মহাভৈৰৱ মন্দিৰ

From Wikipedia, the free encyclopedia

মহাভৈৰৱ মন্দিৰ
Remove ads

তেজপুৰ চহৰৰ উত্তৰ দিশত এটা সৰু টিলাৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। এই মন্দিৰত হিন্দুসকলৰ আৰাধ্য দেৱতা শিৱক নিতৌ পূজা অৰ্চনা কৰা হয়। কথিত আছে যে দ্বাপৰ যুগত শিৱভক্ত বাণাসুৰে এই মন্দিৰ নিৰ্মান কৰিছিল। মন্দিৰৰ ভূমিৰ পৰিমাণ ১৫৯ কঠা ৩ লেচা। মন্দিৰৰ চাৰিওফালে সিঁচৰিত ভগ্ন শিলাখণ্ডসমূহৰ পৰা এইটো অনুধাৱন কৰিব পাৰি যে মূল মন্দিৰক কেন্দ্ৰ কৰি আন সৰু সৰু মন্দিৰ নিৰ্মান কৰা হৈছিল। কথিত আছে যে বাণৰজাৰ জীয়ৰী ঊষাই ইয়াতেই সদায় পূজা অৰ্চনা কৰিছিল। মূল মন্দিৰৰ ভিতৰত এটা বৃহৎ শিৱলিংগ আছে। এই লিংগটো ৰ উচ্চতা প্ৰায় ৩.২ মিটাৰ আৰু প্ৰস্থ প্ৰায় ২.৩ মিটাৰ। মহাভৈৰৱ মন্দিৰৰ এই শিৱলিংগ এছিয়া মহাদেশৰ বৃহত শিৱলিংগ সমূহৰ ভিতৰত লেখত ল’বলগীয়া।

ক্ষিপ্ৰ তথ্য মহাভৈৰৱ মন্দিৰ, ভূ-স্থানাংক ...
Thumb
মহাভৈৰৱ মন্দিৰৰ শিৱলিংগ


Remove ads

বৰ্ণনা

পৌৰাণিক আখ্যান অনুসৰি বাণ ৰজাই ইষ্ট দেৱতা শিৱৰ পূজা-অৰ্চনাৰ বাবে মহাভৈৰৱ মন্দিৰ নিৰ্মাণ কৰাইছিল।

পৰুৱা-মহাভৈৰৱ পথৰ দাঁতিত সৰু টিলা এটিৰ ওপৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। ইয়াৰ ভৌগোলিক অৱস্থান হৈছে উত্তৰে ২৬°অক্ষাংশ আৰু পূৱে ৯২° দ্ৰাঘিমাংশ।

আদিতে এই মন্দিৰ ভাগ শৈল নিৰ্মিত আছিল পিছত আহোম ৰাজত্ব কালত পুণৰ নিৰ্মাণ কৰা হয়। প্ৰচণ্ড ধুমুহাৰ ফলত মন্দিৰৰ তোৰণ ভাগ ভাগি চুৰ-মাৰ হোৱাত তোৰণৰ লগতে মন্দিৰৰ বহু অংশ দ্বিতীয় বাৰলৈ পুনৰ নিৰ্মাণ কৰা হয়।

ইতিহাস মতে তুংখুঙীয়া বংশৰ দ্বাৰা দান দিয়া দেৱোত্তৰ ভূমিত এই মন্দিৰৰ নিৰ্মান কৰোৱা হয়। মন্দিৰৰ পৰিচালনাৰ বাবে তেওঁলোকে ইয়াত পূজাৰী আদিওঁ নিয়োগ কৰিছিল, বৰ্তমান অসম চৰকাৰৰ হস্তক্ষেপত এখন পৰিচালনা সমিতিৰ দ্বাৰা মন্দিৰৰ কাম-কাজ পৰিচালিত হৈ আছে।

কথিত আছে যে এই মন্দিৰত বাণ ৰজাৰ কন্যা ঊষাই দৈনিক পূজা অৰ্চনা কৰিছিল। মন্দিৰৰ মূল নিঙ্গ ভাগৰ দৈঘ্য ৩.৩০ মিটাৰ আৰু ব্যাস ২.৩০ মিটাৰ। মন্দিৰৰত দৈনিক পূজা-অৰ্চনাৰ লগতে বিবাহ, অন্ন-প্ৰসন্ন আদিওঁ সম্পন্ন হয়। প্ৰতি বছৰে মহাশিৱৰাত্ৰী ধুম-ধামৰে অনুষ্ঠিত হৈ আহিছে। ভক্ত প্ৰাণ ৰাইজে মন্দিৰত, ছাগলী,গৰু, পাৰ আদি দান দি মুকলি কৰি দিয়ে।

Remove ads

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads