বিহু নৃত্য
অসমৰ লোকনৃত্য From Wikipedia, the free encyclopedia
Remove ads
বিহু নৃত্য(ইংৰাজী: bihu dance) হৈছে ভাৰতৰ উত্তৰ-পূৱ দিশৰ অসম ৰাজ্যৰ এক থলুৱা লোকনৃত্য যি ৰাজ্যখনৰ প্ৰধান উৎসৱ বিহু আৰু অসমীয়া সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংশ। পৰম্পৰাগতভাৱে খাটী অসমীয়া ৰঙীন মুগাৰ সাজ পিন্ধি হাত-ভৰিৰ সুকীয়া মুদ্ৰাৰে এই নৃত্য কৰা হয়।
![]() | এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
Remove ads
ইতিহাস
অসমীয়া জাতিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা এই নৃত্যৰ উৎসৰ বিষয়ে সঠিক উমান পোৱা নগ'লেও আহোমসকলৰ পূৰ্বৰে পৰা অসমত বসবাস কৰি অহা চুতীয়া,মৰাণ,দেউৰী, সোণোৱাল, ঠেঙাল আদি জনজাতীয় লোকৰ মাজত বিহু নৃত্যৰ প্ৰচলন আছিল বুলি জনা যায়। প্ৰায় ১৬ শ (খ্ৰীষ্ঠাব্দ) শতিকাত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত ৰংঘৰৰ বাকৰিত বিহু নৃত্যৰ প্ৰচলন হৈছিল বুলি তথ্য পোৱা যায়। অৱশ্যে বহু লেখক, গৱেষকে আকৌ আহোম স্বৰ্গদেউ সকলে বিহুৰ পৃষ্ঠপোষকতা কৰা নাছিল বুলিও মন্তব্য কৰে। এই সন্দৰ্ভত পদ্মেশ্বৰ গগৈৰ ভাষ্য এনেকুৱা, “কোনো বুৰঞ্জীত আহোম ৰজাই ৰংঘৰৰ বাকৰিত বিহু চোৱা কথাৰ উল্লেখ নাই। সাতসৰী অসম বুৰঞ্জীৰ মতে ৰংঘৰৰ ওপৰ মহলাত কোন ক’ত বহিব তাক নিৰ্দিষ্ট কৰা থাকে। সেইমতে ৰজা বহাৰ যিখন ঠাই, তাত যদি এজন মানুহ চকীটো বহে, তেওঁ ৰংঘৰৰ বাকৰিখন তাৰপৰা দেখা নেপায়। দ্বিতীয়তে, যদি ৰজাই তাত বিহু চাইছিল- এজন ৰজাই চাওক বা ধাৰাবাহিক কেইবাজনো ৰজাই চাওক- তেতিয়াহ’লে বিহুক কেন্দ্ৰ কৰি এটা বিষয়বাব সৃষ্টি হ’লহেতেন। কিন্তু তেনে কোনো শ্ৰেণী আমি নেপাও।”[1]
Remove ads
নৃত্য, বাদ্য
বিহু পুৰুষ-মহিলা উভয়ে মিলিত হৈ কৰা এক সামুহিক লোকনৃত্য। পাৰম্পৰিক বিহুগীত আৰু বিভিন্ন লোকবাদ্যৰ সমাহাৰ হোৱা এই নৃত্য প্ৰদৰ্শনত ঢুলীয়াৰ ঢোলৰ চেৱত মুগাৰ মেখেলা চাদৰ পিন্ধি টাকুৰি ঘুৰাদি ঘূৰি ঘূৰি নচা নাচনীসকলকে প্ৰধান আকৰ্ষণৰ কেন্দ্ৰ বুলিব পাৰি। নাচনীসকলৰ নৃত্যমুদ্ৰাও পুৰুষ নৃত্যশিলপী সকলতকৈ বেছি।
বিহুত ব্যৱহৃত কেইটিমান লোকবাদ্য হ'ল:
- ঢোল- বিহুৰ মূল অবনদ্ধ বাদ্য
- ম'হৰ শিঙৰ পেঁপা বা শিঙা- মহৰ শিং আৰু বাঁহেৰে তৈয়াৰী সুষিৰ বাদ্য
- গগনা - পাতল এচটি বাঁহেৰে তৈয়াৰী এবিধ হাৰ্প Jew's Harp জাতীয় ঘনবাদ্য
- বাঁহী - সুষিৰ বাদ্য
- বাঁহৰ টকা - বাঁহেৰ তৈয়াৰী ঘণবাদ্য
- সুতুলি - মাটিৰে তৈয়াৰী সুষিৰ বাদ্য
- বীণ -এডাল তন্ত্ৰীযুক্ত বেহেলাৰ দৰে এবিধ তত বাদ্য
- তাল - কাঁহ, ৰূপ আদি মিশ্ৰিত ধাতুৰে তৈয়াৰী ঘনবাদ্য
- ধুতং বা জেং টকা - বাঁহ-বেতেৰে তৈয়াৰী ঘনবাদ্য ইত্যাদি
Remove ads
প্ৰকাৰ
বৃহত্তৰ অসমৰ জনগোষ্ঠীৰ বিবিধতা অনুযায়ী বিহু নৃত্য বিভিন্ন প্ৰকাৰৰ বুলি কব পাৰি, যেনে 'দেউৰী বিহু', 'মৰান বিহু', 'মিচিং বিহু' আদি।[2] নৃত্যমুদ্ৰাৰ কিছু বৈষম্যক বাদ দি, সাধাৰণতে প্ৰচলিত প্ৰথা অনুযায়ী বসন্তৰ আগমনত ৰঙালী বিহুৰ সময়ত কৰা এই বিভিন্ন প্ৰকাৰৰ বিহু নৃত্য সমূহৰ একেটি উদ্দেশ্য; উলহ মালহেৰে নৱবৰ্ষক আগমন জনোৱা।
আহোমৰ দিনৰে পৰা অবিবাহিত যুৱতীসকলৰ মাজত প্ৰচলিত বিহুক 'জেং বিহু' বুলি জনা যায়। উজনি অসমৰ কিছুমান ঠাইত এতিয়াও এই বিহু প্ৰচলিত। এই প্ৰথা মতে অবিবাহিত যুৱতী সকলে বসন্ত ঋতুত/ৰঙালী বিহুত জাক-পাতি গছৰতলত ধৰিত্ৰীৰ উৰ্বৰতা কামনা কৰি আবেলি সময়ত নৃত্য গীতৰ অনুষ্ঠান কৰে। এই কথাই প্ৰমাণ কৰে এই গোষ্ঠীৰ মহিলা সকলৰ, সেই সময়ত মহিলা হিচাপে স্বাধীনতা কিমান আছিল, যি সময়ত হিন্দু মহিলাৰ ঘৰৰ বাহিৰত নৃত্য গীত কৰাত কঠোৰ বাধা নিষেধ আছিল। এই মহিলা সকলে নৃত্য গীতৰ সময়ত বিভিন্ন বাদ্যযন্ত্ৰ যেনে 'টকা', 'গগনা', 'সুতুলি' আদিও ব্যৱহাৰ কৰে।
চিত্ৰবিথিকা
- বিহু নাচনীৰ চিত্ৰ
- বিহু নৃত্য
- বিহু নৃত্য
- মিচিং বিহু
- দেউৰী বিহু
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads