মনোবিজ্ঞান
মানসিক কাৰ্য্য আৰু আচৰণ সম্পৰ্কীয় অধ্যয়ন From Wikipedia, the free encyclopedia
Remove ads
মনোবিজ্ঞান (ইংৰাজী: Psychology) হৈছে বিজ্ঞানৰ এনে এটা শাখা য'ত মনৰ গঠন, ক্ৰিয়া-কলাপ, আচাৰ-আচৰণ আৰু এইবিলাকৰ ৰহস্যাৱলীৰ বিষয়ে বৈজ্ঞানীক পদ্ধতিৰে অধ্যয়ন কৰা হয়। ইংৰাজী psychology শব্দটো গ্ৰীক ভাষাৰ psyche (আত্মা) আৰু logos (অধ্যয়ন) শব্দ দুটাৰ পৰা আহিছে। সেয়ে psychologyক আত্মাৰ বিজ্ঞান বুলিও ক'ব পৰা যায়। বহু দাৰ্শনিক তত্বৰ আধাৰত এই আলোচনা কৰা হৈছে।
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
Remove ads
ইতিহাস আৰু প্ৰাৰম্ভিক বিকাশ
১৯ শতিকাৰ আগলৈকে মন সম্পৰ্কীয় সকলোবোৰ অধ্যয়ন দৰ্শনৰ অন্তৰ্ভুক্ত আছিল। দাৰ্শনিকসকলে মানসিক আচাৰ-আচৰণ বা ক্ৰিয়া-কলাপ সম্পৰ্কে কেৱল অনুমানহে কৰিছিল। মন সম্পৰ্কে গ্ৰীক দাৰ্শনিক প্লেটোৱে পোনপ্ৰথমে ব্যাখ্যা দাঙি ধৰিছিল। তেওঁক মনক দেহৰ পৰা বিচ্ছিন্ন সত্তা হিচাপে গণ্য কৰিছিল। আধুনিক যুগত স্নায়ুবিজ্ঞান আৰু প্ৰাণীবিজ্ঞানৰ বিকাশৰ লগে লগে মনোবিজ্ঞানৰো নৱ বিকাশ ঘটে আৰু আধুনিক বিজ্ঞানৰ এক অন্যতম শাখা হিচাপে মনোবিজ্ঞানৰ বিকাশ আৰম্ভ হয়। স্নায়ুবিজ্ঞান আৰু প্ৰাণী বিজ্ঞানৰ মাজেতেই যে মনোবিজ্ঞানৰ প্ৰাথমিক ভিত্তি নিহিত হৈ আছে সেই কথা পোহৰলৈ আনে জাৰ্মান শৰীৰ বিজ্ঞানী যোহানছ পিটাৰ মূলাৰে। অৱশ্য মনোবিজ্ঞানক বিজ্ঞান হিচাপে প্ৰতিষ্ঠা কৰিবৰ বাবে আটাইতকৈ গুৰুত্ত্বপূৰ্ণ বৈজ্ঞানিক আৱিষ্কাৰটো কৰিছিল আন এজন জাৰ্মান বিজ্ঞানী হাৰমেন ভন হেল্মল্টজে। ব্ৰিটিছ পদাৰ্থবিজ্ঞানী টমাছ ইয়ঙৰ প্ৰস্তাৱিত ৰং সংক্ৰান্ত নীতিক লৈ গৱেষণা কৰি তেওঁ ইয়ং-হেল্মল্টজ সূত্ৰ প্ৰতিষ্ঠা কৰিছিল। এই সূত্ৰৰ দ্বাৰা তেওঁ প্ৰমাণ কৰিছিল যে তিনিটা বিভিন্ন ৰঙৰ (সেউজীয়া, নীলা আৰু ৰঙা) অনুভূতিৰ সৃষ্টি হয় মানুহৰ চকুৰ ৰেটিনাৰ লগত সংযুক্ত তিনি ধৰণৰ স্নায়ুৰ কৰ্ম-তৎপৰতাৰ ফলত। ইয়াৰ পিছৰে পৰা আধুনিক মনোবিজ্ঞানে এটাৰ পাছত আন এটাকৈ আমাৰ মন সম্পৰ্কীয় ৰহস্য উদঘাটন কৰি ইয়াৰ জয় যাত্ৰা অব্যাহত ৰাখিছ।
Remove ads
মতবাদ
- আচৰণবাদ (Behaviorism)
আচৰণবাদৰ জন্ম হৈছিল কুৰি শতিকাৰ দ্বিতীয় দশকত। আচৰণবাদৰ মুখ্য প্ৰৱক্তা আছিল জন বি.ৱাটচন আৰু বি. এফ. স্কীনাৰ। ইয়াৰোপৰি ৰাছিয়াৰ আইভান পাভলভ, বেখটাৰ্ভ আদি মনোবিজ্ঞানীয়েও আচৰণবাদলৈ বহুতো উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। আচৰণবাদীসকলৰ মতে প্ৰাণীয়ে উদ্দীপকৰ প্ৰতি সহাৰী জনোৱা কাৰ্যই হ'ল আচৰণ। আৰু যি তত্ত্বৰ সহায়ত এই আচৰণৰ অধ্যয়ন আৰু বিশ্লষণ কৰা হয় সিয়েই আচৰণবাদ। আচৰণবাদীসকলে মানুহে কাহ মৰা, হাঁচি মৰা আদি সাধাৰণ শাৰীৰিক কাৰ্যৰ পৰা আৰম্ভ কৰি মানুহৰ উচ্চতম বৌদ্ধিক চিন্তা-চৰ্চালৈকে সকলো কামেই উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত এক প্ৰকাৰৰ সংযোগ স্থাপন হিচাপেহে কৰে বুলি বিশ্বাস কৰে। আচৰণবাদৰ জৰিয়তে ৱাটচনে মনোবিজ্ঞানৰ জগতলৈ এক নতুন জোৱাৰ আনিলে। তেওঁ মানুহ আৰু জন্তুৰ আচৰণক এক জড়বাদী আহিলা হিচাপে মনোবিজ্ঞানৰ জগতলৈ আগবঢ়ালে।
- মনোবিশ্লেষণ বা মনঃসমীক্ষণ
কুৰি শতিকাৰ আৰম্ভণিতেই সমগ্ৰ বিশ্বকেই জোকাৰি যোৱা এটা তত্ত্ব হ'ল মনোবিশ্লেষণ বা মনঃসমীক্ষণ। এই তত্ত্বৰ প্ৰভাৱতেই চিকিৎসাবিজ্ঞানত সংযোজিত হৈছিল এক নতুন শাখা; সেয়া হ'ল চিকিৎসা মনোবিজ্ঞান বা মনোৰোগ বিজ্ঞান। মনোবিজ্ঞানৰ পিতৃ আছিল অষ্ট্ৰীয়াৰ ভিয়েনা চহৰৰ শৰীৰবিজ্ঞানী ডাঃ চিগ্মণ্ড ফ্ৰয়েড। ফ্ৰয়ডৰ উপৰিও মনোবিশ্লেষণৰ জগতলৈ অৱদান আগবঢ়াই যোৱা কেইজনমান জগতবিখ্যাত মনোবিদৰ ভিতৰত কাৰ্ল গুষ্টাভ য়ুং, আলফ্ৰেড এডলাৰ, এৰিক এৰিকছন উল্লেখযোগ্য। এই তত্ত্বই কেৱল মনোবিজ্ঞানৰ জগতেই প্ৰভাৱ কৰি ক্ষান্ত থকা নাছিল, ই মানুহৰ মন, সমাজ, সাহিত্য, জীৱনাদৰ্শৰ ওপৰতো গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিল। মানুহ নামৰ প্ৰাণীতোৰ সম্পৰ্কে এই তত্ত্বই মানুহক নতুনকৈ ভাবিবলৈ বাধ্য কৰিছিল। এই তত্ত্বই আমাক নতুনকৈ শিকালে যে মানুহ অমৃতৰ সন্তান নহয়, আনকি আগৰ দিনৰ পণ্ডিতসকলে ভাবি থকাৰ দৰে মানুহ যুক্তিবাদী প্ৰাণীও নহয়। মানুহক প্ৰকৃততে কিছুমান জৈৱিক প্ৰবৃত্তি আৰু আবেগৰ দ্বাৰাহে পৰিচালিত হয়। আৰু আটাতকৈ ডাঙৰ কথাটো হ'ল মানুহ দূৰ-দূৰণিৰ গ্ৰহ-নক্ষত্ৰ চাব জানিলেও মানুহ কিন্তু নিজৰ বেছিভাগ বিষয়তেই অন্ধ হৈ থাকে। মনোবিশ্লেষণে মানুহৰ মনোজগতৰ বহুতো গোপন ৰহস্য আমাৰ আগত দাঙি ধৰিছিল। মানুহৰ মন সম্পৰ্কে আৱিষ্কৃত এই অপ্ৰিয় কিন্তু সত্য যেন লগা কথাবোৰক সেই সময়ৰ বহুতো লোকে মানি লবলৈ টান পাইছিল যদিও এনেবোৰ কথাই জীৱন সম্পৰ্কে উৎসুক নৱপ্ৰজন্মক উল্লসিতও কৰিছিল। যদিও মনোবিশ্লেষণবাদ প্ৰয়োগিক ক্ষেত্ৰত সফল আৰু সৰ্বগ্ৰহণযোগ্য, তথাপিও ইয়াক বিজ্ঞান বুলি প্ৰমাণ কৰাত বহুতো যৌক্তিক মনোবিশ্লেষণ পৰে। এক কথাত ক'বলৈ গ'লে
মনোবিশ্লেষণ বা ফ্ৰৰেডীয় মনোবিজ্ঞান মানুহৰ অৱচেতন মনৰ এক দাৰ্শনিক অনুমানভিত্তিক অধ্যয়ন। মানসিক ৰোগ নিৰাময়, মনৰ অস্বাভাৱিক ভাব-অনুভূতিৰ বিশ্লষণ, সপোন বিশ্লষণ, নাৰী আৰু শিশু মনৰ বিশ্লষণৰ ক্ষেত্ৰত ফ্ৰয়ডীয় মনোবিশ্লষণ আজিও প্ৰভাবশালী আৰু অপ্ৰতিদ্বন্দ্বী।
Remove ads
মনোবিজ্ঞানৰ বিভিন্ন শাখা
- চিকিৎসা মনোবিজ্ঞান
- শিক্ষা মনোবিজ্ঞান
- কিশোৰ মনোবিজ্ঞান
- সমাজিক মনোবিজ্ঞান
- ঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞান
- প্ৰযুক্তি মনোবিজ্ঞান
- শৰীৰ মনোবিজ্ঞান
- পৰীক্ষামূলক মনোবিজ্ঞান
- শিশু মনোবিজ্ঞান
- অপৰাধী মনোবিজ্ঞান
- অস্বাভাৱিক মনোবিজ্ঞান
- অতি মনোবিজ্ঞান
- বিবৰ্তনমূলক মনোবিজ্ঞান
সহায়ক গ্ৰন্থ
- সংক্ষিপ্ত অসমীয়া বিশ্বকোষ ২য় খণ্ড, ২৯৬ পৃষ্ঠা
তথ্য সংগ্ৰহ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads