বিষ্ণুৰাম মেধি
অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী From Wikipedia, the free encyclopedia
Remove ads
বিষ্ণুৰাম মেধি (ইংৰাজী: Bishnuram Medhi, জন্ম: ১৮৮৮ – মৃত্যু: ১৯৮১) হৈছে অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী। তেওঁ স্বাধীনতা সংগ্ৰামৰ এগৰাকী মুক্তিযোদ্ধা আছিল। ১৯৫৭ চনৰ ২৮ ডিচেম্বৰৰ পৰা ১৯৬৪ চনৰ ৪ এপ্ৰিল লৈকে তেওঁ মাদ্ৰাছ ৰাজ্য (বৰ্তমান তামিলনাডু)ৰ ৰাজ্যপালৰ পদত আছিল।[2]
Remove ads
প্ৰাৰম্ভিক জীৱন
১৮৮৮ চনৰ ২৪ এপ্ৰিলত গুৱাহাটী ওচৰৰ হাজোত এটা দুখীয়া পৰিয়ালত বিষ্ণুৰাম মেধিৰ জন্ম হয়। ১৯০৫ চনত গুৱাহাটী চৰকাৰী উচ্চ ইংৰাজী স্কুলৰ (বৰ্তমান কটন কলেজিয়েত) পৰা মেট্ৰিকুলেচন সম্পূৰ্ণ কৰে।[3] তাৰ পিছত তেওঁ অক্সফ’ৰ্ড মিশ্যন হোষ্টেলত থাকি প্ৰেছিডেন্সী কলেজত নামভৰ্তি কৰে। ১৯১১ চনত তেওঁ ৰসায়নত অনাৰ্চ সহ প্ৰেছিডেন্সীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯১৩ চনত তেওঁ ঢাকা বিশ্ববিদ্যালয়ৰ পৰা ওপৰ খাপৰ দ্বিতীয় শ্ৰেণী সহ ৰসায়ন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[4]
১৯১৪ চনত বিষ্ণুৰাম মেধিয়ে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আইন পৰীক্ষা পাছ কৰে। ১৯১৫ চনত গুৱাহাটীত তেওঁ ওকালতি আৰম্ভ কৰে। ১৯৩১ চনত কলিকতা উচ্চ ন্যায়ালয়ত উকীল হিচাপে নামভৰ্তি কৰে। তেৱেঁই আছিল অসমৰ প্ৰথম শ্ৰেণীৰ এজন উকীল। সেই সময়ত মানুহে তেওঁক বাঘ উকীল আখ্যা দিছিল।[4]
Remove ads
ভাৰতৰ স্বাধীনতা আন্দোলনত ভূমিকা
১৯২০ দশকত বিষ্ণুৰাম মেধিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে। ১৯২১ চনত হোৱা অসহযোগ আন্দোলনত তেওঁ সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ১৯২৬ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পাণ্ডুত অধিৱেশন অনুষ্ঠিত হৈছিল। তাত তেওঁ উপেন্দ্ৰ সেন আৰু কুলধৰ চলিহাৰ সৈতে অৰ্থসচিবৰ পদৰ দায়িত্ব আছিল।[4] ১৯৩০ চনত তেওঁ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।[5]
স্বাধীনতাৰ পাছৰ ৰাজনৈতিক জীৱন

বিভিন্ন পদত
- লোকেলব’ৰ্ডৰ চেয়াৰমেন
১৯৩৮ চনত বিষ্ণুৰাম মেধি গুৱাহাটী লোকেলব’ৰ্ড চেয়াৰমেন পদলৈ নিৰ্বাচিত হয়। তেৱেঁই হৈছে প্ৰথম গুৱাহাটী লোকেলব’ৰ্ডৰ কংগ্ৰেছী চেয়াৰমেন। তেওঁৰ নিৰ্দেশ মতেই লোকেলব’ৰ্ডৰ কাৰ্যালয়ত জাতীয় পতাকা প্ৰথম উত্তোলন কৰা হৈছিল।[4]
- বিত্ত আৰু ৰাজহ মন্ত্ৰী
১৯৪৬ চনত বিষ্ণুৰাম মেধি হাজো বিধান সভা সমষ্টিৰ পৰা অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল। সেইবাৰ তেওঁক গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাত বিত্ত আৰু ৰাজহ মন্ত্ৰীৰ পদত নিযুক্তি দিয়া হয়। ১৯৫০ চনলৈকে তেওঁ সেই পদত কাৰ্য্যনিৰ্বাহ কৰি আছিল। তেওঁ ৰাজহ মন্ত্ৰী হৈ থকা সময়ছোৱাত জনজাতীয় লোকৰ স্বাৰ্থ ৰক্ষাৰ বাবে গঠন কৰা ট্ৰাইবেল বেল্টত যাতে অনুপ্ৰৱেশ ঘটিব নোৱেৰে তাৰ বাবে চোকা দৃষ্টি ৰাখিছিল।[4]
মুখ্যমন্ত্ৰী হিচাপে
১৯৫০ চনৰ ৫ আগষ্টৰ দিনা হঠাৎ গোপীনাথ বৰদলৈৰ মৃত্যু হয়। তাৰ কেইদিনমান পাছতে, ১২ আগষ্টত অসম কংগ্ৰেছ সংসদী দলৰ সৰ্বসন্মতিক্ৰমে তেওঁক অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰা হয়।[6] ১৯৫২ চনত অসমত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। এই নিৰ্বাচনত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে। বিষ্ণুৰাম মেধিৰ নেতৃত্বত কংগ্ৰেছে চৰকাৰ গঠন কৰে। তেওঁ মুখ্যমন্ত্ৰী পদত ভাৰ লোৱাৰ পিছৰ পৰাই তেওঁ বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। বিশেষকৈ প্ৰাকৃতিক দুৰ্যোগ, কলা বজাৰৰ আৱিৰ্ভাৱ, পৰিবহন ব্যৱস্থাৰ শোচনীয় অৱস্থা, পূৰ্ববংগৰ পৰা অহা ভগনীয়াৰ সোঁত, ব্ৰহ্মপুত্ৰৰ দলং, তেল শোধনাগাৰ, সাম্প্ৰদায়িক সংঘৰ্ষ, ১৯৫৫ চনত ৰাজ্য পুনৰ গঠন আদি সমস্যাই গা কৰি উঠিছিল।[4]
ৰাজ্যপাল হিচাপে
মাদ্ৰাজ (বৰ্তমানৰ তামিল নাডু) ৰাজ্যপালৰ পদ লাভ কৰি ডিচেম্বৰত বিষ্ণুৰাম মেধিয়ে ১৯৫৭ চনৰ ২৮ ডিচেম্বৰত অসমৰ নেতৃত্বভাৰ এৰে। ১৯৫৮ চনৰ আঠ জানুৱাৰীত তেওঁ অসমৰ পৰা মাদ্ৰাজলৈ বুলি ৰাওনা হয়। ১৯৫৮ চনৰ ২৪ জানুৱাৰী তাৰিখে সেই সময়ৰ ৰাষ্ট্ৰপতি ডাঃ ৰাজেন্দ্ৰ প্ৰসাদে তেওঁক মাদ্ৰাজৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে। তেৱেঁই হৈছে অসমৰ প্ৰথম গৰাকী ৰাজ্যপাল পদ পাওঁতা।[4]
নেতৃত্বভাৰ লোৱাৰ পিছতে মাদ্ৰাজত হৰিজন আৰু মাৰোৱাৰ সকলৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল। বিষ্ণুৰাম মেধিয়ে সহজতে এই সংঘৰ্ষ দমন কৰি শান্তি প্ৰতিষ্ঠা কৰিছিল।নীলগিৰিৰ দাঁতি কাষৰীয়া ঠাই আৰু কুৰমবাচত তেওঁ শিক্ষাৰ প্ৰসাৰ কৰিবলৈ অশেষ যত্ন কৰিছিল। মাদ্ৰাজত থাকোঁতে বিষ্ণুৰাম মেধিয়ে কেইবাবাৰো কেৰালালৈ গৈ সেই সময়ৰ কেৰালাৰ ৰাজ্যপাল ভাৰতৰ ভাবী ৰাষ্ট্ৰপতি ভি ভি গিৰিক লগ কৰিছিল। মাদ্ৰাজত থকাৰ সময়চোৱাতে তেওঁ ৰাণী দ্বিতীয় এলিজাবেথ আৰু এডিনবাৰ্গৰ ডিউকৰ সৈতে, যুগোশ্লাভিয়াৰ প্ৰেচিডেণ্ট মাৰ্শ্বাল টিটো আৰু তেওঁৰ পত্নীৰ সৈতে, পশ্চিম জাৰ্মানীৰ প্ৰেচিডেণ্ট ডঃ লুবকেৰ সৈতে আৰু গ্ৰীচৰ ৰজা আৰু ৰাণীৰ সৈতে, কাম্বোদিয়াৰ ৰজা আৰু ৰাণীৰে সৈতে আৰু ইৰাণৰ শ্বাহৰ সৈতে – আলোচনাত মিলিত হ’বলৈ সুবিধা পাইছিল।[4]
১৯৬৪ চনৰ ৪ এপ্ৰিলত তেওঁ ৰাজ্যপালৰ পদৰ পৰা অৱসৰ গ্ৰহন কৰে। তাৰ পাছত তেওঁ নিজ ৰাজ্যলৈ ঘূৰি আহে।
অসমৰ ৰাজনীতিলৈ প্ৰত্যাৱৰ্তন
মাদ্ৰাজৰ পৰা উলটি আহি বিষ্ণুৰাম মেধি পুনৰ অসমৰ ৰাজনীতিত প্ৰৱেশ কৰে। ১৯৬৭ চনৰ ফেব্ৰুৱাৰী মাহত হাজো সমষ্টিৰ পৰা অসম বিধান সভালৈ তেওঁ বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়। ১৯৭২ চনৰ ১৫ মাৰ্চলৈকে তেওঁ হাজো সমষ্টিৰ বিধায়ক ৰূপে কাৰ্য্যনিৰ্বাহ কৰে।[4]
Remove ads
ব্যক্তিগত জীৱন
আইন পৰীক্ষা পাছ কৰাৰ পিছত, বিষ্ণুৰাম মেধিয়ে উত্তৰ গুৱাহাটীৰ জীৱন চন্দ্ৰ চৌধুৰীৰ জীয়েক নিৰ্মলা মেধিৰ লগত বিবাহ পাশত আৱদ্ধ হয়। বিয়াৰ সময়ত নিৰ্মলা মেধিৰ বয়স মাত্ৰ এঘাৰ বছৰহে আছিল।[4] তেওঁলোকৰ কোনো সন্তান নাছিল। স্বাধীনতা আন্দোলন, জেল, সামাজিক কাম আৰু কংগ্ৰেছৰ সংগঠনত আত্মনিয়োগ কৰিবলগীয়া হোৱাত তেওঁ প্ৰায়ে পত্নীৰ পৰা আঁতৰত থাকিবলগীয়া হৈছিল।
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন-আধাৰিত তথ্যচিত্ৰ এখন বিষ্ণুৰাম মেধিয়ে গুৱাহাটীৰ 'কেলভিন' ছবিঘৰত মুক্তি দিছিল৷ এইখনেই আছিল বেজবৰুৱাৰ জীৱন-আধাৰিত প্ৰথমখন তথ্যচিত্ৰ৷ [7]
Remove ads
মৃত্যু
১৯৮১ চনৰ ২১ জানুৱাৰীত বিষ্ণুৰাম মেধিৰ মৃত্যু হয়।[8]
তথ্য সংগ্ৰহ
লগতে পঢ়ক
বাহ্যিক সংযোগ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads