ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য
From Wikipedia, the free encyclopedia
Remove ads
ভেঁৰজান-বৰাজান-পদুমনি অভয়াৰণ্য (ইংৰাজী: Bherjan-Borajan-Padumoni Wildlife Sanctuary ) অসমৰ তিনিচুকীয়া জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য৷ ই প্ৰায় ৭.২২ বৰ্গকিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে৷
Remove ads
ভৌগোলিক বিৱৰণ
তিনিচুকীয়া জিলাৰ তিনিটা ব্লক জুৰি এই অভয়াৰণ্যখন বিস্তৃত হৈ আছে৷ এই ব্লক তিনিটা হৈছে- ভেঁৰজান, বৰাজান আৰু পদুমনি৷[1]
জৈৱবৈচিত্ৰ্য
এই অভয়াৰণ্যৰ জৈৱবৈচিত্ৰ্য অতি সমৃদ্ধ৷ বিশেষকৈ এই বনাঞ্চল হলৌ বান্দৰ, লাজুকী বান্দৰ, মলুৱা বান্দৰ তথা টুপীমূৰীয়া বান্দৰ আদিৰ বাবে অতি উত্তম বাসস্থান বুলি ধাৰণা কৰা হয়৷.[2][3][4] অন্যান্য উল্লেখযোগ্য প্ৰাণী তথা চৰাই-চিৰিকটি সমূহ তলত উল্লেখ কৰা হ'ল-
স্তন্যপায়ী প্ৰাণী:
লাজুকী বান্দৰ, অসমীয়া বান্দৰ,গাহৰি নেজীয়া বান্দৰ, সেন্দুৰী বান্দৰ, নাহৰফুটুকী বাঘ, বনৰীয়া গাহৰি ইত্যাদি৷
চৰাই-চিৰিকটি:
প্ৰায় ৮৪ বিধ চৰাইৰ প্ৰজাতি৷ যেনে- মাছোৰোকা, পাকৈঢোৰা, হেটুলুকা,ৰঙামূৰীয়া বাঢ়ৈটোকা, গলমণিকা, ৰাজ ভাটৌ, বনকুকুৰা, শৰালি, কলীমূৰী হাঁহ , জিঞাখাটী, হাইঠা, কুটুম চৰাই,ফেঁচু, ভীমৰাজ, বাৰীসুন্দৰী, ভদৰকলি ইত্যাদি৷
Remove ads
লগতে চাওক
তথ্যসূত্ৰ
বাহ্যিক সংযোগ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads