মহাযান
বৌদ্ধ ধৰ্মৰ শাখা From Wikipedia, the free encyclopedia
Remove ads
মহাযান একাধিক বৌদ্ধ পৰম্পৰা, লেখ, দৰ্শন আৰু কাৰ্যৰ এক বহল গোটক বুজোৱা এক সংজ্ঞা। মহাযানৰ বিকাশ ভাৰতত হৈছিল, খ্ৰীষ্টপূৰ্ব ১০০ৰ পাছত। মহাযান আৰু থেৰবাদ বৌদ্ধ ধৰ্মত অস্তিত্বত থকা দুই মুখ্য পৰম্পৰা।[1] মহাযানে আগৰ বৌদ্ধ শিক্ষাৰ লগতে তলুনামূলকভাৱে নতুন লেখ, যেনে মহাযান সূত্ৰসমূহক মান্যতা প্ৰদান কৰে। এই নতুন লেখসমূহত বোধিসত্ত্ব মাৰ্গ আৰু প্ৰজ্ঞাপাৰমিতা আদিক গুৰুত্ব প্ৰদান কৰা হৈছে।[2] বজ্ৰযান বা মন্ত্ৰ পৰম্পৰা মহাযানৰেই উপ-পৰম্পৰা বুলিব পৰা যায়, য'ত সোণকালে বুদ্ধত্ব লাভ কৰিবলৈ তান্ত্ৰিক পদ্ধতি অৱলম্বন কৰা হয়।[3]


Remove ads
বিশ্বাস
মহাযানে বোধিসত্ত্ব মাৰ্গকো বুজাব পাৰে, য'ত সম্পূৰ্ণৰূপে জাগ্ৰত বুদ্ধ (সম্যক সংবুদ্ধ) হোৱাৰ চেষ্টা কৰা হয়, সকলো সংবেদনশীল জীৱৰ ভালৰ বাবে। সেয়ে মহাযানক বোধিসত্ত্বযানো বোলা হয়।[4][note 1] মহাযানত বোধিসত্ত্ব মাৰ্গেৰে বুদ্ধত্ব লাভ কৰাক সকলোৰে বাবে খোলা জ্ঞান কৰা হয়, আৰু অৰ্হতক অসম্পূৰ্ণ জ্ঞান কৰা হয়।[5] থেৰবাদত নোপোৱা অনেক বুদ্ধই মহাযানত স্থান পায় (যেনে অমিতাভ আৰু বৈৰোচন)।[6] মহাযান বৌদ্ধ দৰ্শনত কেইবাটাও অনন্য তত্ত্বও আগবঢ়োৱা হয়, যেনে মাধ্যমক শূণ্যতা, বিজ্ঞানবাদ তত্ত্ব আৰু বুদ্ধ-প্ৰকৃতি)।
Remove ads
প্ৰসাৰ
যদিও পূৰ্বতে ই এক সৰু আন্দোলন আছিল, সময়ৰ লগে লগে ই ভাৰতীয় বৌদ্ধ ধৰ্মত এক প্ৰভাৱশালী শক্তি হৈ পৰিল।[7] সপ্তম আৰু দ্বাদশ শতিকাৰ নালন্দা আৰু বিক্ৰমশীলাৰ দৰে বৃহৎ শিক্ষাকেন্দ্ৰ মহাযানৰ সৈতে জড়িত।[8] পাছলৈ মহাযান দক্ষিণ এছিয়া, মধ্য এছিয়া, পূব এছিয়া আৰু দক্ষিণ-পূব এছিয়াত বিয়পি পৰিল। ই চীন, মংগোলিয়া, হংকং, কোৰিয়া, জাপান, চিংগাপুৰ, ভিয়েটনাম, নেপাল, মালয়েছিয়া, টাইৱান আৰু ভূটানত এতিয়াও প্ৰভাৱশালী।[9]
বৰ্তমানে মহাযান বৌদ্ধ ধৰ্মৰ আতাইতকৈ জনপ্ৰিয় গোট। ২০১০ৰ এক সমীক্ষাৰ মতে ইয়াৰে ৫৩% পূব এছিয়াই মহাযানত বিশ্বাস ৰাখে, আৰু ৬%ই বজ্ৰযানত। তাৰ বিপৰীতে ৩৬%ই থেৰবাদত বিশ্বাস ৰাখে।
Remove ads
তথ্য সংগ্ৰহ
উৎসসমূহ
বাহ্যিক সংযোগ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads