মণিপুৰী আই গোসাঁনী থান

মন্দিৰ From Wikipedia, the free encyclopedia

মণিপুৰী আই গোসাঁনী থান
Remove ads

মণিপুৰী আই গোসাঁনী থান[1]খন দুটা শাখাত অৱস্থিত। তাৰে প্ৰাচীন শাখাটো,ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ দেওবাৰী বাণ গাঁৱত অৱস্থিত। দ্বিতীয় শাখাটো, ধেমাজি জিলা আৰু লখিমপুৰ জিলাৰ সীমান্তৰ বৰহমথুৰিয়নী গাঁৱত ‍(ঘিলামৰা অঞ্চলৰ সমীপত) অৱস্থিত।

ক্ষিপ্ৰ তথ্য মণিপুৰী আই গোসাঁনী থান মণিপুৰী থান, দেশ ...
Remove ads

ইতিহাস

এই শক্তি পীঠ বৰদলনিৰ দেওবাৰী বাণ গাৱঁত কমতা-ভূঞাসকলৰ দিনত ১৩-১৪ শতিকামানত স্থাপিত হৈছিল।[2]

কিংবদন্তি

স্থানীয় কিংবদন্তি মতে ইয়াত সতীৰ ডিঙিৰ মণিধাৰ পৰিছিল। পিছে ঐতিহাসিক ড° নিত্যানন্দ গগৈৰ মতে, মধ্যযুগত মণিপুৰ অঞ্চলৰ (বৰ্তমান বৰদলনিক কেন্দ্ৰ কৰি ধেমাজি-ঘিলামৰাৰ একাংশ) ৰাইজৰ বাবে এই থানেই অধিষ্ঠাত্ৰী দেৱীপীঠ স্বৰূপা হিচাপে পৰিগণিত হোৱাত মণিপুৰীয়া থান নামেৰে প্ৰসিদ্ধ হয়। [3]

দুটা শাখা

  • বৰদলনি শাখা

এই শক্তি পীঠ প্ৰথমতে, বৰদলনিৰ দেওবাৰী বাণ গাৱঁত কমতা-ভূঞাসকলৰ দিনত ১৩-১৪ শতিকামানত স্থাপিত হৈছিল। বৰ্তমান পুৰুষৰ অৱজ্ঞাৰ বাবে বৰদলনিত থকা পুৰণি থানখনৰ নাম বদলাই ‘পদুমণি থান’ নামেৰে অভিহিত কৰিবলৈ প্ৰয়াস কৰা দেখা গৈছে।

Thumb
লখিমপুৰ জিলাৰ প্ৰান্তৱৰ্তী বৰহমথুৰিয়নী গাঁৱত ‍(ঘিলামৰা অঞ্চলৰ সমীপ)ৰ শাখাটোৰ সন্মুখভাগৰ ফটো

১৯৫১ চন মানত ঘিলামৰাৰ ৰাইজে তাৰ একাংশ একে নামেৰেই ঘিলামৰা অঞ্চলৰ উত্তৰ প্ৰান্তৰ বৰহমথুৰি গাঁৱত এই থানখন স্থাপন কৰে। এই থানত বৰ্তমান কলীয়া শিলৰ দেৱী মূৰ্ত্তি এটা আছে। বছৰটোৰ বেছিভাগ সময়তে স্থানীয় মʼহমৰা দিঘলী, বৰহমথুৰিয়নী, খলিহামাৰী, পেহীয়তী, মইনাপৰা আদি গাঁৱৰ ৰাইজে বিভিন্ন ধৰ্মীয় অনুষ্ঠান পালন কৰি আহিেছ। তাৰ ভিতৰত ভাওনা, দুৰ্গা পূজা আদি। এই থানথনত দুৰ্গা পূজা ডাঙৰকৈ আয়োজন কৰা হয়। ১৯৯৭ চনৰপৰা এই দুৰ্গা পূজা পালনৰ আৰম্ভণি হৈছিল। কলীয়া শিলৰ দেৱী মূৰ্ত্তিকে কেন্দ্ৰ কৰি পূজাখন অনুষ্ঠিত হয়। গতিকে ইয়াত অস্থায়ী প্ৰতিমাৰ ব্যৱহাৰ নহয়। ইয়াৰ কাষতে একেটা চৌহদত এটা শিৱ মন্দিৰো আছে ।

Thumb
ঘিলামৰা অঞ্চলৰ উত্তৰ প্ৰান্তৰ বৰহমথুৰিয়নী গাঁৱৰ মণিপুৰী থানত থকা শিৱ মন্দিৰৰ ফটো

তথ্যসংগ্ৰহ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads