ভীমকান্ত বৰুৱা

ভাৰতীয় লেখক-সাহিত্যিক, ভাষাবিদ, গৱেষক, অধ্যাপক From Wikipedia, the free encyclopedia

ভীমকান্ত বৰুৱা
Remove ads

ভীমকান্ত বৰুৱা (ইংৰাজী: Bhim Kanta Boruah) হৈছে এগৰাকী অসমীয়া ভাৰতীয় লেখক-সাহিত্যিক, ভাষাবিদ, গৱেষক, অধ্যাপক। তেখেত অসমৰ জনগোষ্ঠীয় ভাষা-অধ্যয়নৰ অন্যতম বাটকটীয়া। তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘ভাষা অধ্যয়ন কেন্দ্ৰৰ’ প্ৰতিষ্ঠাপক সঞ্চালক আছিল৷ আৰু তেখেতৰ যত্নতেই কেন্দ্ৰটিয়ে উন্নত এটি পৃষ্ঠভূমি লাভ কৰে৷ তেখেতে টাই ভাষাৰ পাঠ্যক্ৰম উন্নীত কৰাৰ উপৰিও বড়ো ভাষাৰ স্নাতকোত্তৰ পাঠ্যক্ৰম, মিছিং, দেউৰী, কাৰ্বি ভাষাৰ চাৰ্টিফিকেট পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰে৷ কাৰ্বি আংলঙৰ ডিফুত অৱস্থিত ‘চেণ্টাৰ ফৰ্ ষ্টাডিছ ইন কাৰ্বি লেংগুৱেজ’ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেখেতৰ প্ৰধান ভূমিকা আছিল৷ তদুপৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত থাই ভাষাৰ পাঠ্যক্ৰম, চীনা ভাষাৰ পাঠ্যক্ৰম আৰু হিন্দী ভাষাৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ তেখেতৰ যত্নতেই হয়৷ বৰুৱাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথমজন আৰু একমাত্ৰ এমেৰিটাছ প্ৰফেছৰ হিচাপে অৱসৰ গ্ৰহণ কৰে। তেখেত ডিব্ৰুগড বিশ্ববিদ্যালয়ৰ আবাসসমূহৰ দীৰ্ঘকালীন মুখ্‍‍্য অধীক্ষক, গ্ৰন্থাগাৰ আৰু তথ‍্য প্ৰযুক্তি কেন্দ্ৰৰো দীৰ্ঘদিন ধৰি সন্চালকআছিল ।ভাৰতবৰ্ষৰ কেইবাখনো কলেজ, বিশ্ববিদ্যালয় আৰু চৰকাৰী সংস্থাৰ কাম কাজৰ লগত জৰিত । ইংৰাজী, নাগামিজ আৰু অসমীয়া, এই তিনিওটা ভাষাতে তেখেতে সাহিত্য চৰ্চা কৰি আহিছে৷ তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথমজন ডক্টৰেট৷ বিশ্বৰ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ৰক্ষা কৰি তেখেতে বক্তৃতা প্ৰদান কৰিবলৈ গৈছে৷ বেংককৰ Kasetsart Universityৰ সৈতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হৈ বিদ্যায়তনিকভাৱে কাৰ্য কৰিবলৈ তেখেতৰ নেতৃত্বতেই MOU চুক্তি সম্পন্ন হয়৷ তেখেত নাগামিজ ভাষাৰ প্ৰথমখন অভিধান, প্ৰথমখন ব্যাকৰণ আৰু প্ৰথম আদিপাঠৰ প্ৰণেতা৷ [1] অসম সাহিত্য সভাৰ কনকসেন ডেকা আৰু ডo লীলা গগৈৰ সভাপতিত্বৰ কালছোৱাত দুবাৰকৈ কাৰ্যনিবাহ সদস্য হিচাপে সেৱা আগবঢ়োৱা ডo ভীমকান্ত বৰুৱাই ডিব্ৰুগড় অধিবেশনৰ স্মাৰক-গ্ৰন্থ 'অভিলেখ ' সম্পাদনা কৰি সেৱা আগবঢ়ায় । তদুপৰি তেখেত সভাৰ পত্ৰিকাখনৰ এজন নিয়মীয়া লেখক আছিল। ইয়াৰোপৰি সমাজৰ উন্নতি আৰু শান্তি, প্ৰগতিৰ স্বাৰ্থত তেখেতে ‘সম্প্ৰীতি অসম’ নামৰ অৰাজনৈতিক, বেচৰকাৰী সংন্থা এটি প্ৰতিষ্ঠা কৰি ২০১৩ চনৰপৰা সামাজিক কাৰ্যকলাপ কৰি আহিছে৷ এই সংস্থাটোৰপৰা ইতিমধ্যেই কেইবাখনো মূল্যবান গ্ৰন্থ প্ৰকাশ হৈছে৷[2] বৰ্তমানলৈকে তেখেতৰ তত্ত্বাবধানত ৩৬ জন শিক্ষাৰ্থীয়ে ডক্টৰেট ডিগ্ৰী আৰু ৩১ জন শিক্ষাৰ্থীয়ে এম.ফিল ডিগ্ৰী লাভ কৰিছে৷ তেখেত এজন গল্পকাৰ আৰু এজন গীতিকাৰো ৷ তেখেতৰ কেইবাটাওগীত you tubeত উপলব্ধ ।তেখেতৰ বহু গীতত ড০ অঞ্জলি চুতীয়া শইকীয়া আৰু অনাঁতাৰ শিল্পী দিপ্তীৰাণী পেগুৱে কণ্ঠ দিছে৷

ক্ষিপ্ৰ তথ্য জন্ম, ভাষা ...
Remove ads

জন্ম আৰু বংশ পৰিচয়

২৬ মে, ১৯৫১ চনত তেখেতৰ জন্ম হয়। পিতৃৰ নাম ৰূপেশ্বৰ বৰুৱা আৰু মাতৃৰ নাম সোণপাহি বৰুৱা। তেখেতৰ পত্নীৰ নাম নিলীমা বৰুৱা। দুই সন্তানৰ নাম ক্ৰমে পুত্ৰ ঋতুৰাজ বৰুৱা আৰু কন্যা ঋতুপৰ্ণা বৰুৱা।[3]

শিক্ষা

  • তেখেতে শিৱসাগৰৰ ডিমৌ হাইস্কুলৰপৰা ১৯৬৮ চনত হাইস্কুল পৰীক্ষাত উত্তীৰ্ণ হয়।
  • শিৱসাগৰ কলেজৰপৰা ১৯৬৯ চনত প্ৰাক্ বিশ্ববিদ্যালয় পৰীক্ষাত উত্তীৰ্ণ হয়।
  • শিৱসাগৰ কলেজৰপৰাই অসমীয়া বিষয়ত অনাৰ্ছসহ ১৯৭৩ চনত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয়।
  • ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা ১৯৭৬ চনত অসমীয়া বিভাগৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
  • টাই ভাষাত ডিপ্লমা লাভ, ১৯৭৯, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা ৷
  • ১৯৮২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা ‘The Nagamese Language: A Descriptive Analysis’ বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ। [3]
Remove ads

চাকৰি জীৱন

  • ১৯৭৩ চনৰপৰা ১৯৭৪ চনলৈকে ডিমৌ কলেজত শিক্ষকতা৷
  • ১৯৭৯ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপক হিচাপে অংশগ্ৰহণ কৰে৷
  • ১৯৮৭ চনত অসমীয়া বিভাগৰ ৰিডাৰ হিচাপে পৰৱৰ্তী ৮ বছৰৰ বাবে কাৰ্যনিৰ্বাহ কৰে।
  • ১৯৯৫ চনত ডিব্ৰুগড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰফেছৰ হিচাপে যোগদান কৰে
  • ১৯৯৭ চনৰপৰা ২০০০ চনলৈকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰফেছৰ আৰু বিভাগীয় প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰে।
  • ২০০৮ বৰ্ষৰপৰা পৰৱৰ্তী ৯ বছৰৰ বাবে Centre for library and Information Science Studies ৰ ডাইৰেক্টৰ হিচাপ কাৰ্যনিৰ্বাহ কৰে।
  • ২০০৯ বৰ্ষৰপৰা পৰৱৰ্তী ৮ বছৰৰ বাবে Centre for Studies in Languageৰ ডাইৰেক্টৰ হিচাপ কাৰ্যনিৰ্বাহ কৰে।[3]

সাহিত্যৰাজি

  • Nagamiz Kothalaga Niyom, A Primary Grammar on Nagamese, অসম সাহিত্য সভা, ১৯৮৫ (নাগামিজ ভাষাতে লিখা নাগামিজ ভাষাৰ প্ৰথম ব্যাকৰণ)
  • Batsa Path (PoilaBhag) (a Primer in Nagamese with Nagamese nursery rhymes) অসম সাহিত্য সভা, ১৯৮৮ (নাগামিজ ভাষাৰ প্ৰথমখন আদিপাঠ )
  • অসমৰ ভাষা, ১৯৯০, ষ্টুটেণ্ট এম্পৰিয়াম, ডিব্ৰুগড়
  • ওমলা ঘৰ, শিশু উপযোগী গ্ৰন্থ, ১৯৯৩
  • প্ৰাকৃত পাঠ, ১৯৯১ (যুতীয়াভাৱে- ড০ কেশৱানন্দ দেৱগোস্বামী)
  • NAGAMESE: THE LANGUAGE OF NAGANLAND, ১৯৯৩ (মিট্টাল প্ৰকাশন , নতুন দিল্লী )
  • ভাষা সংস্কৃতি অধ্যয়ন, ১৯৯৩, ষ্টুডেণ্ট এম্পৰিয়াম, ডিব্ৰুগড়
  • অসমীয়া ভাষা, ১৯৯৬, বনলতা
  • আহোমসকলৰ পৰম্পৰাগত উৎসৱ অনুষ্ঠান, ১৯৯৮, ষ্টুডেণ্ট এম্পৰিয়াম, ডিব্ৰুগড়
  • ভাষাৰ ইতিবৃত্ত, ২০০২, বনলতা
  • দেশতকৈ মোমাই ডাঙৰ নহয়, (নাটক) ২০০২, সোণ-ৰূপ প্ৰকাশন।
  • অসমীয়া সাহিত্য সংস্কৃতিৰ কিছুকথা, ২০০৫, বনলতা
  • অ আই অসমী, অসমীয়া আধুনিক গীতৰ গ্ৰন্থ, সোণ-ৰূপ প্ৰকাশন
  • নাগামিজ ভাষাৰ গঠন আৰু বিকাশ, ২০০৯, কৌস্তুভ প্ৰকাশন
  • গীতৰ লহৰে লহৰে (গীতৰ গ্ৰন্থ), ২০১০ সোণ-ৰূপ প্ৰকাশন
  • COMPARATIVE TAI VOCABULARY, ২০১৪, ডিব্ৰুগড় বিশ্ববিদ্যালয়
  • Dictionary of Nagamese, ২০১৪, মিট্টাল প্ৰকাশন, নতুন, দিল্লী (নাগামিজ ভাষাৰ প্ৰথম অভিধান)
  • COMPARATIVE VOCABULARY OF ADI AND MISING, ডিব্ৰুগড় বিশ্ববিদ্যালয়
  • কিছুমান টাই শব্দ, ২০১৬, ডিব্ৰুগড় বিশ্ববিদ্যালয়

সম্পাদিত গ্ৰন্থ

  • চাংৰুং ফুকনৰ বুৰঞ্জী, ১৯৯২, ডিব্ৰুগড় বিশ্ববিদ্যালয়
  • অভিলেখ, অসম সাহিত্য সভা, ২০০১, অসম সাহিত্য সভা
  • তুলনামূলক ভাষা অধ্যয়ন, ২০০৬, ডিব্ৰুগড় বিশ্ববিদ্যালয়
  • স’ল’মালা (বড়ো ভাষাৰ নিৰ্বাচিত চুটিগল্পৰ অনুবাদিত সংকলন), ২০০৯
  • ছ্যুকাফা, ২০১১, চাউলুং ছ্যুকাফা প্ৰতিমূৰ্তি উন্মোচন সমিতি আৰু অসম চৰকাৰ
  • মটক বুৰঞ্জী, ২০১৭ , সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক মহিলা পৰিষদ।

সম্পাদিত আলোচনী

  • অসমীয়া বিভাগৰ গৱেষণা পত্ৰিকা, ১৯৯৯[3]
  • পু লান চি, টাই অধ্যয়ন আৰু গৱেষণা প্ৰতিষ্ঠানৰ বাৰ্ষিক গৱেষণা পত্ৰিকা মৰাণহাট, শিৱসাগৰ, ২০০১ (সৰ্বমুঠ ১৮টা সংখ্যাৰ সম্পাদক)
  • মিলনজ্যোতি, প্ৰথম প্ৰকাশ- ২০০৮ (মিলনজ্যোতি সংঘ, ডিব্ৰুগড় )
Remove ads

বঁটা আৰু সন্মান

  • Board of Advisors American Bibliographical Instituteৰ সন্মানীয় সদস্য পদ, ২০০৪.
  • ড০ মহেশ্বৰ নেওগ বঁটা, ৰাধা গোবিন্দ বৰুৱা স্মৃতি ৰক্ষা সমিতি, ২০০০
  • হেমচন্দ্ৰ বৰুৱা সাহিত্য সাধনা বঁটা, ২০১৫,
  • বিশ্ববিদ্যালয় অনুদান আয়োগৰ Emeritus Fellow বঁটা, ২০১৫
  • অসম চৰকাৰৰ সাহিত্যিক পেন্সনাৰ, ২০১৯
  • অসম চৰকাৰৰ ভীমবৰ দেউৰী বঁটা, ২০১৯
  • অসম সাহিত্য সভাৰ দ্বাৰা ‘সাহিত্যাঢাৰ্য সন্মান’ প্ৰদান (৩০ জানুৱাৰি ২০২৫)
Remove ads

অন্যান্য

তেখেতৰ গীতৰ বিষয়ে আনে সম্পাদনা কৰা গ্ৰন্থৰ তথ্য-

  • অ আই অসমী ছিন্নমূল ইত্যাদি (ডঃ ভীমকান্ত বৰুৱাৰ গীত আৰু কবিতাৰ সংকলন ) হিন্দী অনুবাদ- ৰত্নগোপাল গগৈ আৰু সম্পাদনা- মৌচুমী ৰেখা খাউণ্ড
  • উত্তৰ পূৰ্বাঞ্চলৰ ভাষা-সাহিত্য-সংস্কৃতিৰ সমন্বয় সাধক ড° ভীমকান্ত বৰুৱা, সম্পাদক জ্যোতিৰেখা হাজৰিকা,২০১৮

তথ্যসূত্ৰ

লগতে চাওক

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads