ৰঙানৈ

From Wikipedia, the free encyclopedia

Remove ads

ৰঙানৈ/ৰঙানদী (Ranganoi, Ranganadi) লখিমপুৰৰ জিলাৰ এখন প্ৰধান নদী, সোৱণশিৰিৰ অন্যতম উপনৈ।

দেশভাৰত
প্ৰদেশঅসম
অৱস্থানঅৰুনাচল, লখিমপুৰ (অসম)
দৈঘ্য১৫০ কি.মি.
Remove ads

উৎস

ৰঙানদীৰ উৎস অৰুণাচল প্ৰদেশ। নামনি সোৱণশিৰি আৰু পূৰ্ব কামেং জিলাৰ সীমাৰ নিলম, মাৰটা আৰু টাপু পৰ্বতমালাৰ ২৭°৩১ ৫১.৪৩ উত্তৰ অক্ষাংশ আৰু ৯৩°২৬ ২৬.৪২ পূৰ্ব দ্ৰাঘিমাংশৰ ওচৰত বৰফ গলি ৰঙানৈৰ সৃষ্টি হয়। এই ঠাই সাগৰ পৃষ্ঠৰ পৰা ৩৪৪০ মিটাৰ উচ্চতাত। এই ঠাইৰ পৰা ৰঙানৈ নামি অহাৰ পিছতে ২৭°২৭ ৫৪.৮২ উত্তৰ অক্ষাংশ আৰু ৯৩°৩২৫.৫৯“পূৰ্ব দ্ৰাঘিমাংশৰ ২৮৭৩ মিটাৰ উচ্চতাত আন এখন নদীৰ লগ লাগে। গতিপথত বহু জান-জুৰি পৰাৰ ফলত ৰঙানদীয়ে এটা বিশাল অৱবাহিকাৰ সৃষ্টি কৰে। মুঠ ২৯৪১ বৰ্গ কিলোমিটাৰৰ অৱবাহিকাটোৰ ২২৪১ বৰ্গ কিলোমিটাৰ (৭৬.২ শতাংশ) অৰুণাচল প্ৰদেশৰ অন্তৰ্গত হোৱাৰ বিপৰীতে ৭০০ বৰ্গ কিলোমিটাৰ (২৩.৮ শতাংশ) এলেকা অসমৰ লখিমপুৰ জিলাত বিস্তৃত হৈ আছে। অৱবাহিকাটো সামগ্ৰিকভাবে ২৭” ০১৮৪০উত্তৰ অক্ষাংশৰ পৰা ২৭°৪৫ উত্তৰ অক্ষাংশ আৰু ৯৩°১৫ ০৭৫ পূৰ্ব দ্ৰাঘিমাংশৰ পৰা ৯৪°১ পূৰ্ব দ্ৰাঘিমাংশলৈকে বিস্তৃত হৈ আছে।[1]

Remove ads

গতিপথ

অৰুণাচল প্ৰদেশৰ উৎসস্থলত নিৰকে নামে পৰিচিত নৈখন পূৰ্বমুৱাকৈ বৈ অহাৰ পিছত উত্তৰ-পশ্চিম পাৰ্বত্য অঞ্চলৰ ২৮৭৩ মিটাৰ উচ্চতাৰ পৰা ওলোৱা নিপুং নামৰ নৈখনৰে সংযোগ ঘটে কামবং নামৰ ঠাইত। তাৰ পাছতে দুয়োখন নৈ এখন হৈ পাঁয়ৰ নাম লৈ নামি অহা অৱস্থাত ১২৬৩ মিটাৰ উচ্চতাত নিয়ৰকে নদী পাঁয়ৰৰ সৈতে সংযোগ ঘটি জিৰ’-কিমিন পথৰ কাষেৰে হৈ ইয়াজুলী দিশে বৈ আহে। অৰুণাচল প্ৰদেশৰ পৰ্বতমালাৰ ঘন অৰণ্যৰ মাজেৰে অসম সীমা পৰ্যন্ত প্ৰায় ৯০ কিলোমিটাৰ বৈ অহা পাঁয়ৰ নদীখনে বাটত অসংখ্য জান-জুৰি, নলা, লোৰ (Gully) আদি লগত লৈ এটা বিস্তৃত অৱবাহিকা (বেচিন) সামৰি লয়। ৰঙানৈৰ উজনি খণ্ডত কালে, পক, পিট, পেৰিং আদি উল্লেখযোগ্য নৈ পাঁয়ৰত পৰে। সামগ্ৰিক ভাবে অৰুণাচলত ৰঙানৈখনক পাঁয়ৰ বুলি জনা যায়। নৈখনৰ গতিপথত ৰঙানদী জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰে। ইয়াৰ পিছত পৰা নদীখনে প্ৰায় ৩০ কিলোমিটাৰ বৈ আহি কিমিন পায় আৰু লখিমপুৰৰ জহিং চাহ বাগানৰ ৬ কিলোমিটাৰ উত্তৰত ৰঙানৈ নাম লৈ অসমত প্ৰৱেশ কৰে। কিমিনৰ পৰা প্ৰায় ২০ কিলোমিটাৰ বৈ আহি পহুমৰা ঘাট বা বৰ্তমানৰ ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙানদীৰ দলং পায় | অসমৰ সমতল ভূমি পোৱাৰ পিছতে ৰঙানৈ দক্ষিণ পূৱমুৱাকৈ বয় আৰু ৰঙা সংৰক্ষিত দিজু নৈ আৰু বাওপাৰে জয়হিং (জহিং) নৈক লৈ কৈলামাৰি পাৰ হোৱাৰ পিছতে নৈখন দুটা ভাগত বিভক্ত হৈ দিজু চাপৰিৰ সৃষ্টি কৰে। তাৰ পিছত হাতীলুং-বগলীজান, নভাঙনী, দেউবিল, বৰগঞা, আজাৰগুৰি, ডাম্বুকিয়াল হৈ নৈখনে। পাভ নৈক সোঁপাৰে লৈ খাবলিঘাটৰ পশ্চিমৰ পকনীয়া ঘাটৰ ওচৰত সোৱণশিৰিত (খাবলু) মিলিত হৈছে।[2] প্ৰায় ১৫০ কিলোমিটাৰ গতিপথৰ ৰঙানৈৰ ৬০ কিলোমিটাৰ গতিপথ অসমৰ ভিতৰত। পাহাৰীয়া গতিপথত ঢাল যথেষ্ট হেলনীয়া বাবে অৰুণাচলত নদীখন খৰস্ৰোতা। আনহাতে সমতলত নদীখনৰ ঢাল অতি কম বাবে ইয়াৰ গতি মন্থৰ। ফলত নদীখন স্থিৰ। সেয়ে অন্যান্য নদীৰ তুলনাত ৰঙানদীৰ গতিপথ স্থায়ী।[3]

Remove ads

ভিন্ন নাম

বিভিন্ন গ্ৰন্থ, বিৱৰণ আৰু তথ্যপাতিৰ মাজত ৰঙানৈৰ নাম পোৱা যায়। সেইমৰ্মে ঋকবেদত ‘ৰসনদী' আৰু পাছৰ কালৰ কালিকাপুৰাণত ‘সোমসনা’ বুলি ৰঙানৈকে বুজাইছে বুলি লখিমপুৰ জিলা গেজেটিয়াৰত উল্লেখ আছে। নৈখনৰ উজনিৰ অৰুণাচলৰ গতিপথক পাঁয়ৰ (Panyor) বুলি জনা যায়। অৰুণাচলৰ পৰা বৈ অহা নৈখন লখিমপুৰৰ উত্তৰৰ জহিং (জয়হিং) অঞ্চলৰ ৬ কিলোমিটাৰ উত্তৰে অসমত প্ৰৱেশ কৰাৰ পৰা ৰঙানৈ ৰঙানদী বোলা হয়।[4]

নামটোৰ তাৎপৰ্য

লখিমপুৰ জিলাৰ দুখন উল্লেখযোগ্য সংৰক্ষিত বনাঞ্চল হ’ল কাকৈ আৰু ৰঙা। কাকৈ বনাঞ্চলৰ পশ্চিম সীমা ৰঙানৈ আৰু ৰঙা বনাঞ্চলৰ পূব সীমা ৰঙানৈ। অৰ্থাৎ ৰঙানৈখনেই দুয়োখন বনাঞ্চলক পৃথক কৰিছে। অৰুণাচল পাহাৰৰ পৰা গেদ পৰিবহণৰ ক্ষেত্ৰত ৰঙানৈয়ে ৰঙচুৱা বোকা মাটি কঢ়িয়াই অনাৰ ফলত নৈখনৰ পানী ৰঙচুৱা হোৱাৰ বাবেই নৈখনক ৰঙা নৈ বুলিছিল আৰু কাষৰীয়া পথাৰত পৰা পলস বাবে ৰঙচুৱা হৈ পৰিছিল। জহিঙৰ ওচৰত ৰঙাজান নামৰ বিস্তৃত এলেকাটোও ৰঙানৈৰ প্লাবন ভূমিত পৰা সূত্ৰে নদীখনে ৰঙা পানী বহন কৰা আৰু তাৰ ভিত্তিতে নৈখনক ৰঙা বোলা কথাটোক প্ৰতীয়মান কৰে।[5]

Remove ads

ৰঙানদী জলবিদ্যুৎ প্ৰকল্প

নৈখনৰ উজনিৰ অৰুণাচল প্ৰদেশৰ ইয়াজুলীত নীপকো’ৱে নিৰ্মাণ কৰা জলবিদ্যুৎ প্ৰকল্পটো। উত্তৰ লখিমপুৰ চহৰৰ পৰা দূৰত্ব হৈছে ৯০ কিলোমিটাৰ। ৰঙানদী জলবিদ্যুৎ প্ৰকল্প হ’ল এটা Concrete-Gravity Diversion Dam যিটো জলাধাৰবিহীন (Run of the river) হিচাপে নিৰ্মাণ কৰা হৈছে। ১৯৮৮ চনত প্ৰথম নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ মুঠ উৎপাদন ক্ষমতা ৪০৫ মেগাৱট (৫,৪৩,০০০ অশ্বশক্তি)। এই ৰঙানদী প্ৰকল্পৰ বান্ধৰ উচ্চতা ৬৮ মিটাৰ (২২৩ ফুট) আৰু দৈৰ্ঘ্য ৩৩৯ মিটাৰ (১,১১২ ফুট)। ১৩৫ মেগাৱট (১,৮১,০০০ অশ্বশক্তি) কৈ উৎপাদন কৰিব পৰা মুঠ তিনিটা টাৰবাইনৰ জৰিয়তে এই প্ৰকল্পত ভদ্যুৎ উৎপাদনৰ ব্যৱস্থা কৰা হৈছে। ৰঙানদীৰ য়াজুলি অংশত নিৰ্মাণ কৰা ৬৮ মিটাৰ উচ্চতাৰ বিচ্যুতি (Diversion) বান্ধটোৰ জৰিয়তে ৰঙানদীৰ পানীভাগ ৬.৮ মিটাৰ ব্যাসৰ ১০.১৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা সুৰংগৰ জৰিয়তে বোৱাই নি ডিক্ৰং নৈৰ পাৰত ১৩৫ মেগাৱট শক্তিসম্পন্ন টাৰবাইনৰ সৰিয়তে বিদ্যুৎ উৎপাদনৰ ব্যৱস্থা আছে। ২০০১ চনৰ পৰা বিদ্যুৎ উৎপাদন কৰিব পৰা লক্ষ্য আগত ৰাখি নিপকই এই প্ৰকল্প নিৰ্মাণ আৰম্ভ কৰিছিল যদিও প্ৰকল্পটোৰ ১ নং ইউনিটটোৰ উৎপাদন আৰম্ভ হৈছিল ২০০২ চনৰ ২৬ জানুৱাৰী তাৰিখে। একেদৰে প্ৰকল্পটোৰ ২ নং ইউনিটৰ উৎপাদন ২০০২ চনত ২৯ জানুৱাৰী আৰু ৩ নং ইউনিটৰ উৎপাদন ২০০২ চনৰ ২৭ মাৰ্চৰ পৰা আৰম্ভ হৈছিল।[6] ৰঙানদীৰ পানী নদীবান্ধৰ ফলত ৰঙানদীৰ স্বাভাৱিক জলপ্ৰৱাহ ক্ষতিগ্ৰস্ত হৈছে। বাৰিষা ৰঙানদীৰ অতিৰিক্ত পানী বান্ধে এৰি দিলে অস্বাভাবিক প্লাৱন সৃষ্টি কৰা নদীখন খৰালি স্বাভাৱিক প্ৰক্ৰিয়াৰে ববলৈ নিদিয়াৰ বাবে শুকাই যায়।

Remove ads

ৰঙানদীপৰীয়া গাঁও/ঠাই

ৰঙানদীপৰীয়া গাঁওসমূহৰ তালিকা[7] (বৰ্ণানুক্ৰমিক)

  • অৰণ্যবস্তি
  • আমতলা
  • আমতলা ভেকেলি
  • আজাৰগুৰি
  • আহোমণি
  • আদৰ্শ মিলনপুৰ
  • আমতলা নগৰগাঁও
  • আতিচুক পহুমৰা
  • উজনী খামটি
  • উজনী খামটি বালিগাঁও
  • উজনি পহুমৰা
  • উজনি মিৰিগাঁও
  • কতিপাৰ
  • কদমিয়াল
  • কুমাৰকটা
  • কহুৱাদলনী
  • কঠালপুখুৰী
  • কলবাৰী
  • কাৱৈভুৰুকা
  • কিমিন
  • কোলামন মিৰিগাঁও
  • খনাজান
  • খনাজান আহোম
  • খাৰকাটি বালিগাঁও
  • খাবলি পমুৱা
  • গামচুক
  • গেছেক
  • গেন্ধালি
  • গেৰেণ্টা
  • গোঁসাইখাট
  • গোঁসাইপাম
  • গড়চিগা
  • গোপচাৰ
  • গোব্ৰিশালি
  • গোপালপুৰ
  • চৰাইবৰীয়া চুক
  • চোমনি গাঁও
  • চুতিয়না
  • চিলনীবাৰী
  • চেঙামাৰি
  • চেঙামাৰি ললিতিমৰাং
  • জইনপুৰ
  • জৰিগুৰি
  • জংকাপ
  • জহিং ১৫ নং লাইন
  • টিয়কীয়া
  • তাতীয়ামৰা
  • দেউবিল
  • দৈবিল
  • দিজু
  • দিখৌমুখীয়া
  • দিজু ৰঙাগড়া
  • দেওবিল বান্তৌ
  • দোৱাপাৰ
  • ধেনুধৰীয়া
  • ধেনুধৰীয়া কাঠনি
  • নমাইল
  • ন-ভগনীয়া
  • নাওভঙা
  • নাহৰবাৰী
  • নগৰগাঁও
  • নগাঁও
  • পশ্চিম খাৰকাটি
  • পশ্চিম কৰতিপাৰ
  • পশ্চিম খুন্দু
  • পহুমৰা আহোমণি
  • পোতাবিল
  • পোতাবিল জৰিগুৰি
  • পকনীয়া
  • পহুমৰা
  • পমুৱা খাবলি
  • পূৱ খাৰকাটি
  • পাঁচনৈ
  • পাথৰিচুক
  • বনগাঁও
  • বৰগঞা
  • বৰগঞা খাগৰি
  • বৰবিল বালিগাঁও
  • বগলীজান
  • বালিজান
  • বালিজান সমবায়
  • বামুণদলনী
  • বামুণদলনী খৃষ্টানগাঁও
  • বাহগুৰি
  • বৰবিল
  • বিষ্ণুপুৰ
  • ভেৰেকী
  • ভেৰেকী মাজৰচাপৰি
  • মৰৎপুৰ
  • মলোৱাল শান্তিপুৰ
  • মথৌপূৰ
  • মাজগাঁও
  • মাজৰ চাপৰি
  • ৰন্তিজান
  • ৰামপুৰ
  • লোইগাঁও
  • লেচাই চামনি
  • শিঙৰাগাঁও
  • শান্তিপুৰ
  • শালমৰা
  • শ’লমাৰি
  • হাতীলুং
Remove ads

সহায়ক গ্ৰন্থ আৰু টোকা

Loading related searches...

Wikiwand - on

Seamless Wikipedia browsing. On steroids.

Remove ads