সোণাই-ৰূপাই অভয়াৰণ্য

From Wikipedia, the free encyclopedia

সোণাই-ৰূপাই অভয়াৰণ্যmap
Remove ads

সোণাই-ৰূপাই অভয়াৰণ্য (ইংৰাজী: Sonai Rupai Wildlife Sanctuary ) অসমশোণিতপুৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। অসমৰ ৰাজ্যিক চৰাই দেওহাঁহৰ ই এক উল্লেখযোগ্য বাসস্থান।[1] জৈৱবৈচিত্ৰ্যৰ লগতে এই অভয়াৰণ্যৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম।

ক্ষিপ্ৰ তথ্য সোণাই-ৰূপাই অভয়াৰণ্য, অৱস্থান ...
Remove ads

ইতিহাস

১৯৯৮ চনত ইয়াক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি দিয়া হয়।

ভৌগিলিক বিৱৰণ

সোণাই-ৰূপাই অভয়াৰণ্যৰ মাটিকালি প্ৰায় ২২০ বৰ্গ কিলোমিটাৰ।[2][3] ই হিমালয়ৰ পাদদেশত অৱস্থিত। তেজপুৰ আৰু গুৱাহাটীৰ পৰা এই অভয়াৰণ্যৰ দূৰত্ব ক্ৰমান্বয়ে ৫২ কিঃমিঃ আৰু ১৯৩ কিঃমিঃ। এই অভয়াৰণ্যৰ ১১০ বৰ্গ কিঃমিঃক নামেৰী ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ছেটেেলাইট ক’ৰ হিচাপে স্বীকৃতি দিয়া হৈছে।[উদ্ধৃতিৰ প্ৰয়োজন]

জৈৱবৈচিত্ৰ্য

  • স্তন্যপায়ী প্ৰাণী:

অসমীয়া বান্দৰ, টুপীমূৰীয়া বান্দৰ, দল-হৰিণা, নাহৰফুটুকী বাঘ, বন-ৰৌ, শিয়াল, শৰপহু, সুগৰী পহু, সেন্দূৰী বান্দৰ, হলৌ বান্দৰ, বাদুলি, মলুৱা বান্দৰ, লাজুকী বান্দৰ, ছাগলী পহু, বনৰীয়া মেকুৰী, হাতী[4]

  • চৰাই-চিৰিকটি:

আমৰ’লীয়া হাঁহ, ইটাগুৰীয়া হাইঠা, উকাহ, কণামুছৰি, বিহুৱতী চৰাই, বুলবুলি, বৰীশেন, ভদৰকলি, ভীমৰাজ, মাছোৰোকা, দেওহাঁহ ইত্যাদি।

  • সৰীসৃপ:

পাইথন, Russell's Viper আদি।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads