বশিষ্ঠাশ্ৰম দেৱালয়

From Wikipedia, the free encyclopedia

বশিষ্ঠাশ্ৰম দেৱালয়
Remove ads

বশিষ্ঠাশ্ৰম দেৱালয় অসমগুৱাহাটী মহানগৰৰ দক্ষিণ-পূবৰ সন্ধ্যাচল পাহাৰত অৱস্থিত এক শিৱ মন্দিৰ। এই মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰোৱাইছিল[1] আৰু বহু মাটি দান দিয়ে। কিংবদন্তী মতে এই আশ্ৰম মহৰ্ষি বশিষ্ঠই স্থাপন কৰিছিল। 'গংগা' নামৰ জুৰি বৈ যোৱা এই আশ্ৰম পৰ্যটকৰ বাবে এক অন্যতম আকৰ্ষণৰ কেন্দ্ৰ।

ক্ষিপ্ৰ তথ্য বশিষ্ঠাশ্ৰম দেৱালয়, স্থান ...
Remove ads

ইতিহাস

'কালিকা পুৰাণ'ৰ মতে এবাৰ ব্ৰহ্মাৰ পুত্ৰ বশিষ্ঠ মুনি নিমি ৰজাৰ শাপত দেহহীন হয়। নিৰূপায় হৈ বশিষ্ঠ ব্ৰহ্মাৰ শৰণাপন্ন হোৱাত তেখেতৰ উপদেশ অনুসৰি সন্ধ্যাচল পাহাৰত বিষ্ণুক তপস্যা কৰিবলৈ আৰম্ভ কৰে। তপস্যাত বিষ্ণু সন্তুষ্ট হয় আৰু বশিষ্ঠই সন্ধ্যাম ললিতা আৰু কান্তা- এই ত্ৰিধাৰা প্ৰবাহিত কৰি গংগাক নমাই আনে। ত্ৰিধাৰৰ সংগম স্থলতে গা ধুই আৰু পানী খাই মনিয়ে পূৰ্বৰূপ ঘূৰাই পায়। তেখেতৰ নামৰ পৰাই এই আশ্ৰমৰ নাম বশিষ্ঠাশ্ৰম হয়।[2]

আহোম ৰজা ৰাজেশ্বৰ সিংহই এই স্থানতে ১৭৫১-১৭৬৯ খ্ৰীষ্টাব্দৰ সময়চোৱাত এক শিৱ মন্দিৰ নিৰ্মাণ কৰোৱায় আৰু আশ্ৰমলৈ ৮৩৫ বিঘা মাটি দান দিয়ে।

Remove ads

অৱস্থান

বশিষ্ঠাশ্ৰম গুৱাহাটী মহানগৰৰ পৰা প্ৰায় ১১ কিলোমিটাৰ আঁতৰত অৱস্থিত। বেলতলা-বশিষ্ঠ পথেৰে গড়ভঙ্গা সংৰক্ষিত বনাঞ্চল পাৰ হৈ এই আশ্ৰম পোৱা যায়। আশ্ৰমত পোনতে এটা শিৱ মন্দিৰ আছে আৰু কাষতে এটা গণেশ মন্দিৰ আছে। আশ্ৰমৰ কাষেৰে 'গংগা' নামৰ জুৰি বৈ গৈছে। বশিষ্ঠই তপস্যাস্থল বুলি বিশ্বাস কৰা গুহা এটা আশ্ৰমৰ পাঁচ কিলোমিটাৰমান ভিতৰলৈ আছে।[3]

তথ্যসূত্ৰ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads