ভেকুলী বিয়া

From Wikipedia, the free encyclopedia

Remove ads

ভেকুলী বিয়া প্ৰধানতঃ ভাৰত আৰু নেপালত প্ৰচলিত এক লোকাচাৰ। অসমৰ বহু ঠাইত বৰষুণ কামনা কৰি ভেকুলী বিয়া অনুষ্ঠিত কৰা হয়। কৃষিৰ বাবে প্ৰয়োজনীয় পানীৰ বাবে খেতিয়কসকলে প্ৰায়ে প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰিব লগা হয়। কেতিয়াবা খেতিৰ ভৰপকৰ সময়তো বতৰ খৰাং হয় আৰু পথাৰে চিৰাল ফাঁট দিয়ে। এনেকুৱা অনাবৃষ্টিৰ সময়তে মানুহে প্ৰকৃতিক সন্তুষ্ট কৰিবলৈ কিছুমান লোকাচাৰ পালন কৰে। তেনে বিভিন্ন অনুষ্ঠানসমূহৰ ভিতৰত ভেকুলী বিয়া অন্যতম। শালিধানৰ খেতি আৰম্ভ কৰাৰ সময়ত বৰষুণ নহ’লে অসমৰ বিভিন্ন অঞ্চলৰ কৃষক সকলে ‘ভেকুলী বিয়া’ অনুষ্ঠানৰ আয়োজন কৰে। সাধাৰণতে জেঠ-আহাৰ মাহত পালন কৰা এই লোকাচাৰ পালনৰ ফলত বৰষুণ হোৱাটো নিশ্চিত বুলি অসমৰ জনমানসত দৃঢ় ধাৰণা আছে।[1] অসমীয়া বিবাহ উৎসৱৰ পৰাম্পৰাগত ৰীতি-নীতিসমূহৰ পালনেৰে দুটা ভেকুলীৰ বিয়া পাতি ৰাইজে আনন্দ উল্লাস কৰি বৰষুণ কামনা কৰে। প্ৰধানকৈ লোক অভিজ্ঞতাৰ আধাৰত প্ৰতিষ্ঠিত এই লোকাচাৰৰ সৈতে সাদৃশ্যধৰ্মী যাদুও সংযুক্ত হৈ আছে। ভেকুলী বিয়াৰ ফলত ভেকুলীৰ বংশ বৃদ্ধি হ’ব আৰু এনেদৰে বৃদ্ধি পোৱা ভেকুলীবিলাক থাকিবৰ বাবে প্ৰয়োজন হোৱা অধিক পানীৰ অভাৱ পূৰাবলৈ নিশ্চিতভাৱে বৰষুণ হ’ব – এয়া লোক-সমাজৰ দৃঢ় বিশ্বাস। লোক অভিজ্ঞতা আৰু লোকবিশ্বাসৰ আধাৰত গঢ় লৈ উঠা ভেকুলী বিয়া লোকাচাৰে লোক সমাজত নিৰ্মল আনন্দৰ জোৱাৰ তোলে। ভেকুলী বিয়াত নাৰীসকলে পৰিৱেশন কৰা বিয়ানামসমূহ সাধাৰণতে ধেমেলীয়া ধৰণৰ হয়।[1]

Remove ads

নীতি নিয়ম

ভেকুলীৰ বিয়া ৰাজহুৱাভাৱে অনুষ্ঠিত হয়, জ্যোতিষীৰ দ্বাৰা বিয়াৰ বাবে নিদিৰ্ষ্ট দিন ধাৰ্য্য কৰা দেখা যায়। বিয়ালৈ ২/৩ দিন থাকোঁতেই দুটা খহুৱা ভেকুলী ধৰি এজনী কন্যা আৰু এটাক দৰা পাতি দুঘৰ মানুহত থয়। মানুহৰ বিয়াৰ দৰে বিবাহ মণ্ডপ প্ৰস্তুত কৰে। তাৰ পাছত নিদিৰ্ষ্ট কৰি থোৱা দিনটোত যথা নিয়মে পানী তুলি, কইনাক কলৰ দোলাৰে সজা দোলাত লৈ পেঁপা, ঢোল, তাল আদি বজাই গাঁও ফুৰায়। শেষত ভেকুলী কেইটা নদী বা পুখুৰীৰ পানীত এৰি দিয়ে।

Remove ads

লোকবিশ্বাস

ভেকুলী বিয়া লোকাচাৰ জনসমাজৰ সাধাৰণ ধাৰণা আৰু সহজ বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। ভেকুলীয়ে টোৰটোৰালে বৰষুণ দিয়ে – এয়া কৃষিজীৱী লোকৰ সাধাৰণ অভিজ্ঞতা। বিয়া পতাৰ আনন্দত ভেকুলীয়ে টোৰটোৰালে খৰাং বতৰতো বৰষুণ হয় বুলি তেওঁলোকে বিশ্বাস কৰি আহিছে। ভেকুলীবিয়াৰ সৈতে জড়িত হৈ থকা বিশ্বাস অনুসৰি ভেকুলী ইন্দ্ৰ দেৱতাৰ পৰম বন্ধু। ভেকুলী বিয়া পাতিলে ভেকুলীয়ে আনন্দত টোৰটোৰাই ইন্দ্ৰক জাননী দিয়ে, ইন্দ্ৰ ভেকুলীৰ বিয়ালৈ আহে আৰু আনন্দতে একেৰাহে সাদিন ধৰি বৰষুণ দিয়ে। ভেকুলী বিয়াৰ গীতত থকা বৰ্ণনা অনুসৰি ভেকুলীৰ বিয়ালৈ চন্দ্ৰ, সূৰ্য আদি দেৱতাসকলো আহে। ভেকুলী বিয়া উপভোগ কৰি দেৱতাবৃন্দ আনকি মহাদেৱেও পৰম আনন্দ লাভ কৰে।[1] ড. লীলা গগৈদেৱৰ মতে, ইন্দ্ৰ দেৱতাই বৰষুণ দিয়ে সেইবাবে আদিম মনৰ মানুহে ভেকুলী আৰু ইন্দ্ৰ দেৱতাৰ সম্পৰ্ক বিচাৰি পাইছিল। বৰষুণ কামনা কৰি জনোৱা প্ৰাৰ্থনা অথৰ্ব বেদতো পোৱা যায়। [2][3]

ভেকুলীৰ প্ৰাৰ্থনা জনোৱা হয় এনেদৰে-

ভেকুলীৰ বিয়ালৈ
আহে ইন্দ্ৰদেৱে
বতাহ বৰষুণত তিতি
স্বৰ্গৰ অপেচৰী
নামি আহিছে
ভেকুলীৰ বিয়া
শুনি।

আৰু

ভেক ভেক ভেকুলীৰ বিয়া হে
মেঘ দেউতা বৰষুণ দিয়া হে
পথাৰৰ কঠীয়া পথাৰৰ ধান
ভেক ভেক ভেকুলীৰ বিয়া হে

--(এই পদফাঁকি পশ্চিম কাৰ্বি আংলং ৰ তৰাডুবি অঞ্চলত প্ৰচলিত)

ভেকুলীৰ বিয়া হে,

মেঘলৈ জাননী দিয়া হে।

মেঘেও জানিব, ঘিটিংকৈ বাজিব,

ৰাইজক পানী কৰি দিব হে।।

(--এই গীতটি ডিব্ৰুগড় জিলাৰ বৃহত্তৰ ধেমেচী অঞ্চলত প্ৰচলিত)

Remove ads

ভেকুলী বিয়াৰ নাম

ভেকুলী বিয়াৰ নামত ইন্দ্ৰ দেৱতাৰ লগতে চন্দ্ৰ, সূৰ্য, বায়ু, বৰুণ আদি দেৱতাৰ সন্তুষ্টিৰ বাবে প্ৰাৰ্থনা কৰা হয়। এই বিয়া বৰ বিয়াৰ জোৰা নামৰ নিচিনা লঘু আৰু হাস্যদ্দীপক ভাবৰ নামো পৰিবেশন কৰা হয়।

ভেকোলা ভেকুলীৰ বিয়া হে
মেঘে বৰষুণে দিয়া হে
ভেকোলা ভেকুলীৰ বিয়া হে
শিলে বৰষুণে দিয়া হে
ধান বান ভেকোলা
পানী আন ভেকুলী
আজি ভেকুলীৰ বিয়া হে।
ভেকোলাই ভেকুলীক
বিয়া পাতিবলৈ
দোলাতে উঠি যায় হে
প্ৰাৰ্থনা কৰিছো
চৰণত ধৰিছো
বৰুণ দেৱতা সন্তুষ্ট হোৱা হে
শস্য পথাৰ শুকাৱ লাগিছে,
বৰষুণ এচাটি দিয়া হে।
আজি ভেকুলীৰে বিয়া হে
আমাক কেঁচা তামোল দিয়া হে॥

[4]

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads