৰ পিতৃৰ নাম আছিল মাণিক চন্দ্ৰ নেওগ আৰু মাতৃৰ নাম চন্দ্ৰপ্ৰভা নেওগ।[3]

শিক্ষা আৰু কৰ্ম জীৱন

নেওগ এজন মেধাৱী ছাত্ৰ আছিল। সৰুকালৰেপৰাই পঢ়া শুনাত আগৰণুৱা নেওগক পাঁচ বছৰ বয়সত বিদ্যালয়ত নামভৰ্তি কৰি দিয়া হয়। শিক্ষাৰ্থী জীৱনৰ আৰম্ভণিৰ পৰাই তেখেতে নিয়মিত কাব্য চৰ্চা আৰম্ভ কৰে।[উদ্ধৃতিৰ প্ৰয়োজন] ১৯২৪ চনত তেখেতে সুখ্যাতিৰে বি.এছ.চি পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ দুবছৰৰ পাছতে তেওঁ স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯২৫ চনৰ ১৯ এপ্ৰিলত তেখেতে শিৱসাগৰ চৰকাৰী বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰে।[2] তাৰ পাছতো তেখেতে চৰকাৰী শিক্ষক হিচাপে অসমৰ বিভিন্ন ঠাইত কাম কৰে। ১৯৩৬ চনত তেখেতে বি.টি. পাছ কৰে। তাৰ পাছতেই তেখেতে নৰ্মাল স্কুলত শিক্ষকতা কৰে। চাকৰিৰ মাজতেই তেখেতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত এম. এ. পাছ কৰে। অৱশেষত তেখেত নৰ্মাল স্কুলৰ অধ্যক্ষ হয় আৰু তাৰপৰাই অৱসৰ গ্ৰহণ কৰে।

Remove ads

বিবাহ, পৰিয়াল

ডিম্বেশ্বৰ নেওগৰ বিবাহ সেইসময়ৰ ডিব্ৰুগৰ জিলা ন্যায়াধীশ, তথা অসমৰ এজন প্ৰসিদ্ধ লেখক বেণুধৰ ৰাজখোৱাৰ জীয়েক আজলীতৰা ৰাজখোৱাৰ লগত সম্পন্ন হয়।[3] ডিম্বেশ্বৰ আৰু আজলীতৰা নেওগৰ সাতোটি সন্তান আছিল।[3]

মৃত্যু

দীৰ্ঘসময় শাৰীৰিক অসুস্থতাত ভোগাৰ পাছত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত ১৯৬৬ চনৰ ১১ নৱেম্বৰত তেখেতৰ মৃত্যু হয়।[1][3]

সাহিত্য জগতত তেখেতৰ অৱদান

নেওগ এজন কবি, প্ৰবন্ধকাৰ, সমালোচক আৰু শিক্ষক আছিল। সাহিত্যিকগৰাকীয়ে অসম সাহিত্য সভাৰ সভাপতি,[5] প্ৰধান সম্পাদক আৰু অসম সাহিত্য সভা পত্ৰিকাৰ সম্পাদক হিচাপেও নিজৰ অৱদান আগবঢ়াই থৈ গৈছিল। সমালোচক হিচাপে গঠনমূলক, বলিষ্ঠ, স্পষ্ট মন্তব্য আৰু পুংখানুপুংখ বিশ্লেষণৰে তেওঁ অসমীয়া সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰিছিল। অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে ভালেমান পুথি ৰচনা কৰি জাতিটোক চহকী কৰি যোৱা প্ৰয়াত ডিম্বেশ্বৰ নেওগৰ ৰচিত ভালে সংখ্যক কিতাপ আছে, সেইবোৰৰ লেখত ল’বলগীয়া পুথিসমূহ হ’ল:[1]

Remove ads

ভাষা-সাহিত্যৰ ইতিহাস বিষয়ক গ্ৰন্থ

  • আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী (১৯৩৭)[4]
  • অসমীয়া কাব্য প্ৰতিভা (১৯৩৪)
  • অসমীয়া সাহিত্যৰ জিলিঙনি (১৯৩৮)
  • অসমীয়া সাহিত্যৰ বুৰঞ্জীত এভুমুকি (১৯৪০)
  • ইণ্ট্ৰডাকশ্যন টু আছাম (১৯৪৭)
  • অসমীয়া কথা প্ৰতিভা (১৯৫০)
  • অসমীয়া সাহিত্যৰ জেউতি (১৯৫১)
  • অসমীয়া ভাষা আৰু লিপিৰ কাহিনী (১৯৫১)
  • হিষ্টৰী অব্ মডাৰ্ন আছামিজ লিটাৰেশ্যাৰ (১৯৫৫)

ভাষা-সাহিত্য বিষয়ক গবেষণাধৰ্মী গ্ৰন্থ

  • নিউ লাইট অন দ্য হিষ্টৰী অব্ অছমিয়া লিটাৰেশ্যাৰ (১৯৬২) [4]
  • নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী (১৯৬৭, চাৰিখন পুথিৰ একত্ৰ সংকলন)

বৈষ্ণৱ ধৰ্ম আৰু বৈষ্ণৱ সাহিত্য বিষয়ক মূল্যৱান গ্ৰন্থ

  • বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি (১৯৪১)[4]
  • বৈষ্ণৱ ধৰ্মৰ ভক্তিতত্ত্ব (১৯৪২)
  • নাৰদীয় ভক্তিসূত্ৰ (১৯৫০)
  • মহাপুৰুষিয়াজিম: এ ইউনিভাৰছেল ৰিলিজিয়ন (১৯৫০)
  • যুগনায়ক শংকৰদেৱ (১৯৬৬)

কবিতা পুথি

  • মালিকা (১৯২১)[4]
  • থুপিতৰা (১৯২৫)
  • মালতী (১৯২৭)
  • ইন্দ্ৰধনু (১৯২৯)
  • থাপনা (১৯৪৬)
  • অসমা (১৯৪৭)
  • বিচিত্ৰা (১৯৪৮)

অসমীয়া লোক-সাহিত্য বিষয়ক গ্ৰন্থ

  • আকুল পথিক[4]
  • ফাগুনী
  • ডাকভণিতা (১৯২২)
  • নামতী (১৯২৩)
  • বিহুৱতী (১৯২৯)
  • ৰহৰহী আদি

ভাষা-সাহিত্য বিষয়ক গ্ৰন্থ

  • সাহিত্য কি? (১৯৫২)[4]
  • শুধ অসমীয়া (১৯৫৩)

উপন্যাস

  • গাঁৱে-নগৰে (১৯৬০)

গল্প-সংকলন

  • দীপাৱলী (১৯৩১)

নাটক

  • শিশুলীলা
  • ৰাসক্ৰীড়া (১৯২৯)
  • কুণ্ডিল কুঁৱৰী (১৯২৪)
  • অকাল বসন্ত, কামৰূপ (১৯৩২)

ভিন্নধৰ্মী গ্ৰন্থ

  • বিজ্ঞানৰ আগকথা (১৯৪০)
  • প্ৰাক-ঐতিহাসিক অসম (১৯৪৭)
  • বৰ্ণ নিৰ্ণয় বা জাতি বিচাৰ (১৯৫৪)
  • সমাজ চিন্তামণি (১৯৬৫)

আত্মকাহিনী

  • পত্ৰৰেখা (১৯৪৩)
  • অতীত মাধুৰী (১৯৬৬)

তেওঁৰ দ্বাৰা ৰচিত উল্লেখযোগ্য দুটিমান কবিতা হ’ল ‘শাপমুক্তা’, ‘মোৰ গাঁও’, ‘শেষ গায়ক’ ইত্যাদি।

অন্যান্য কৰ্মৰাজি

সমাজ সচেতন নেওগ দেৱৰ স্বদেশপ্ৰীতিও আছিল অতুলনীয়। অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ সময়ত তেওঁৰ “মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন?” বাক্যশাৰীয়ে জাতীয়তাবাদী ভাবধাৰা প্ৰসাৰত বিশেষ অৰিহণা আগবঢ়াইছিল। ডিম্বেশ্বৰ নেওগৰ মাতৃভাষাৰ প্ৰতি থকা অপাৰ প্ৰেমৰ বাবেই ১৯২৪ চনত ‘শেষ গায়ক’ কবিতাত লিখিছিল:[1]

“দাসত্ত্ব মলিন নাছিল অসম, আজিও নহয়, দাসত্ত্ব অন্ধ লুইতৰ দৰে। স্বাধীনতা সোঁত বয় সিৰে সিৰে অপ্ৰতিবন্ধ।”

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads