পিতৃ-মাতৃ পূজন দিৱস
১৪ ফেব্ৰুৱাৰীত ভাৰতৰ কিছু অংশত উদযাপন কৰা হয় From Wikipedia, the free encyclopedia
Remove ads
পিতৃ-মাতৃ পূজন দিৱস ভাৰতীয় আধ্যাত্মিক নেতা আশাৰামে ২০০৭ চনত আৰম্ভ কৰিছিল ভেলেণ্টাইন দিৱসৰ বিকল্প হিচাপে।[1][2][3] প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত ইয়াক পালন কৰা হয়।[4] ই সংস্কৃত শব্দ মাতৃ (मातृ, mātṛ) আৰু পিতৃ (पितृ, pitŕ)-ৰ পৰা অহা।
Remove ads
ইতিহাস
এই দিৱস পোন প্ৰথমে ২০০৭ চনৰ ১৪ ফেব্ৰুৱাৰীত আহমেদাবাদৰ আশাৰামৰ গুৰুকুলত উদযাপন কৰা হৈছিল।[5] গণেশৰ দ্বাৰা শিৱ আৰু পাৰ্বতীৰ পূজনৰ আৰ্হিতে এই উৎসৱ।[6]
দ্য হিন্দু অনুসৰি আশাৰামৰ উপদেশ শিৰোগত কৰি ভাৰতৰ ৰাজ্য ছত্তীছগঢ়ে মাতৃ-পিতৃ পূজন দিৱস ২০১২ চনৰ পৰা পালন কৰি আহিছে।[7][8][9][10] মুখ্যমন্ত্ৰী ৰমন সিঙৰ আদেশ অনুসাৰে ছত্তীছগঢ় চৰকাৰে বিদ্যালয় আৰু মহাবিদ্যালয়ত আনুষ্ঠানিক ভাৱে এই দিৱস উদযাপন কৰে।[11][12] ২০১৩ চনত ভুৱনেশ্বৰৰ কিছুমান বিদ্যালয় আৰু মহাবিদ্যালয়ত পিতৃ-মাতৃ পূজন দিৱস উদযাপন কৰা আৰম্ভ হয়।[13][14] ২০১৫ চনত ভাৰতীয় জনতা দলৰ চৰকাৰে এই দিনটোক ৰাজহুৱা উদযাপনৰ দিৱস হিচাপে স্বীকৃতি দিয়ে।[15][12] ২০১৫ চনত সোঁপন্থী ৰাজনৈতিক দল অখিল ভাৰতীয় হিন্দু মহাসভাই ইয়াক অনুমোদন জনাইছিল।[15] ২০১৫ চনৰ ১৪ ফেব্ৰুৱাৰীত এটা বেচৰকাৰী সংস্থা ভাৰতীয় যুৱ শক্তিয়ে ছত্ৰপতি শিৱাজী ক্ৰীড়া মণ্ডল, নেহৰু নাগাৰ, কুৰলাত বহল ভিত্তিত এই দিৱস পালন কৰে। অনুষ্ঠানটোৱে পিতৃ-মাতৃ আৰু সন্তানৰ তাত্ত্বিক আৰু প্ৰায়োগিক মূল্যবোধক গুৰুত্ব দিয়ে।[16][17] জম্মুত সনাতন ধৰ্ম সভাই ২০১৫, ২০১৬ আৰু ২০১৭ চনত এই দিৱস পালন কৰিছিল।[18][19][20] ২০১৭ চনত মধ্য প্ৰদেশৰ জিলা সংগ্ৰাহকে বিদ্যালয়, যুব প্ৰজন্মৰ বাবে এখন নিৰ্দেশনা পত্ৰ জাৰি কৰি ১৪ ফেব্ৰুৱাৰীক পিতৃ-মাতৃ পূজন দিৱস হিচাপে পালন কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছিল।[21][22] ২০১৭ চনৰ ডিচেম্বৰত ঝাৰখণ্ডৰ শিক্ষা-মন্ত্ৰী, নীৰা যাদৱে ২০১৮ চনত দিৱসটো উদযাপনৰ বাবে ৰাজ্যৰ ৪০,০০০খন চৰকাৰী বিদ্যালয়লৈ নিৰ্দেশনা জাৰী কৰিছিল।[23][24] ২০১৮ চনত গুজৰাট প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আৰু স্বামীনাৰায়ণ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত পিতৃ-মাতৃৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি এই দিৱস পালন কৰা হয়।[25] ২০১৯ চনত গুজৰাটৰ শিক্ষামন্ত্ৰী ভূপেন্দ্ৰসিং সুডাছমাই ১৪ ফেব্ৰুৱাৰীত পিতৃৃ-মাতৃ পূজন দিৱস পালন কৰাটো প্ৰশংসা কৰিছিল।[26]
Remove ads
উদ্যাপন
মাত্ৰো পিত্ৰো পূজন দিৱস
মাত্ৰো পিত্ৰো পূজন দিৱস (মাত্ৰা পিত্ৰা পূজন দিৱস বুলিও জনা যায়) আশাৰামে আৰম্ভ কৰা এক উৎসৱ। এই দিনটোত সকলো ধৰ্মৰে ল'ৰা-ছোৱালীয়ে পিতৃ-মাতৃক তিলক লগাই পূজা কৰে আৰু আশীৰ্বাদ লয়।[25] দেখা যায় যে ই পৰিয়ালৰ সদস্যৰ মাজত সম্পৰ্কৰ এনাজৰী সুদৃঢ় কৰে আৰু শ্ৰদ্ধা, আনুগত্য, মানৱীয়তা প্ৰভৃতি গুণসমূহ সন্তানে আহৰণ কৰে। সোঁপন্থী দলৰ কৰ্মীসকলে দাবী কৰে যে এই দিৱসৰ উদযাপনৰ দ্বাৰা কিশোৰী গৰ্ভধাৰণ ৰোধ কৰিব পাৰি।[27] মহাৰাষ্ট্ৰ, হাৰিয়ানা, উৰিষ্যা, ছত্তীশগড়, মধ্য প্ৰদেশ আদি ৰাজ্যত আনুষ্ঠানিকভাৱে ভেলেণ্টাইন দিৱসক মাত্ৰো পিত্ৰো পূজন দিৱস হিচাপে পুনৰনামকৰণ কৰা হয়।[28][29][30]
চত্তীশগড়ত ডাইৰক্টৰেট অব পাব্লিক ইনষ্ট্ৰাকচনচৰ অনুসৰি প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত ভেলেণ্টাইন দিৱসৰ সলনি পিতৃ-মাতৃ পূজন দিৱস পালন কৰা হয়।[31] অভিভাৱকসকলক সেই দিনটোত বিদ্যালয়লৈ নিমন্ত্ৰণ জনোৱা হয় আৰু ল'ৰা-ছোৱালীবোৰে আৰতি আৰু মিঠাইৰে তেওঁলোকক পূজা কৰে।[31] বহুসংখ্যক জনসাধাৰণে সাংস্কৃতি প্ৰমূল্য, পাৰিবাৰিক বান্ধোন আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই দিৱসৰ প্ৰতি সন্মতি প্ৰদান কৰে।[32]
আব্বা আম্মি ইবাদত দিৱস
মুছলিম ছাত্ৰ-ছাত্ৰীয়ে তেওঁলোকৰ পিতৃ-মাতৃক 'আব্বা আম্মি ইবাদত দিৱস' পালনেৰে তেওঁলোকৰ মৰম প্ৰকাশ কৰে।[33]
Remove ads
তথ্যউৎস
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads