ব্ৰহ্মপুত্ৰ উপত্যকা
হিমালয় পৰ্বতমালাৰ পূব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজত অৱস্থিত সমভূমি অঞ্চল From Wikipedia, the free encyclopedia
Remove ads
ব্ৰহ্মপুত্ৰ উপত্যকা হিমালয় পৰ্বতমালাৰ পূব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ মাজত অৱস্থিত সমভূমি অঞ্চল। ব্ৰহ্মপুত্ৰ উপত্যকা ব্ৰহ্মপুত্ৰ নদ আৰু ইয়াৰ উপনৈ সমূহেৰে গঠিত। এই উপত্যকা অসম পশ্চিমলৈ গোৱালপাৰা আৰু কামৰূপ অঞ্চল, মধ্য অসমৰ দৰং আৰু নগাঁও অঞ্চল আৰু পূব অসমৰ যোৰহাট, ডিব্ৰুগড় লখিমপুৰ অঞ্চলৰে গঠিত। পশ্চিম বংগৰ উত্তৰ বংগ অঞ্চলত ব্ৰহ্মপুত্ৰ নদ তিস্তা নদীৰ লগত মিলি বাংলাদেশত প্ৰৱেশ কৰে। ব্ৰহ্মপুত্ৰই অসমৰ মাজেৰে বৈ গৈ যমুনা নামেৰে বাংলাদেশত প্ৰৱেশ কৰি গংগাৰ লগ লাগে আৰু হুগলী আৰু পদ্মা নামেৰে দুভাগত বিভক্ত হয়। তাৰ পিছত ই বংগোপসাগৰত পৰেগৈ। ব্ৰহ্মপুত্ৰ আৰু গংগাৰ সঙ্গমস্থলীত বিশ্বৰ বৃহত্তম ব-দ্বীপ সুন্দৰবন অৱস্থিত।বাংলাদেশত ব্ৰহ্মপুত্ৰ উপত্যকাৰ লগত গংগা-মেঘনা-পদ্মা নদীৰ উপত্যকাৰ লগত মিলিছে।

ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাটি পৃথিৱীৰ অন্যতম সাৰুৱা মাটি। বৰ্ষাৰণ্য আৰু মৌচুমী জলবায়ুৰ সংমিশ্ৰণত ইয়াত প্ৰচুৰ পৰিমাণে বৰষুণ হয়।[1] ব্ৰহ্মপুত্ৰ উপত্যকা অসমৰ প্ৰাকৃতিক অঞ্চল সমূহৰ ভিতৰত এখন। অসমৰ আন দুখন প্ৰাকৃতিক অঞ্চল হৈছে বৰাক উপত্যকা আৰু পাৰ্বত্য অঞ্চল।
Remove ads
কিম্বদন্তি
ব্ৰহ্মপুত্ৰৰ উৎপত্তি সম্বন্ধে কালিকাপুৰাণত এটি আখ্যান আছে। অসমৰ পূবফালে মিচিমি পৰ্ব্বতৰ আগাৰিত ব্ৰহ্মকুণ্ড নামে এটা কুণ্ড আছে। ই হিন্দু সকলৰ অতি পবিত্ৰ তীৰ্থ। এই ব্ৰহ্মকুণ্ডতেই পৰশুৰামে পাপৰ পৰা উদ্ধাৰ হয়, অৰ্থাৎ ইয়াতেই তেওঁৰ হাতৰ পৰা কুঠাৰখন খহি পৰাত তেওঁ ইয়াৰ মহিমা দেখি ইয়াৰ পানী আনৰ উপকাৰৰ অৰ্থে তাৰ পাৰটো কাটি দিয়ে। ফলত ইয়াৰ পানী দেশ-দেশান্তৰলৈ যায়। এই দৰেই ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি হয়।
Remove ads
ভূগোল

ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ ২.৪% অসমে অধিকাৰ কৰি আছে। ইয়াৰে ব্ৰহ্মপুত্ৰ উপত্যকা ৭০,৬৩৪ বৰ্গ কিলোমিটাৰ এলেকাৰ ৫,৮০,০০০ বৰ্গ কিলোমিটাৰ এলেকা অসমত অৱস্থিত। ব্ৰহ্মপুত্ৰ নদ পূৰ্বৰ পৰা পশ্চিমে অসমৰ মাজেৰে প্ৰায় ৬৫০ কিলোমিটাৰ দৈৰ্ঘ্যতাৰে প্ৰৱহমান। ইয়াৰ প্ৰধান শাখা তিব্বত মালভূমিত উৎপন্ন হৈ ছাংপো নদী নামেৰে পশ্চিমৰ পৰা পূৱলৈ বৈ আহিছে আৰু তাৰ পিছত দক্ষিণপাকে ঘূৰি দিহাং নদী নামলৈ পূৰ্ব হিমালয়ৰ পৰা অসমৰ প্ৰৱেশ কৰিছে য`ত ই অন্য শাখা সমূহৰ লগত লগ লাগি ব্ৰহ্মপুত্ৰ গঠন কৰিছে। ইয়াৰ দ্ৰাঘিমাংশ ৮৮.২৫ পূৱৰ পৰা ৯৬.০০ পূৱলৈ ব্যাপ্ত আৰু অক্ষাংশ ২৪.৫০ উত্তৰৰ পৰা ২৮.০০ উত্তৰলৈ ব্যাপ্ত।
Remove ads
জলবায়ু
ব্ৰহ্মপুত্ৰ উপত্যকাৰ জলবায়ু ঘাইকৈ গৰম আৰু সেমেকা মৌচুমী জলবায়ু। দাক্ষিণাত্যৰ পশ্চিম উপকূল, দক্ষিণ আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ উপকূল অঞ্চলৰ লগত অসমৰ জলবায়ুৰ মিল আছ। অসমৰ জলবায়ুত জলীয় ভাপৰ মাত্ৰা অধিক। অসমৰ জলবায়ুক (ক) শীত (খ) প্ৰাক মৌচুমী (গ) মৌচুমী আৰু (ঘ) উত্তৰ মৌচুমী এই চাৰিভাগত ভগাব পাৰি। নৱেম্বৰ-জানুৱাৰী: শীত, ফেব্ৰুৱাৰী-এপ্ৰিল: প্ৰাক মৌচুমী, মে'-জুলাই: মৌচুমী, আগষ্ট-অক্টোবৰ: উত্তৰ মৌচুমী। অসমৰ গৰমৰ মাত্ৰা ভাৰতৰ অন্যান্য স্থানতকৈ তুলনামূলকভাৱে কম। বৰষুণ আৰু আৰ্দ্ৰতাৰ পৰিমাণ বেছি হ'ব পাৰে।[2] শীতকালতো জাৰৰ মাত্ৰা তীব্ৰ নহয়।[3]
প্ৰশাসন

প্ৰশাসনিক ফালৰ পৰা ব্ৰহ্মপুত্ৰ উপত্যকাত উত্তৰপাৰ সমভূমি মণ্ডল (NBPZ), উজনি ব্ৰহ্মপুত্ৰ উপত্যকা মণ্ডল (UBVZ), কেন্দ্ৰীয় ব্ৰহ্মপুত্ৰ উপত্যকা মণ্ডল (CBVZ) আৰু নামনি ব্ৰহ্মপুত্ৰ উপত্যকা মণ্ডল (LBVZ) অন্তৰ্ভুক্ত হৈ আছে, যত বৰাক উপত্যকা মণ্ডলত প্ৰধানকৈ তিনিখন জিলা সেয়া হল কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ সমভূমি অঞ্চল অন্তৰ্ভুক্ত হৈ আছে। অসমৰ ৩৩খন জিলাৰ ২৭খন জিলা ব্ৰহ্মপুত্ৰ উপত্যকাত অৱস্থিত।
Remove ads
ব্ৰহ্মপুত্ৰ উপত্যকা আৰু অসম

ব্ৰহ্মপুত্ৰ উপত্যকাৰ সৈতে অসম আৰু অসমীয়াৰ ঘনিষ্ঠ সম্পৰ্ক আছে। অসমীয়া জীৱন আৰু সমাজৰ ওপৰত ব্ৰহ্মপুত্ৰৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী। অতি প্ৰাচীন কালতেই ইয়াৰ পাৰত প্ৰাগজ্যোতিষপুৰ, শোণিতপুৰ, ধুবুৰী আদি নগৰ গঢ়ি উঠিছিল। এতিয়াও গোৱালপাৰা, পলাশবাৰী, গুৱাহাটী,তেজপুৰ, শিলঘাট, বিশ্বনাথ, ডিব্ৰুগড় আদি অসমৰ বহু নগৰ আৰু ব্যৱসায় প্ৰধান ঠাই ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত। প্ৰাচীন কালৰে পৰাই ই অসমৰ এটা প্ৰধান জলপথ। ভাৰত বিভক্ত হোৱাৰ আগলৈকে কলিকতাৰ সৈতে বাণিজ্যৰ কাৰণে অসমৰ প্ৰধান জলপথ আছিল ব্ৰহ্মপুত্ৰ নদী। ব্ৰহ্মপুত্ৰ নদীয়ে প্ৰচুৰ পৰিমাণে মাছ, কাছ, খৰি আদিৰো যোগান ধৰে। আনপিনে ব্ৰহ্মপুত্ৰৰ বুকুতেই ফেৰী নাও চলাই, মানুহ-দুনুহ পাৰ কৰি, বস্তু-বাহনি পাৰ কৰি এচাম মানুহে নিজৰ জীৱিকা চলাই আছে। পৃথিৱীৰ আটাইতকৈ বৃহত্তম আৰু ক্ষুদ্ৰতম নদী দ্বীপ ইয়াতে অৱস্থিত। উমানন্দ আৰু মাজুলী অসমৰ সাংস্কৃতিক মানচিত্ৰৰ সৈতে অংগাগীভাবে জড়িত। এই দৰে ব্ৰহ্মপুত্ৰই অসমৰ শিল্প, বাণিজ্য, উদ্যোগ আদিৰ বিকাশ আৰু অগ্ৰগতিত বিশিষ্ট স্থান অধিকাৰ কৰি আছে।
ব্ৰহ্মপুত্ৰই যিদৰে বাৰিষা খেতি পথাৰত পলস পেলাই মাটি সাৰুৱা কৰি পথাৰত নানা তৰহৰ শস্যৰ পৰিমাণ বৃদ্ধি কৰে আনপিনে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই বছৰি অসমৰ অনেক গাওঁ-ভুই, খেতি-পথাৰ আদি খহাই অসমৰ অৰ্থনীতিৰ বিস্তৰ ক্ষতি সাধন কৰে। ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিসমূহ মৰাপাট আৰু শাক-পাচলিৰ খেতিৰ বাবে বিখ্যাত। লুইতৰ বানপানী অসমৰ এটা প্ৰধান সমস্যা।

Remove ads
তথ্য উৎস
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads