ৰজনীকান্ত বৰদলৈ
'জোনাকী' যুগৰ অসমীয়া সাহিত্যিক From Wikipedia, the free encyclopedia
Remove ads
ৰজনীকান্ত বৰদলৈ (ইংৰাজী: Rajanikanta Bordoloi) (১৮৬৭-১৯৪০) ‘জোনাকী যুগ’ত অসমীয়া সাহিত্য প্ৰতিষ্ঠাৰ বাবে আশাশুধীয়া প্ৰচেষ্টা চলোৱা ব্যক্তি সকলৰ ভিতৰত অন্যতম ব্যক্তি। অসমীয়া উপন্যাসৰ পিতা উপন্যাস-সম্ৰাট ৰজনীকান্ত বৰদলৈৰ হাততে অসমীয়া উপন্যাসে পূৰ্ণ প্ৰতিষ্ঠা লাভ কৰে। অতীতৰ অসমৰ বহুতো গৌৰৱময় আৰু অশ্ৰুসিক্ত লোমহৰ্ষক কাহিনী উপন্যাসৰ মাজেৰে পোহৰলৈ অনা ৰজনীকান্ত বৰদলৈক অসমীয়া সহিত্যত উপন্যাস-সম্ৰাট[1], অসমীয়া উপন্যাসৰ পিতা, অসমীয়া স্কট, অসমৰ বংকিমচন্দ্ৰ আদি নানা আখ্যাৰে সন্মানিত কৰা হৈছে।
Remove ads
জন্ম আৰু বংশ পৰিচয়
ৰজনীকান্ত বৰদলৈৰ জন্ম হয় ১৮৬৭ চনৰ ২৪ নবেম্বৰত[2], গুৱাহাটীৰ (কুকুৰমূতাত) হেদায়েত্পুৰত। তেখেতৰ পিতৃৰ নাম আছিল নৰকান্ত বৰদলৈ আৰু মাতৃৰ নাম স্বৰ্ণময়ী দেৱী। তেখেতসকলৰ পূৰ্বপুৰুষ দিহিঙৰ আৰু তাত তেখেতসকল দিহিঙিয়া বৰদলৈ নামে জনাজাত। বৰদলৈৰ ককাদেউতাকৰ নাম তুৱাৰাম বৰদলৈ। মানৰ আক্ৰমণৰ সময়ত তুৱাৰাম বৰদলৈ নদিয়া-শান্তিপুৰলৈ যায়। পাছত মানৰ আক্ৰমণ কম হোৱাত বজালী অঞ্চললৈ আহি তাতে ঘৰ বাৰী কৰি নিগাজিকৈ থাকিবলৈ লয়। বজালীতে বৰদলৈৰ পিতৃ নৰকান্তৰ জন্ম হয়। নৰকান্তই বজালী ত্যাগ কৰি ক্ৰমে হাজো, উত্তৰ গুৱাহাটী আৰু পাছলৈ গুৱাহাটীতে বসবাস কৰিবলৈ লয়।
Remove ads
শিক্ষা
ৰজনীকান্ত বৰদলৈয়ে উত্তৰ গুৱাহাটীত থকা নিজ মোমায়েকৰ ঘৰত থাকি প্ৰথমিক শিক্ষা আৰম্ভ কৰে। ১৮৮৫ চনত তেখেতে গুৱাহাটী চৰকাৰী হাইস্কুলৰ পৰা এণ্ট্ৰেন্স পৰীক্ষা উত্তীৰ্ণ হয়[2]। এই পৰীক্ষাত তেখেতে কুৰি টকীয়া বৃত্তি লাভ কৰিছিল। ১৮৮৭ চনত তেখেতে কলিকতাৰ মেট্ৰোপলিটান কলেজৰ পৰা পৰা এফ এ পৰীক্ষা পাছ কৰে। ১৮৮৯ চনত তেখেতে বি এ পাছ কৰে।

কৰ্মজীৱন
১৮৯০ চনত বৰদলৈদেৱে গুৱাহাটীৰ উপায়ুক্তৰ কাৰ্যালয়ত কেৰাণী চাকৰীৰে কৰ্মজীৱনৰ পাতনি মেলে[2]। এনে সময়েত এদিন গেইট চাহাবে তেখেতক অসমৰ বিষয়ে কিছু প্ৰশ্ন কৰাত তেখেতে উত্তৰ দিব নোৱাৰাত চাহাব অলপ অসন্তুষ্ট হৈছিল যদিও পাছৈল তেখেতেই বৰদলৈদেৱৰ আন গুণত মুগ্ধ হৈ ১৮৯১ চনত চাব ডেপুটী কালেক্টৰ পদ লাভ কৰাত সহায় কৰি দিছিল। গেইট চাহাবে তেখেতৰ A History of Assam গ্ৰন্থ ৰচনা কৰোঁতে নানা তথ্যৰ সমল ৰজনীকান্ত বৰদলৈয়ে গোটাই দিছিল। বৰদলৈৰ চাকৰী জীৱনত পদোন্নতি হৈ উত্তৰ লক্ষীমপুৰ চাব ডেপুটি কলেক্টৰ আৰু পাছলৈ বৰপেটালৈ বদলি হয়। ১৯০১ চনত তেখেত একষ্ট্ৰা আছিষ্টেণ্ট কমিছনাৰ আৰু ১৯০৯ চনত নগাঁৱৰ উপায়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰে। ১৯১৮ চনত তেখেতে চাকৰীৰ পৰা অৱসৰ লয়।
মৃত্যু
ৰজনীকান্ত বৰদলৈৰ ১৯৪০ চনৰ ২৫ মাৰ্চত গুৱাহাটীত পৰলোক প্ৰাপ্তি হয়।
সাহিত্যিক অৱদান
ৰজনীকান্ত বৰদলৈ আছিল একাধাৰে ঔপন্যাসিক, কবি, প্ৰবন্ধকাৰ, নাট্যকাৰ, হাস্য-ৰসিক। কলিকতাত পঢ়ি থকা সময়তে তেখেত ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ ৰ লগত জড়িত হয়। তেখেতে সেই সময়ত কলিকতাৰ পৰা প্ৰকাশিত ‘জোনাকী’ত ‘শৰীৰ তত্ত্ব’ শীৰ্ষক এলানি প্ৰবন্ধ প্ৰকাশ কৰিছিল। তেখেতে কলেজীয়া জীৱনতে ৱাল্টাৰ স্কট আৰু বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ আৰ্হিত এলানি উপন্যাস ৰচনা কৰাৰ সংকল্প লৈছিল। এই পটভূমিৰে ৰচিত তেখেতৰ বুৰঞ্জীমূলক উপন্যাস হ’ল মনোমতী (১৯০০), দন্দুৱাদ্ৰোহ (১৯০৯), ৰঙ্গিলী (১৯২৫), নিৰ্ম্মল ভকত (১৯২৬), তাম্ৰেশ্বৰীৰ মন্দিৰ (১৯২৬), ৰহদৈ লিগিৰী (১৯৩০), ৰাধা-ৰুক্মিণীৰ ৰণ আদি[2]। ১৮৯৪ চনত মিছিং সমাজৰ পটভূমিত ৰচিত তেখেতৰ প্ৰথম অসমীয়া সামাজিক উপন্যাস হ’ল –‘মিৰি জীয়ৰী’[2]। ‘খাম্বা-থুইবীৰ সাধু’ হ’ল লোক কথাভিত্তিক উপন্যাস।
‘জ্ঞান-সপোন’ (১৮৯৭) আৰু ‘মনোবিজ্ঞান’ তেখেতৰ দুখন মূল্যৱান গ্ৰন্থ। তেখেতৰ গল্পসম্ভাৰ হ’ল – গা-ধন (১৯৩১), প্ৰেমৰ উপাসক (১৯৩২), সৌন্দৰ্যৰ উপাসক (১৯৩২) আদি কবিতা – মানৰ প্ৰতি আক্ৰমণৰ গীত আদি। ‘ভোলাই শৰ্মা’ নামেৰে ৰচনা কৰা তেখেতৰ ধেমেলীয়া ৰচনা সম্ভাৰ হ’ল – মই স্বাধীন নে?, আত্মাবিনোদক থিয়েটাৰ হ'ল, নগৰ সংকীৰ্ত্তন আদি। তেখেতৰ ৰচিত প্ৰবন্ধ সম্ভাৰৰ ভিতৰত হ’ল – অসম চুতীয়া সন্মিলন, মণিপুৰী জাতি, শ্ৰীশ্ৰীভট্টদেৱ, শদিয়া ৰাজ্যৰ পুৰণি তত্ত্ব, দক্ষিণপাট সত্ৰৰ নৰদেৱ সত্ৰাধিকাৰ, দেৱাদামোদৰ আৰু হিন্দু ধৰ্ম, অসমত উপন্যাসৰ সঁজুলি, আত্মজীৱন চৰিত, মোৰ জীৱনৰ অভিজ্ঞতা, মোৰ সাহিত্যিক জীৱনৰ অতীত কাহিনী, মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱ আদি। তেখেতৰ এই প্ৰবন্ধসমূহ আসাম হিতৈষী, আৱাহন, বাঁহী, মিলন, জোনাকী, ঊষা আদি আলোচনীত প্ৰকাশ হৈছিল। তেখেতে ‘অসম প্ৰদীপিকা’ (১৯২৫) নামে এখন আলোচনী সম্পাদনা কৰিছিল। তেখেতে ১৯২৫ চনৰ ২৭ ডিচেম্বৰত নগাঁৱত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অষ্টম অধিৱেশনত সভাপতিত্ব কৰিছিল[3][2]।
Remove ads
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
Wikiwand - on
Seamless Wikipedia browsing. On steroids.
Remove ads