সোৱণশিৰি নদী
ভাৰতৰ নদী From Wikipedia, the free encyclopedia
Remove ads
সোৱণশিৰি নদী (ইংৰাজী: Subansiri River) হৈছে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ। ই ভাৰতৰ ৰাজ্য অসম আৰু অৰুণাচল প্ৰদেশ আৰু চীনৰ অধীনত থকা তিব্বতৰ মাজেদি বৈ গৈছে। ইয়াৰ দৈৰ্ঘ্য হৈছে ২৭৫ মাইল (৪৪২ কিঃমিঃ) আৰু অৱবাহিকাৰ কালি ১২,৬০০ বৰ্গ মাইল (৩২,৬৪০ বৰ্গ কিঃমিঃ)।[1] সোৱণশিৰি নদী ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ। ই ব্ৰহ্মপুত্ৰৰ মুঠ জলৰাশিৰ ৭.৯২% যোগান ধৰে।[2]
Remove ads
উৎপত্তি
গতিপথ
সোৱণশিৰি নদী প্ৰথমতে পূব আৰু দক্ষিণ-পূবলৈ বৈ গৈ ভাৰতত প্ৰৱেশ কৰিছে। তাৰ পিছত অসমৰ উপত্যকাত দক্ষিণ দিশে বৈ গৈছে। ই অসমৰ লক্ষীমপুৰ জিলাত ব্ৰহ্মপুত্ৰ নদীৰ লগত লগ লাগিছে।
ইতিহাস
সোৱণশিৰি নদীত এসময়ত সোণ পোৱা গৈছিল বুলি বুৰঞ্জীত উল্লেখ আছে, এই সোণ বুটলিবৰ বাবে সোণোৱালসকলক আহোম ৰজাই নিয়োগ কৰিছিল বুলিও কোৱা হয়। এই সোণৰ খনি থকাৰ বাবেই ইয়াৰ নাম সোৱণশিৰি হয় বুলি বহুতে কব বিচাৰে।
জৈৱ বৈচিত্ৰ্য
সোৱণশিৰিৰ জৈৱ বৈচিত্ৰ্য অসমৰ আন নদীতকৈ যথেষ্ট পৃথক, ইয়াত প্ৰচুৰ পৰিমাণে মাছ-কাছ আছে। শীতকালত বিভিন্ন পৰিভ্ৰমী জলচৰ চৰাইৰে ইয়াৰ চৰ-চাপৰি ভৰি থকা দেখিবলৈ পোৱা যায়। ই নদী শিহুৰ পোৱালি দিয়া মুখ্য ঠাই। ইয়াত শিহুৰ জলকেলি চাবলৈ দূৰৈৰ পৰা পয্যটক অহা দেখিবলৈ পোৱা যায়।
লগতে চাওক
তথ্য সংগ্ৰহ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads