বাঁহ
From Wikipedia, the free encyclopedia
Remove ads
বাঁহ গছ (Bambuseae) এবিধ ঘাঁহ জাতীয় বৰ ওখ গছ। বাঁহ গছ পৃথিৱীৰ ভিতৰত খুব কম সময়ত ক্ষীপ্ৰতাৰে বৃদ্ধি হোৱা গছসমূহৰ ভিতৰত অন্যতম।[1] এই গছ দক্ষিণ এছিয়াৰ দেশসমূহত অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰমূল্য উল্লেখনীয়। দক্ষিণ এছিয়া আৰু পূব এছিয়াত ইয়াক গৃহ নিৰ্মান, কাগজ, ঘৰুৱা সামগ্ৰী, খাদ্যৰ উত্স আদি বিভিন্ন প্ৰকাৰৰ কামত ব্যৱহাৰ কৰা হয়। অসমৰ হাবিত ২৬ বিধ বাঁহ প্ৰজাতি পোৱা যায় আৰু ইহঁত গ্ৰেমিনি বা পয়েছি গোত্ৰৰ অন্তৰ্গত। বাঁহ গছ ২৪ ঘণ্টাত ৪৭.৫ ইঞ্চিলৈকে বৃদ্ধি হয়।
Remove ads
প্ৰজাতি
অৰ্থনৈতিক গুৰুত্বসম্পন্ন বাঁহ প্ৰজাতিবোৰৰ ভিতৰত জাতি বাঁহ, ভলুকা বাঁহ, বিজুলী বাঁহ, কাক বাঁহ, দলৌ বাঁহ, বৰবাঁহ, বজালবাঁহ আদি।
বাঁহ গছৰ ব্যৱহাৰ
ব্যৱহাৰিক মূল্যৰ কথালৈ লক্ষ্য কৰি বাঁহ উদ্ভিদক সততে "সেউজীয়া সোণ" বুলি অভিহিত কৰা হয়। বাঁহৰ গাজটোৰ পৰা এছাৰি ডাললৈকে গছজোপাৰ আটাইবোৰ অংশই বহুলভাৱে ব্যৱহাৰ হয়। বাঁহৰ কাঠি-কামীৰে জেউৰা-জপনা, পাচি-খৰাহী, জাপি, টেবুল, চকী, মাছ ধৰা সামগ্ৰী যেনে - জাকৈ, খালৈ, প'ল-জুলুকি আদি তৈয়াৰ কৰা হয়। বাঁহ ঘৰ বনোৱা কামতো ব্যৱহাৰ কৰা হয়। তাঁতশালৰ প্ৰায়বিলাক সামগ্ৰীয়েই বাঁহৰ পৰা তৈয়াৰ কৰা হয়। বাঁহ গছৰ পৰা কাগজ তৈয়াৰ কৰা হয়।
Remove ads
খাদ্য হিচাপে
বাঁহৰ গাজৰপৰা খৰিচা তৈয়াৰ কৰা হয়। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত পোৱা খাদ্যৰ উপযোগী বাঁহসমূহৰ প্ৰজাতিসমূহ এনেধৰণৰ :[2]
তথ্য সংগ্ৰহ
চিত্ৰ সম্ভাৰ
বাহ্যিক সংযোগ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads