মণিৰাম দেৱান
উনৈশ শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি From Wikipedia, the free encyclopedia
Remove ads
এই প্ৰবন্ধটো স্বাধীনতা সংগ্ৰামীজনৰ বিষয়ে। একে নামৰ ১৯৬৪ চনত মুক্তি লাভ কৰা অসমীয়া চলচ্চিত্ৰখনৰ বাবে মণিৰাম দেৱান (১৯৬৪ চলচ্চিত্ৰ) চাওক।
মণিৰাম দেৱান (ইংৰাজী: Maniram Dewan) উনৈশ শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি আছিল। তেওঁৰ জন্ম হয় ১৮০৬ চনৰ ১৭ এপ্ৰিলত শিৱসাগৰ জিলাৰ চাৰিঙত। তেওঁৰ পিতৃৰ নাম মুক্তিয়াৰ ৰামদত্ত আৰু মাকৰ নাম কৌশল্যা আছিল।
Remove ads
কৰ্মজীৱন
১৮২৮ চনত উজনি অসমৰ পলিটিকেল এজেণ্ট কেপ্টেইন নিউভিলে ইংৰাজৰ অধীনত মণিৰামক ৰেভিনিউ চিৰস্তাদাৰ আৰু তহছিলদাৰ বাব দিয়ে।[2] ১৮৩৩ চনৰ পৰা ১৮৩৭ চনলৈকে ব্ৰিটিছৰ কৰতলীয়া ৰজা পুৰন্দৰ সিংহৰ অধীনত বৰভাণ্ডাৰ বৰুৱা বাব পাইছিল। পুৰন্দৰ সিংহই ৰাজ্য হেৰুৱাৰ পাছত মাহে ৫০ টকাৰ বেতনত এতিয়াৰ (২০১২ চন) শিৱসাগৰ জিলাৰ চেৰেকাপাৰ, কোঁৱৰপুৰ আৰু মেটেকা মৌজাৰ মৌজাদাৰ হয়। ১৮৩৯ চনত মৌজাদাৰৰ কাম ইস্তফা দি ব্ৰিটিছৰ আচাম টি কোম্পানীত দেৱান পদ গ্ৰহণ কৰে। ১৮৪৫ চনত কোম্পানীৰ চাকৰি এৰি এতিয়াৰ (২০১২চন) যোৰহাট জিলাৰ চেনিমৰাত আৰু শিৱসাগৰ জিলাৰ চিংলৌত নিজাকৈ দুখন চাহবাগান আৰম্ভ কৰে। এওঁৱে আছিল প্ৰথম অসমীয়া চাহ খেতিয়ক।
১৮৫২ চনত পুৰন্দৰ সিংহৰ পুত্ৰ চাৰিংৰজা কামেশ্বৰ সিংহৰ মৃত্যু হোৱাত তেখেতৰ নাবালক পুত্ৰ কন্দৰ্পেশ্বৰ সিংহ চাৰিংৰজা হয়। নাবালক ৰজাৰ হৈ মণিৰামে সেই সময়ত চাৰিংৰাজ্য পৰিচালনা কৰিছিল। ১৮৫৭চনৰ শেষৰফালে মণিৰাম দেৱানে চাৰিংৰজা কন্দৰ্পেশ্বৰ সিংহক সমগ্ৰ উজনি অসমৰ ৰজা পাতিবলৈ ব্ৰিটিছক অনুৰোধ কৰাৰ ঊদ্দশ্যে তেতিয়াৰ ব্ৰিটিছ-ভাৰতৰ ৰাজধানী কলিকতালৈ যায়।[3] সেই সময়তে ভাৰতত চলি থকা চিপাহী বিদ্ৰোহৰ কথা জানিব পাৰি ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰিবলৈ সাজু হবৰ বাবে কলিকতাৰ পৰাই কন্দপেৰ্শ্বৰ সিংহলৈ এখন পত্ৰ প্ৰেৰণ কৰে। সেই পত্ৰখন ব্ৰিটিছৰ আৰক্ষী বিষয়া হৰনাথ দাৰোগাৰ হাতত পৰে। হৰনাথে সেইখন শিৱসাগৰ জিলাৰ জিলাধিপতি হলউদক দিয়ে। চিঠিখনৰ দ্বাৰাই মণিৰাম দেৱানে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ পৰিকল্পনা কৰা বুলি সন্দেহ কৰাত তেওঁক তেতিয়াই কলিকতাত বন্দী কৰে আৰু যোৰহাটলৈ আনি বিচাৰ কৰি ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰৰ মাজ-মজিয়াত মুকলিকৈ জনচক্ষুৰ আগত ফাঁচী দিয়ে।
Remove ads
সাহিত্যিক কৰ্মৰাজী
মণিৰাম দেৱানে ফাৰ্চী-বঙালী মিশ্ৰিত অসমীয়া ভাষাত "বুৰঞ্জী বিবেক ৰত্ন" নামৰ এখন পুথি ৰচনা কৰিছিল। কলিকতাৰ “সমাচাৰ দৰ্পণ”ত প্ৰবন্ধ পাতি লিখিছিল। সাধাৰণ মানুহে তেখেতক "কলিতা-ৰজা" নাম দিছিল।
বংশলতা
মণিৰাম দেৱানৰ পিতৃপুৰুষ | |||||||||||||||||||||||
↓ | |||||||||||||||||||||||
ৰাম দত্ত | |||||||||||||||||||||||
↓ | |||||||||||||||||||||||
ৰামদত্তৰ পূৰ্বপুৰুষসকল ক্ৰমশঃ | |||||||||||||||||||||||
বিকো | → | ফেদেলা | → | গোৱৰ্দ্ধন | → | কৰুণা | → | ||||||||||||||||
→ | শেন চাংকাকতি | → | শ্ৰীৰাম চাংকাকতি | → | বৃহস্পতি/বনমালী | → | |||||||||||||||||
→ | কমলাকান্ত | → | গৌৰধ্বজ | ||||||||||||||||||||
মণিৰামৰ পৰিয়াল | |||||||||||||||||||||||
↓ | |||||||||||||||||||||||
১ম পত্নী (তৰাৱতী) | ২য় পত্নী (বৃন্দাৱলী) | ৩য় পত্নী (চম্পাৱতী) | ৪ৰ্থ পত্নী (বিনন্দিনী) | ||||||||||||||||||||
↓ | ↓ | ↓ | ↓ | ||||||||||||||||||||
ফুল | পুত্ৰ বিষ্ণুপ্ৰসাদ | পুত্ৰ তনুৰাম, গোপাল, লম্বিতা ৰাধা - ইত্যাদি৷ | পুত্ৰ যদুৰাম | ||||||||||||||||||||
মৃত্যু
১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট নগৰত তেওঁক ইংৰাজ চৰকাৰে ফাঁচী দি হত্যা কৰে।[4]

তথ্য সংগ্ৰহ
সহায়ক গ্ৰন্থপঞ্জী
বাহ্যিক সংযোগ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads