দৌল গোবিন্দ মন্দিৰ
ভাৰতবৰ্ষৰ হিন্দু মন্দিৰ From Wikipedia, the free encyclopedia
Remove ads
অসমৰ উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত শ্ৰীশ্ৰী দৌল গোবিন্দ মন্দিৰ অৱস্থিত। প্ৰধানতঃ এই মন্দিৰত ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কৰা হয়। প্ৰত্যেক বছৰৰ ফেব্ৰুৱাৰী মাহত স্থানীয় লোকসকলে এই মন্দিৰত ফাকুৱা উৎসৱ উদ্যাপন কৰে।

ইতিহাস

এই মন্দিৰৰ উৎপত্তি সম্বন্ধে প্ৰচলিত কাহিনী শুনা যায়। ইংৰাজৰ দিনত শাসন পৰিচালনাৰ বাবে স্থানীয় কিছুমান অভিজাতসম্প্ৰদায়ৰ হাতত শাসনৰ কিছু দায়িত্ব অৰ্পিত কৰা হৈছিল। ইয়াৰে নলবাৰী অঞ্চলত সদৰামীনৰ দায়িত্ব দিছিল গৰ্গৰাম বৰুৱাৰ ওপৰত। গৰ্গৰাম বৰুৱা আছিল পণ্ডিত আনন্দৰাম বৰুৱাৰ পিতৃ। গৰ্গৰাম বৰুৱা সদৰামীনৰ দায়িত্বত থকাৰ সময়ত এটা আচৰিত ঘটনা ঘটিছিল। বৰ্তমানৰ ৰঙিয়া নগৰৰ সীমাত অৱস্থিত জেকেৰীয়া নামৰ এখন গাঁৱৰ কাষতে সন্ধ্যাঝাৰ নামৰ এখন অটব্য অৰণ্য আছিল। সেই জেকেৰীয়া গাঁৱৰে এজন ব্ৰাহ্মণৰ ঘৰত এজনী কপিলী বৰণৰ গাই আছিল। গাইজনীয়ে হেনো নিতৌ শেষ নিশা ডিঙিৰ বান্ধ খুলি সন্ধ্যাঝাৰ অৰণ্যলৈ গৈ এজোপা বিৰিণা গছৰ ওপৰত ওহাৰ পাতি গাখীৰ ঢালি পুনৰ গোহালিলৈ ঘূৰি আহিছিল। সদৰামীন বৰুৱাই এই কথা গম পাই সেই ৰহস্য উদ্ঘাটন কৰাৰ বাবে বিৰিণা গছজোপা থকা ঠাইখিনি খন্দোৱালে আৰু তাতে এটা শ্ৰীকৃষ্ণৰ বিগ্ৰহ উদ্ধাৰ হ'ল। সেই মূৰ্তি সভক্তিৰে ৰাইজে শোভাযাত্ৰা কৰি আনি চন্দ্ৰভাৰতী পাহাৰত স্থাপন কৰে। তাতে আগৰে পৰা শ্ৰীশ্ৰীঘনশ্যাম ৰায়ৰো বিগ্ৰহ আছিল। তেতিয়াৰে পৰা সেই বিগ্ৰহৰ লগতে নতুন বিগ্ৰহৰো পূজা-সেৱা চলিবলৈ ধৰিলে। ক্ৰমে দৌল আৰু ফাকুৱা উৎসৱৰ দিন পালেহি। লগে লগে পূজাৰীৰ চিন্তা হ'ল কোনজন বিগ্ৰহক দৌলত তুলিব। অৱশেষত পূজাৰীয়ে বিগ্ৰহৰ আগত প্ৰণিপাত কৰি জনালে যে যিজন বিগ্ৰহক দৌলত থাপিব সেইজনে যেন চাৰি আঙুলি আগবাঢ়ি প্ৰমাণ দেখুৱায়। পাছদিনা পূজাৰীয়ে দেখিলে যে নতুনকৈ অনা বিগ্ৰহজনা চাৰি আঙুল আগবাঢ়ি আছে। এনে ঘটনাত পূজাৰী আচৰিত হ'ল। ইয়াৰ পিছতে যথাৰীতি নতুন বিগ্ৰহকে দৌলত স্থাপন কৰা হ'ল আৰু তেতিয়াৰে পৰা এইজনা বিগ্ৰহ দৌল গোবিন্দ নামেৰে জনাজাত হৈ পৰে।
Remove ads
মন্দিৰৰ কাৰ্যসূচী
ফাগুন-চ'ত মাহত কেইবাদিনীয়া কাৰ্যসূচীৰে ইয়াত দৌল উৎসৱ পালন কৰা হয়। ইয়াৰোপৰি দৈনিক অগণন ভক্তই আগবঢ়োৱা পূজা আৰু সেইসকলৰ মাজত ভোগৰ প্ৰসাদ বিতৰণ দৌল গোবিন্দ মন্দিৰৰ লক্ষণীয় বৈশিষ্ট্য।
পৰিবহণ
এই মন্দিৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত বাবে ইয়ালৈ যাবলৈ চৰকাৰী-বেচৰকাৰী বিভিন্ন নাওৰ ব্যৱস্থা আছে। একেদৰে গুৱাহাটীৰ পৰা শৰাইঘাট দলং পাৰহৈ ৰাস্তাৰেও এই মন্দিৰলৈ যাব পাৰি[1]।
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads