অসমৰ সাহিত্যিক, সাংবাদিক, বুৰঞ্জীবিদ, গৱেষক আৰু স্বাধীনতা সংগ্ৰামী From Wikipedia, the free encyclopedia
বেণুধৰ শৰ্মা (ইংৰাজী: Benudhar Sharma) সাহিত্য অকাডেমি বঁটা লাভ কৰা দ্বিতীয়গৰাকী অসমীয়া ব্যক্তি।[1] ইয়াৰ উপৰিও তেখেত এজন সাহিত্যিক, প্ৰত্নতত্ত্ববিদ, সাংবাদিক, সমাজ সংস্কাৰক, বুৰঞ্জীবিদ, গৱেষক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী আগশাৰীৰ মুক্তিযোদ্ধা আছিল।[2] ১৯৫৬ চনৰ অসম সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল।[3] তেওঁৰ সাহিত্যত বুৰঞ্জীৰ সমল ভৰি থকাৰ বাবে তেওঁক 'ইতিহাস ৰত্ন', 'বুৰঞ্জীৰ যাদুকৰ' আদি নামেৰেও বহুতে বিভূষিত কৰিছিল। ৰত্নকান্ত বৰকাকতীদেৱে বেণুধৰ শৰ্মাক 'বুৰঞ্জী সূৰ্য' আখ্যা দি সন্মান জনাইছিল। তৰুণ অসমৰ সম্পাদক আৰু প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰিৰ সহকাৰী সম্পাদকৰ দায়িত্ব বহন কৰিছিল।[4]
বেণুধৰ শৰ্মা | |
---|---|
জন্ম | ১৬ নৱেম্বৰ, ১৮৯৪ চাৰিং, শিৱসাগৰ, অসম |
মৃত্যু | ২৬ ফেব্ৰুৱাৰী, ১৯৮১ |
পেচা | সাহিত্যিক, প্ৰত্নতত্ত্ববিদ, সাংবাদিক, সমাজ সংস্কাৰক, মুক্তিযোদ্ধা, গৱেষক, বুৰঞ্জীবিদ |
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰত |
উল্লেখনীয় কৰ্মৰাজি | কংগ্ৰেছৰ কাঁচিয়লি ৰ'দত |
উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমি বঁটা (১৯৬০) পদ্মভূষণ (মৰণোত্তৰ ভাবে) |
বেণুধৰ শৰ্মাই ১৮৯৪ চনৰ ১৫ নৱেম্বৰত অসমৰ শিৱসাগৰ জিলাৰ চাৰিঙত জন্মগ্ৰহণ কৰিছিল। তেখেতৰ পিতৃ স্বৰ্গীয় ডিম্বেশ্বৰ শৰ্মা আৰু মাতৃ স্বৰ্গীয় তুলসী দেৱী[5]।
বেণুধৰ শৰ্মাই শিৱসাগৰৰ চাৰিঙতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে, তাৰ পাছত ১৯১৫ চনত শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰবেশিকা পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীন হয়। উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলিকতালৈ গৈছিল যদিও অসহযোগ আন্দোলনত অংশ গ্ৰহণ কৰাৰ বাবে তেওঁৰ উচ্চ শিক্ষা আধৰুৱা হৈ ৰয়। বেণুধৰ শৰ্মাই কিছুদিনৰ বাবে শিৱসাগৰৰ ফুলেশ্বৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু যোৰহাটৰ বেজবৰুৱা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰি কৰ্ম জীৱনৰ পাতনি মেলিছিল। তেওঁ হাতী মহলাত কাম কৰাৰ পৰা দোকান দিয়ালৈকে বিভিন্ন কাম কৰি তেওঁ জীৱন যুঁজত আগবাঢ়িছিল। ইয়াৰ মাজতে ঘৰফলীয়া কংগ্ৰেছ নামেৰে এটা ৰাজনৈতিক দল খুলি ৰাজনীতিৰো কিছুদিন সোৱাদ লৈছিল। তেওঁ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত দৈনিক বাতৰিৰ সহকাৰী সম্পাদক আৰু ডিব্ৰুগড়ৰ পৰা প্ৰকাশ হোৱা তৰুণ অসমৰো তেওঁ সম্পাদক আছিল।[4]
১৯৮১ চনৰ ২৬ ফেব্ৰুৱাৰীত তেখেতৰ মৃত্যু ঘটে।
Seamless Wikipedia browsing. On steroids.
Every time you click a link to Wikipedia, Wiktionary or Wikiquote in your browser's search results, it will show the modern Wikiwand interface.
Wikiwand extension is a five stars, simple, with minimum permission required to keep your browsing private, safe and transparent.